বলপূৰ্বক ভাবে বোলছবি চিনেমাৰ কায়দাৰে উঠাই লৈ গল নাবালিকা ছোৱালীক।চাপৰ আৰক্ষী থানাৰ নিচেই কাষত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হল এই ভয়ংকৰ অপহৰণ কাণ্ড।মাক-দেউতাৰ লগত নাবালিকা ছোৱালীজনী খোজকাঢ়ি গৈ থকা অৱস্থাত চাৰিচকীয়া বাহনেৰে উঠাই লৈ যায় দূৰ্বৃত্তৰ দল এটাই।স্থানীয় যুবকৰ তৎপৰতাত উদ্ধাৰ নাবালিকা ছোৱালীজনী।ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ নিচেই কাষত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিজৰ মা-দেউতাৰ লগত নাবালিকা ছোৱালীজনী আত্মীয় ঘৰলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত হঠাৎ এখন চাৰিচকীয়া বাহনেৰে পাছজনীয়া দুৰ্বৃত্তৰ দল এটাই বলপূৰ্বক ভাৱে চিনেমাৰ কায়দাৰে ছোৱালী জনীক গাড়ীত উঠাই লৈ যায়।

মাকে ছোৱালীজনীক টানি ধৰাত দুৰ্বৃত্তই প্ৰহাৰ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও মা-দেউতাই চিঞৰ বাখৰ কৰাত লগে লগে স্থানীয় যুবকে খেদি খেদি প্ৰায় বিশ কিলোমিটাৰ দুৰৰ পৰা গাড়ী সহ দুৰ্বৃত্তৰ দলটোক আটক কৰিবলৈ সক্ষম হয় ।উল্লেখ্য যে আৰক্ষী থানাৰ নিচেই ওচৰত সংঘটিত এনে কাণ্ডই আচৰিত কৰি তুলিছে চাপৰবসীক।

