ভাৰতীয় দলিত সাহিত্য (Teachers Day) একাডেমীৰ অসম ৰাজ্যিক সমিতিৰ উদ্যোগত অহা ৫ ছেপ্টেম্বৰ তাৰিখ শুক্রবাৰে গুৱাহাটীৰ আমবাৰীস্থিত প্রেছ ক্লাৱত দিনৰ ১১ বজাৰ পৰা ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম জয়ন্তীত ৬৪ সংখ্যক “শিক্ষক দিৱস” উদযাপনৰ আয়োজন কৰা হৈছে । শিক্ষক দিৱসৰ লগত সংগতি ৰাখি অসমৰ কেইবাগৰাকীও নমস্য শিক্ষক-শিক্ষয়ত্রীক সম্বর্ধনা জনাবলৈ প্রয়াস কৰাৰ লগতে বঁটা প্রদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে ভাৰতীয় দলিত সাহিত্য একাডেমীৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি অশ্বিনী কুমাৰ নাথ, উপসভাপতি শংকুসিদ্ধ নাথ আৰু সম্পাদক ৰঞ্জন বড়োৱে জানিবলৈ দিছে।

সেইমতে কার্য্যক্রমণিকা অনুসৰি পুৱা ১১ বজাত বন্তি প্রজ্বলন কৰিব ভাঃ দঃ সাহিত্য একাডেমী অসম ৰাজ্যিক সমিতিৰ সদস্য জন্মেজয়ী দাসে। ১১.১০ বজাত ড° সর্বপল্লী ৰাধাকৃষ্ণণদেৱৰ প্রতিকৃতিত মাল্যার্পণ কৰিব ভাঃ দঃ সাহিত্য একাডেমী অসম ৰাজ্যিক সমিতিৰ সম্পাদক ৰঞ্জন বড়োৱে। ইয়াৰ পিছতে ১১.২০ বজাত ভাঃ দঃ সাহিত্য একাডেমী অসম ৰাজ্যিক সমিতিৰ উপদেষ্টা অজিত কুমাৰ দাসৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগা সভাখনত অসম চৰকাৰৰ পৰ্য্যটন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, দৈনিক অসম কাকতৰ সম্পাদক দিলীপ চন্দন, আকাশবাণী গুৱাহাটী কেন্দ্রৰ কাৰ্যকৰ্তা ঋতুপর্ন দাস, গণ সংবাদৰ ষ্টাফ ৰিপ’ৰ্টাৰ খগেন ভূঞা, ভাঃ দঃ সাহিত্য একাডেমী অসম ৰাজ্যিক সমিতিৰ উপদেষ্টা হেমচন্দ্র কলিতা, নগাঁওৰ কৃতী শিক্ষক ভৈৰৱ মহন্ত, ধুবুৰীৰ ৰাজ্যিক কৃতী শিক্ষক ২০২১ বঁটা প্রাপক জয়াৰাণী ৰায় আৰু অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দুলাল নাথে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
ভাৰতীয় দলিত সাহিত্য একাডেমীৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি অশ্বিনী কুমাৰ নাথে আদৰণী ভাষণ আগবঢ়াব লগা সভাখনত তামুলপুৰৰ ৰাষ্ট্ৰীয় বঁটা প্রাপ্তক কৃতী শিক্ষক বিনন্দ স্বর্গীয়াৰীক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে সৰুপেটাৰ ড০ নমিতা দাস গুৰুঙ, ডিব্ৰুগড়ৰ আনন্দ কলিতা, বজালীৰ দীপক ৰয়, ধুবুৰীৰ সোনালী গুহৰায়, বাক্সাৰ ৰণজিৎ কুমাৰ দাস, শোণিতপুৰৰ ভূৱন ছেত্ৰী, খনামুখৰ অনিল গৌতম, বাঁহবেৰাৰ দীপচান্দ সৎনামী প্ৰমুখ্যে সমগ্ৰ অসমৰ পৰা প্ৰায় ৩০ গৰাকী নিৰ্বাচিত কৃতী শিক্ষকক বঁটা প্ৰদান কৰা হ’ব। সেয়েহে, উক্ত দিৱসৰ সমূহ কার্য্যসূচীতে সাহিত্যপ্ৰমী ৰাইজৰ সহায়-সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজক তথা ভাৰতীয় দলিত সাহিত্য একাডেমীৰ অসম ৰাজ্যিক সমিতিয়ে।।

