Breaking

“সাধুকথা সজ কথা, লক্ষ্য আমাৰ জগত সভা”, ককা-আইতাৰ মুখৰ সাধুৰ আৰু কণ কণ শিশুৰ সাধু কথাৰে জীপাল হ’ল তেজপুৰ সাহিত্য সভা ভৱন…

0 19

“সাধুকথা সজ কথা, লক্ষ্য আমাৰ জগত সভা” শীৰ্ষক মন্ত্ৰেৰে বিশ্ব সাধুকথা দিৱসৰ দিনটো মুখৰিত হ’ল তেজপুৰ সাহিত্য সভা ভৱন। ককা – আইতাৰ মুখৰ সাধুৰ আৰু কণ কণ শিশুৰ সাধুকথাৰে জীপাল হ’ল তেজপুৰ সাহিত্য সভা ভৱন। সাধু ক’লে বিশিষ্ট শিশু সাহিত্যিক ড০ স্বাধীনতা মহন্ত আৰু প্ৰবীণ লেখিকা মায়া শৰ্মাই।

“সাধুকথা সজ কথা লক্ষ্য আমাৰ জগত সভা” শীৰ্ষক মন্ত্ৰেৰে বিশ্ব সাধুকথা দিৱসৰ দিনটোত কণ কণ শিশুৰ সন্মুখত ককা – আইতাৰ সাধু আৰু কণ কণ শিশুৰ মুখৰ সাধুৰে প্ৰতিকুল বতৰৰ মাজতো পুৱাৰ পৰা মুখৰিত হৈ পৰিল তেজপুৰ সাহিত্য সভা ভৱন ।উল্লেখ্য যে তেজপুৰ সাহিত্য সভাৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ শিশু অনুষ্ঠান “কুঁহি” উপসমিতিৰ সহযোগত অনুষ্ঠানটিত ককাৰ ৰূপত জনপ্ৰিয় অভিনেতা মৃগেন চন্দ্র বড়া আৰু তেজপুৰৰ যোগ ক্ৰীড়াৰ শিক্ষয়িত্ৰী নমিতা লহকৰে চাৰিটা শিশুৰ লগত “বুঢ়া বুঢ়ী আৰু শিয়াল” সাধুটো অভিনয় কৰি উপস্থিত শিশু সকল আৰু ৰাইজক মুগ্ধ কৰি তোলে। “অকণিৰ সাহিত্য সভা”ৰ সভাপতি তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটি আৰম্ভ হয় শিশু লক্ষ্যজয় কলিতাৰ আদৰণী ভাষণেৰে ।লক্ষ্যজয়ে বিশ্ব সাধুকথা দিৱসৰ তাৎপৰ্য্য আৰু সাধুকথাৰ মহত্বৰ বিষয়ে সাৱলীল ভাৱে আলোকপাত কৰি ১৯৯১ চনৰ পৰা শিশু সকলৰ মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে সাধুকথা দিৱস উদযাপন কৰি আহিছে বুলি কৈ সাধু সমূহ লোক কাহিনীৰ ওপৰত সকলো ঠাইতে প্ৰতিষ্ঠিত হৈ আহিছে বুলি কয়। আনহাতে বিভিন্ন প্ৰান্তৰ শিশুৱে বুঢ়ী আইৰ সাধু, পঞ্চ তন্ত্ৰ আদি বিভিন্ন সাধুকথাৰে মুখৰিত কৰি তোলা অনুষ্ঠানটিত প্ৰত্যেকগৰাকী শিশুক আইতা আৰু ককা হিচাপে উপস্থিত থকা বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা, বিশিষ্ট শিক্ষাবিদ মহেন্দ্ৰ নাথ কেওঁট, বিশিষ্ট লেখিকা ড০ স্বাধীনতা মহন্ত, প্ৰবীণ লেখিকা মায়া শৰ্মা, বিশিষ্ট সমাজকৰ্মী অঞ্জলী কলিতা, মণিমালা শইকীয়া, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, অসমীয়া ক্লাবৰ সভাপতি অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ অৰুণা দেৱী, তেজপুৰ সাহিত্য সভাৰ সভাপতি দ্বীজেন নাথ, কবি অনুপ অসমীয়া, তেজপুৰ সাহিত্য সভাৰ উপসভাপতি নবীন চন্দ্ৰ লহকৰৰ লগতে বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা শিশুপ্ৰেমী সমাজকৰ্মী তথা জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ সহধৰ্মিনী সুজাতা মিশ্ৰই মানপত্ৰ আৰু শিশু গ্ৰন্থেৰে উদ্বুদ্ধ কৰে। শিশুৰ বৌদ্ধিক মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰা সুজাতা মিশ্ৰই শিশু সকলক মোবাইল চোৱাৰ পৰা বিৰত থাকি এনেধৰণৰ সাধুকথা বা গল্প লিখাত মনোনিবেশ কৰি নিজৰ কল্পনা শক্তি বৃদ্ধি কৰিবলৈ পৰামৰ্শ দি নিজৰ নিজৰ সৃষ্টিশীলতাৰে সমাজৰ এগৰাকী সুস্থ নাগৰিক হ’বলৈ আহ্বান জনায় আৰু নিজেও সাধুকথা কৈ শিশু সকলক উদ্বুদ্ধ কৰি তোলে।

আনহাতে অনুষ্ঠানটিত উপস্থিত থকা অভিভাৱক সকলক নিজৰ সময় নাই বুলি সন্তানৰ প্ৰতি গা এৰা দিয়াৰ মনোবৃত্তিৰে সৰুতেই নিজৰ সন্তানৰ হাতত মোবাইল ফোনটো অৰ্পণ নকৰি সন্তান সকলক সৰুৰে পৰাই সৃজনী শক্তি বৃদ্ধি পাব পৰা কামত জড়িত কৰোৱাবলৈ আহ্বান জনায়। উল্লেখ্য যে মনোৰম অনুষ্ঠানটিত বিশিষ্ট শিশু সাহিত্যিক ড০ স্বাধীনতা মহন্তই শিশুৰ মনস্তত্বৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কেনেদৰে শিশু অৱস্থাৰ পৰাই শিশু সকলক সাধুকথা বা শিশু উপকাৰ হ’ব পৰা কাহিনীৰ সৈতে জড়িত হ’ব পাৰি সেই ক্ষেত্ৰত মনোনিবেশ কৰাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই এটি সাধুকথা কৈ শিশু সকলক উদ্বুদ্ধ কৰি তোলে। লগতে প্ৰবীণ লেখিকা মায়া শৰ্মাইও শিশু সকলক উদ্বুদ্ধ কৰি ভাষণ প্ৰদান কৰাৰ লগতে একোটিকৈ সাধু কৈ আপ্লুত কৰে।

Leave A Reply