প্ৰেমজনিত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি: দিন দুপৰতে ৰাজপথত চুৰিৰে আক্ৰমণ যুৱতীক

কামৰূপ জিলাৰ চাংসাৰি থানাৰ সমীপত এগৰাকী যুৱতীক চুৰিৰে আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আজি দিনৰ ৪ বজা মানত সংঘটিত এই নৃশংস ঘটনাৰ বলি হোৱা যুৱতীগৰাকী দৰং জিলাৰ পাণবাৰীৰ। আক্ৰমণত আহত মনোৱাৰা বেগম নামৰ যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল দলগাঁওৰ ইমৰাণ হুছেইন নামৰ যুৱক এজনৰ।

কিন্ত জানুৱাৰীৰ পৰা দুয়োৰে মাজত বিচিন্ন হৈ আছিল যোগাযোগ। বিগত কিছুদিন ধৰি কচাই খানা এখনত কাম কৰি আছিল ইমৰাণ নামৰ যুৱকজনে। ইমৰানে কৌশলেৰে কচাই খানাৰ সন্মুখলৈ মাতি আনিছিল যুৱতী গৰাকীক আৰু কচাই খানাৰ মাংস কটা দোকানৰ পৰাই অনা চুৰিৰে আঘাট কৰে যুৱতী গৰাকীক। উপৰ্যপৰি চুৰিৰে কৰা আক্ৰমণত তেজেৰে লুতুৰী পুতুৰী হৈ পৰে যুৱতীগৰাকী।

সম্প্ৰতি জি এন আৰ চি হস্পিতালত সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে মনোৱাৰা বেগম। আনহাতে ঘটনা সংঘটিত কৰাৰ পাছতেই কৌশলেৰে থানাত হাজিৰ হয় ইমৰাণ । আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। চাংসাৰি ধোপাটাৰী অঞ্চলত প্ৰায় দিন দুপৰতে সংঘটিত এই নৃশংস ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

Related Articles