গোসাইগাঁৱত শুক্ৰবাৰে মা দূৰ্গাৰ প্ৰতিমা বিসৰ্জনক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি আজিও অব্যাহত আছে ৷ উল্লেখ্য যে ক’ভিডৰ গইনা লৈ গোসাইগাঁও মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তা আৰু মহকুমাধিপতি ৰাহুল কুমাৰ গুপ্তাই বিসৰ্জনকৰ অধিক কোঠৰ নিয়ম বান্ধি দিয়ে আৰু সমিতিৰ অকল পাচজন সদস্যক বিসৰ্জনক অনুমতি দিয়ে আৰু মহকুমা আৰক্ষী বিষয়া নিজে জোতা পিন্ধি মূৰ্তিক বিসৰ্জনত অংশগ্ৰহন কৰা বুলি ৰাইজে অভিযোগ কৰে ৷ ইয়াৰ পিছতে কালি পৰিস্থিতি উত্তপ্ত হৈ পৰে ৷ ৰাইজে থানা ঘেৰাও কৰি বিভিন্ন প্ৰতাবাদী ধ্বনী দি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷কালিৰ ঘটনাক আজিও পৰিস্থিতি উত্তপ্ত হৈ আছে ৷ ৰাইজে স্বতস্ফুৰ্ত ভাবে বজাৰ ঘাট বন্ধ কৰি গোসাইগাৱঁৰ মূল পথ বন্ধ কৰি দিয়ে ৷ ৰাইজে মহকুমা আৰক্ষী বিষয়াৰ নিলম্ব দাবী কৰে ৷ অন্যথা আন্দোলন অব্যাহত ৰখাৰ হুংকাক দিয়ে ৰাইজে ৷

