Breaking

ধনশিৰিত ভয়ংকৰ পথ দূৰ্ঘটনা

0 81

ধনশিৰি মহকুমাৰ নাওজানৰ বেতনি পথাৰত সোমবাৰে দিনত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা। নাওজানৰ পৰা সৰুপথাৰ অভিমুখে আহি থকা এখন স্কুটী আৰু সৰুপথাৰৰ পৰা নাওজানৰ দিশে গৈ থকা এখন শিল ভৰ্তি ডাম্পাৰৰ মুখামুখী সংঘৰ্ষৰ ফলত স্কুটী চালকজনৰ থিতাতে নিহত হয় আৰু আনজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিছিল যদিও চিকিৎসালয়ত মৃত্যু হয় বুলি জানিব পৰা গৈছে ।

মৃত্যু হোৱা লোক দুজনৰ নাম মিঠুন ঘোচ আৰু উজ্জ্বল দেৱ। ইপিনে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ দূৰ্ঘটনাগ্ৰস্ত স্কুটীখনৰ নম্বৰ হৈছে AS09D 7508 আৰু ডাম্পাৰখনৰ নম্বৰ হৈছে AS05C 9329। ইতিমধ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে ডাম্পাৰৰ চালকজন।

Leave A Reply