মৰিগাঁও জিলাৰ লাহৰীঘাট খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ বোৱালগুৰি হাইস্কুল ভেকচিন কেন্দ্ৰত যোৱা কালি স্বাস্হ্য কৰ্মী ছাইফুল ইছলামক কৰ্তব্যৰত অৱস্হাত ৬-৭ জনীয়া যুককৰ দল এটাই আমন্ত্ৰণ কৰি আহত কৰে । আক্ৰমণকাৰী আটাইকেইজন বিজেপি কৰ্মী । ইয়াৰ এজন লাহৰীঘাট কলেজৰ শিক্ষক মুকছিদুল ইছলাম । অৱশ্যে খবৰ পাই লাহৰীঘাট থানাৰ আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ তদন্ত কৰি আছে বুলি জনা গৈছে।