কামাখ্যাৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ত শিক্ষক-অভিভাৱক সম্মিলন ।Kamakhya Ram Barooah Girls College

২৮ এপ্ৰিল,২০২৫ঃ Kamakhya Ram Barooah Girls College । ফটাশিলস্থিত কামাখ্যৰাম বৰুৱা ছোৱালী মহাবিদ্যালয়ত শিক্ষক-অভিভাবক সম্মিলন অনুষ্ঠিত হৈ যায়। ড° সোণালী বৰা চহৰীয়াই আঁত ধৰা সভাখনত তেখেতে মহাবিদ্যালয়ত নতুনকৈ প্ৰৱৰ্তন কৰা BBA পাঠ্যক্রমৰ বিষয়ে সকলোকে অৱগত কৰাৰ লগতে চতুৰ্থ ছেমিষ্টাৰৰ ছাত্রীসকলৰ অভিভাৱকসকলৰ সন্মুখত ইণ্টাৰ্ণশ্বিপৰ বিষয়ে মূলমূলকৈ এটি আভাস দাঙি ধৰে।

মহাবিদ্যালয়ৰ অধ্যক্ষা ড’ চন্দ্রমা গোস্বামীয়ে তেখেতৰ বক্তব্যত মহাবিদ্যালয় এখনৰ সর্বাংগীন উন্নতিৰ কাৰণে কিদৰে শিক্ষক-শিক্ষয়িত্রী, শিক্ষার্থীৰ সমন্বিতে অভিভাৱকৰ সহযোগিতাৰ প্রয়োজন সেই বিষয়ে অলোকপাত কৰে।লগতে মহাবিদ্যালয়ত উপলব্ধ বিভিন্ন সুবিধাসমূহৰ বিষয়ে তেখেতে অভিভাৱক সকলৰ আগত দাঙি ধৰে। মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° আৰিফা চুলতানাই শিক্ষার্থীসকলৰ শৈক্ষিক দিশৰ বিভিন্ন বিষয়ত আলোকপাত কৰে। অভিভাৱকসকলৰ মাজৰ পৰা বিভিন্নজনে মহাবিদ্যালয় সন্দর্ভত তেখেতসকলৰ বক্তব্য আগবঢ়ায়।

উক্ত সভাতে ড’ জোনালী চৌধুৰী বৰাই শিক্ষার্থীসকলৰ সুবিধার্থে তথা অভিভাৱকসকলৰ জ্ঞাতার্থে মহাবিদ্যালয়ে শিক্ষার্থীৰ সংস্থাপনৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা পালন কৰি আছে সেই বিষয়ে উল্লেখ কৰে। উক্ত সভাত অধ্যাপক দিৱস চক্রৱতীয়ে তেখেতৰ ভাষণত অভিভাৱকসকলৰ গুৰুত্বপূর্ণ দায়িত্বৰ বিষয়েও অৱগত কৰে। অফিচৰ কনিষ্ঠ সহায়ক হিমাংশু শর্মাই শিক্ষার্থীসকলক নামভৰ্তি আদিৰ ক্ষেত্ৰত ল’বলগীয়া পদক্ষেপসমূহৰ বিষয়ে সুন্দৰভাৱে অৱগত কৰে। এনচিচিত অংশগ্রহণে ছাত্রীসকলক সর্বাংগীন বিকাশত কেনেদৰে সহায় কৰে সেই বিষয়ে আলোকপাত কৰে লেফনেন্ট মল্লিকা পেগুরে। শেষত মহাবিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্রী, কৰ্মচাৰীবৃন্দ, ছাত্ৰীসকল আৰু অভিভাৱসকলৰ সক্রিয় সহযোগিতাই সাফল্যমণ্ডিত কৰি তোলা এই শিক্ষক-অভিভাৱক সম্মিলনখনত শলাগৰ শৰাই আগবঢ়ায় ড° নৱনীতা বৰুৱাই।

Related Articles