Breaking

মানৱতাবাদৰ এক সুন্দৰ প্ৰতিচ্ছবি; বানত সৰ্বস্বান্ত হোৱা দুৰ্দশাগ্ৰস্তৰ ওচৰত চেঙেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোট ; সাহস- সান্ত্বনা -প্ৰেৰণাদান…

0 62

বানত সৰ্বস্বান্ত হৈ জীৱনৰ দিকবিদিক হেৰুৱাই পেলোৱা দুৰ্দশাগ্ৰস্তৰ ওচৰত থিয় দি কিছু হ’লেও সহায়ৰ হাত আগবঢ়ায় এক সুন্দৰ মানৱতাবাদী সেৱাৰ প্ৰতিচ্ছবি দাঙি ধৰিলে দৰঙৰ চেঙেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটে। উল্লেখ্য যে যোৱা ২৮ আগষ্টৰ নিশা ছিপাঝাৰৰ পশ্চিমৰ জনসেৱাত ননৈ নদীৰ মথাউৰি ছিগি এটা বৃহত্তৰ অঞ্চলক প্লাৱিত কৰাই নহয় এই বানত বহু পৰিয়ালে ঘৰ বস্তি, সম্পত্তি হেৰুৱাব লগা হৈছিল।ইয়াৰ ভিতৰত ধৰ্মেশ্বৰ হাজৰিকা নামৰ এগৰাকী অতিকৈ বুভুক্ষু দৰিদ্ৰ পৰিয়ালে তেওঁলোকৰ আপোন তথা খেৰ কুটাৰে বহু কষ্ট কৰি সাজি লোৱা মৰমৰ ঘৰখন চকুৰ আগতে বানত উটি গৈছিল।নিজৰ সপোনৰ ঘৰখন নিমিষতে নিশ্চিহ্ন হৈ যোৱাত পৰিয়ালটোৱে সেইসময়ত দিকবিদিক হেৰুৱাই পেলাইছিল।

ইয়াৰ পাছত পৰিয়ালটোৰ বাবে ননৈ নদীৰ মথাউৰিয়েই হৈ পৰিছিল দুখ- সুখ,দিন ৰাতিৰ লগৰী। সম্প্ৰতি বানৰ পানী শুকাবলৈ ধৰিছে যদিও ধৰ্মেশ্বৰ হাজৰিকাৰ ঘৰখনৰ ওপৰেৰে পানীৰ সোঁত বৈয়ে আছে।ট্ৰেক্টৰত বেলচা মাৰি মাটি কাটি পৰিয়াল পোহপাল দি অহা ধৰ্মেশ্বৰ হাজৰিকাই সাজিলোৱা সপোনৰ ঘৰ বস্তি, সম্পত্তি হেৰুৱাৰ পিছত তিনি সন্তানৰ সৈতে পাঁচ পৰিয়ালৰ জীৱন নিৰ্বাহত মহা সংকটত পৰিছে।এনে সময়ত বহুজনে জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা দিছে। চেঙেলীয়াঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটেও বানত দিশহাৰা সকলৰ ওচৰত থিয় দি সাহস আৰু প্ৰেৰণা যোগাইছে। সৰ্বস্বান্ত ধৰ্মেশ্বৰ হাজৰিকাই মথাউৰিত আশ্ৰয় লোৱা ঠাইলৈ গৈ শিক্ষক শিক্ষয়িত্ৰী সকলে সাহস, সান্ত্বনা আৰু প্ৰেৰণা যোগাইছে।কিছু হ’লেও সহায়ৰ হাত আগবঢ়ায় এক সুন্দৰ মানৱতাবাদী সেৱাৰ নিদৰ্শন দাঙি ধৰিছে। দুৰ্যোগত মহাবিপদত পৰা সকলৰ ওচৰত থিয় দি এষাৰ সান্ত্বনা সূচক মাত দি অভয়দান কৰাৰ দৰে মানৱীয় সেৱা কাম সঁচাই অনন্য । সকলোৱে বিদ্যালয় খনৰ শিক্ষক গোটৰ মানৱীয় সেৱা কামত উচ্চ প্ৰশংসা কৰিছে।

Leave A Reply