আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি কৰৈয়নি বনুৱা বস্তি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰভাত ফেৰী শীৰ্ষক বৰ্ণিল শোভাযাত্ৰা ।
খুমটাই সমষ্টিৰ পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ ভান্তৰ্গত কৰৈয়নি বনুৱা বস্তি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে “ঘৰ ঘৰ ত্ৰিৰংগা“ শীৰ্ষক এক সজাগতা মূলক কাৰ্যসূচী ৰূপায়ন কৰে ৷ স্বাধীনতাৰ ৭৫ বছৰ গঢ়কাত আজাদী কি অমৃত মহোত্সবৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ কৰ্তৃপক্ষই আজি পুৱা আৰম্ভ কৰে এই বৰ্ণিল শোভা যাত্ৰা।
শোভা যাত্ৰাত ছাত্ৰ -ছাত্ৰী সকলে বন্দে মাতৰম ” ভাৰত মাতা কি জয় আদি শ্লোগানৰে আকাশ বতাহ মুখৰিত কৰি তোলে । বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল বৰাই আত ধৰা এই বৰ্ণিল শোভাযাত্ৰাত বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ, অভিভাৱকৰ লগতে বিদ্যালয় খনৰ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
উক্ত অনুষ্ঠানৰ জৰিয়তে দেশখনৰ প্ৰতি,জাতীয় পতাকাখনৰ প্ৰতি গৌৰৱ অথবা সন্মানৰ ভাৱ জাগ্ৰত কৰিব বুলি বিদ্যালয়খনৰ শিক্ষক- শিক্ষয়িত্ৰীসকলে আশা প্ৰকাশ কৰিছে।।
দিব্য জ্যোতি কাকতি, ৰঙামাটি

