টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাই টেঙাখাত মহাবিদ্যালয়ত এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে…

কিছুদিন পূৰ্বে ঘোষিত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে বিশেষ সম্বৰ্ধনা অনুষ্ঠান। 

বক্তাই সম্বৰ্ধিত ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে অনাগত দিনৰ বাবে বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৪টা বিষয়ত লেটাৰ নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ নৰোত্তম সোনোৱালৰ আগন্তুক ৩বছৰৰ পঢ়াৰ খৰচ পলাশজ্যোতি শৰ্মাই বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

ইফালে বিশেষ অভিনন্দন অনুষ্ঠানৰ সামৰণি পৰ্বত বৃহত্তৰ টেঙাখাত অঞ্চলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২৭ গৰাকী আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ১১১ গৰাকী সৰ্বমুঠ ১৩৮ গৰাকী কৃতি শিক্ষাৰ্থীক অভিনন্দন পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে অভিনন্দন জনায়। 

Related Articles