তেলেংগানা হৈছে ভাৰতৰ আফগানিস্তান, কে চন্দ্ৰশেখৰ ৰাও তালিবান! ৱাইএছআৰটিপি ৰ মুৰব্বী ৱাইএছ শৰ্মিলাৰ মন্তব্যকলৈ ব্যাপক প্ৰতিক্ৰিয়া

তেলেংগানা হৈছে ভাৰতৰ আফগানিস্তান, কে চন্দ্ৰশেখৰ ৰাও তালিবান! এই মন্তব্য কৰিছে ৱাইএছআৰটিপিৰ মুৰব্বী ৱাইএছ শৰ্মিলাই । দেওবাৰে শৰ্মিলাই কয় যে তেলেংগানা হৈছে ভাৰতৰ আফগানিস্তান আৰু কেচিআৰ ইয়াৰ তালিবান। মাহবুবাবাদত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰোঁতে শৰ্মিলাই কয়, “তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও এজন স্বৈৰাচাৰী, অত্যাচাৰী লোক, তেলেংগানাত কোনো ভাৰতীয় সংবিধান নাই, কেৱল কেচিআৰৰ সংবিধানহে আছে। তেলেংগানা হৈছে ভাৰতৰ আফগানিস্তান আৰু কেচিআৰ ইয়াৰ তালিবান।”দেওবাৰে তেলেংগানা আৰক্ষীয়ে মহাবুবাবাদৰ বিধায়ক তথা বিআৰএছ নেতা শংকৰ নায়েকৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত ৱাইএছ শৰ্মিলাক আটক কৰে। মহাবুবাবাদ চহৰত আইন-শৃংখলাজনিত সমস্যা পৰিহাৰ কৰিবলৈ আৰক্ষীয়ে তেওঁক হায়দৰাবাদলৈ স্থানান্তৰ কৰিছিল। আৰক্ষীয়ে শৰ্মিলাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৫০৪ ৰ অধীনত শান্তি ভংগ কৰাৰ উদ্দেশ্যৰে ইচ্ছাকৃতভাবে আনক অপমান আৰু অনুসূচীত জাতিৰ এছটি পিঅ’এ আইনৰ ধাৰা ৩(১)আৰ ৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল।

এখন ৰাজহুৱা সভাত ভাষণ দি ৱাই এছ শৰ্মিলাই মহাবুবাবাদৰ বিধায়কগৰাকীক তেওঁৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে আক্ৰমণ কৰি কৈছিল, “আপুনি জনসাধাৰণক বহুতো প্ৰতিশ্ৰুতি দিছিল, যিবোৰ আপুনি পূৰণ কৰা নাই। যদি আপুনি আপোনাৰ প্ৰতিশ্ৰুতি পূৰণ নকৰে, তাৰ অৰ্থ হৈছে আপুনি এজন নপুংসক “।ঘটনাটোৰ পিছত, ভাৰত ৰাষ্ট্ৰ সমিতিয়ে মহাবুবাবাদৰ বিধায়কৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বাবে ৱাইএছ শৰ্মিলাৰ বিৰুদ্ধে জিলাখনত অৱস্থান প্ৰতিবাদ সাব্যস্ত কৰে। ৰাস্তাত প্ৰতিবাদকাৰীসকলে “গো বেক শৰ্মিলা” শ্লোগান দি দলটোৰ হৰ্ডিং আৰু ফ্লেক্স জ্বলাই ৱাইএছআৰটিপি ৰ মুৰব্বীৰ বিৰুদ্ধে তেওঁলোকৰ ক্ষোভ উজাৰে। ইয়াৰ পিছতে শৰ্মিলাই কেচিআৰক তালিবানৰ সৈতে তুলনা কৰে।

Related Articles