বৰ্ষাৰণ্য প্ৰতিষ্ঠানত গুণগত মানৰ ৰোপন সামগ্ৰী ওপৰত কাৰিকৰী কৰ্মশালা…

যোৰহাটস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত এদিনীয়া কাৰ্যসূচীৰে “গুণগত মানৰ ৰোপন সামগ্ৰীৰ ওপৰত কাৰিকৰী কৰ্মশালা ” এখন অনুষ্ঠিত হয়। অসম কৃষি বনানীকৰণ উন্নয়ণ ব’ৰ্ডৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা এই কৰ্মশালাখনিত অসমৰ ৪৫ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত অসম চৰকাৰৰ বন বিভাগ, টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান, অসমৰ আগশাৰীৰ কেইবাখনো চাহ বাগিছা, যোৰহাটৰ অগ্ৰণী গাট্টানী উদ্যোগ, কৃষক উৎপাদন সংস্থা, বনাঞ্চলৰ বাহিৰৰ গছৰ সৈতে জড়িত সংস্থা, নানান বেচৰকাৰী সংস্থা (NGO), বিশ্ব বন্যপ্ৰাণী পুঁজি (WWF) আৰু প্ৰতিষ্ঠানৰ বিজ্ঞানী-বিষয়াই অন্যতম । কৰ্মশালাখনি উদ্বোধন কৰে অসম কৃষি বনানীকৰণ উন্নয়ন ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ড° সোণালী ঘোষে । প্ৰতিষ্ঠানৰ সঞ্চালক ড° ৰাজীৱ কুমাৰ বৰাই কৰ্মশালাখনিৰ আৰম্ভণিতে সকলোকে আদৰণি জনায় । এই কৰ্মশালাখনিত সমল ব্যক্তি ৰূপে উপস্থিত থাকে যোধপুৰত অৱস্থিত শুষ্ক বন গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ড° তৰুণ কান্ত, টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° এ. বাবু, অসম কৃষি বনানীকৰণ উন্নয়ন ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া ড° সোণালী ঘোষ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী ড° কে. কে. শৰ্মা, বিজ্ঞানী ভৱেশ গগৈ, বন বিষয়া মতিউৰ ৰহমান আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী যথাক্ৰমে ড° ৰাজীৱ কুমাৰ বৰা, ড° সত্যম বৰদলৈ, ড° মণীষ কুমাৰ সিং, ড° বিশ্বনাথ শৰ্মা, ড° কৰ্মা গ্যালপো ভূটীয়া ।

সমল বিষয়াসকলে বিভিন্ন বিষয়ৰ ওপৰত যেনেঃ অসমৰ কৃষি বনানীকৰণ, চাহ বাগিচাৰ ভূমিৰ বৈজ্ঞানিক ব্যৱহাৰ, গুণগত মানৰ ৰোপন সামগ্ৰীনো কি ?, এইবোৰ তৈয়াৰ কৰাত বীজৰ ভূমিকা, গুণগত মানৰ ৰোপন সামগ্ৰীৰ শেহতীয়া উন্নয়ন, ভূমিৰ গুণগত মান, বনপুলি বাগানৰ বিভিন্ন সমস্যা আদি কৰি অনেক বিষয়ৰ ওপৰত তত্বগধুৰ পৰ্যালোচনা আগবঢ়ায় । অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলে বিভিন্ন বিষয়বস্তুৰ সম্পৰ্কে বিভিন্ন চিন্তা উদ্ৰেককাৰী প্ৰশ্ন সোধে আৰু সমলব্যক্তিসকলে ইয়াৰ যথাযথ উত্তৰ প্ৰদান কৰে । বৰ্তমান অসম চৰকাৰে কৃষি বনানীকৰণৰ ওপৰত যি গুৰুত্ব আৰোপ কৰিছে তালৈ লক্ষ কৰিলে দেখা যায় যে এই ধৰণৰ কৰ্মশালাই অসমৰ কৃষি বনানীকৰণৰ ক্ষেত্ৰ খনত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাব ।

Related Articles