দীৰ্ঘদিনীয়া এটা পথ , এই পুৰণি পথটো হৈছে ধুবুৰী জিলাৰ আলমগঞ্জ অঞ্চলৰ ফুলকাটাৰী গাওঁ পঞ্চায়তৰ । এই পুৰণি পথটোৱেই হৈছে বৃহৎ অঞ্চলটোৰ একমাত্ৰ যাতায়তৰ মূল পথ । পিছে বিগত দিন ধৰি অঞ্চলটোৰ হাজাৰ হাজাৰ লোকে এই পথেৰেই অহা-যোৱা কৰিছিল , যদিও বৰ্তমান পথটো নিৰ্মাণৰ ক্ষেত্ৰত এতিয়া চৰম সমস্যাত পৰিছে অঞ্চলটোৰ লোক সকল ।
কিয়নো পথটো নিৰ্মাণৰ ক্ষেত্ৰত প্ৰায় ৮০ শতাংশ কামহে হৈ উঠিছে । স্থানীয় ৰাইজৰ অভিযোগ মতে ,পথটো নিৰ্মাণত বাধা প্ৰদান কৰিছে অঞ্চলটোৰ একাংশ লোকে , ইফালে পথটো নিৰ্মাণত বাধা প্ৰদান কৰা লোকসকে কৈছে – আমাৰ এয়া পট্টাৰ মাটি , মাটিৰ মূল্য হিচাপে ১২ লাখ টকা বিচাৰিছিল পথ নিৰ্মাণত বাধা প্ৰদান কৰা লোকসকলে ।
পিছে অঞ্চলটোৰ প্ৰায় কেইবা শতাধিক ৰাইজে উপায়হীন হৈ পথটোৰ নিৰ্মাণৰ ক্ষেত্ৰত সমাধানৰ বাবে ধুবুৰী জিলা উপায়ুক্তৰ ওচৰত যোৱা ২৬ নবেম্বৰত এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল , ইয়াৰ উপৰিও আজি ফুলকাটাৰী গাঁও পঞ্চায়তৰ প্ৰায় পাঁচ শতাধিক ৰাইজে ওলাই আহি ধুবুৰীৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়াক এই সন্দৰ্ভত অৱগত কৰে , যদিও অতি শীঘ্ৰেই পথটো নিৰ্মাণৰ ক্ষেত্ৰত হোৱা সমস্যা সমাধান কৰিবলৈ এক আশ্বাস প্ৰদান কৰে চক্ৰ বিষয়াই ।

