Breaking

স্থগিত নহয় ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ টেষ্ট আৰু এদিনীয়া শৃংখলা

0 2,045

অমিক্রনৰ ভয়াৱহতা যিমানে বৃদ্ধি নাপাওক কিয়, টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকাৰ মাজৰ টেষ্ট আৰু এদিনীয়া শৃংখলাটো আধাতে স্থগিত নহয়৷ ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্রনৰ প্রাদুর্ভাৱৰ মাজতো ভাৰত আৰু ঘৰুৱা দলৰ মাজত হ’বলগীয়া আগন্তুক শৃংখলা চলাই নিয়াৰ সহমতত উপনীত হৈছে ক্রিকেট ছাউথ আফ্রিকা আৰু ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ড৷ দক্ষিণ আফ্রিকাত দিনকদিনে অমিক্রনত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত দুয়ো দেশৰ মাজৰ আগন্তুক শৃংখলাটোলৈ অনিশ্চয়তা আহি পৰাৰ মাজতে আজি দুয়োখন দেশৰ ক্রিকেট ব’র্ডে শৃংখলাটো চলাই নিয়াত সন্মতি জনায়৷ দুয়ো দেশৰ মাজৰ তিনিখনীয়া টেষ্ট শৃংখলাটো অহা ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব৷ দেশখনত দিনকদিনে অমিক্রনৰ ভয়াৱহতা বৃদ্ধি পোৱাত ক্রিকেট দক্ষিণ আফ্রিকাই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডক এইবুলি আশ্বাস দিছে যে যদি অমিক্রনৰ ভয়াৱহতাৰ বাবে সীমান্ত বন্ধ হয়, তেতিয়াহ’লে ভাৰতীয় দলটোক সুকলমে স্বদেশলৈ ঘূৰাই পঠিওৱাৰ সমস্ত দায়িত্ব দক্ষিণ আফ্রিকা চৰকাৰে ল’ব৷ ইপিনে, শৃংখলাটো চলি থকাৰ সময়ত যদি টীম ইণ্ডিয়াৰ কোনো খেলুৱৈ তথা ছাপ’ট ষ্টাফৰ সদস্যক কোনো কাৰণত যদি চিকিৎসালয়ত ভর্তি কৰিবলগীয়া হয়, তাৰ বাবেও ক্রিকেট দক্ষিণ আফ্রিকাই সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিছে৷ এই সন্দর্ভত চি এছ এই কেইখনমান চিকিৎসালয়ৰ সৈতেও কথা–বতৰা পাতিছে৷ ইপিনে, দুয়ো দেশৰ মাজৰ শৃংখলা দুটা বন্ধ ষ্টেডিয়ামৰ মাজত অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰি ক্রিকেট ছাউথ আফ্রিকাই কয় যে ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ সৈতে যাতে কোনো লোক সংস্পর্শলৈ নাহে তাৰ প্রতি লক্ষ্য ৰাখি শৃংখলাটো বন্ধ ষ্টেডিয়ামত আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ মুঠতে ভাৰতীয় দলটোৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ শৃংখলা চলি থকাৰ সময়ছোৱাত প্রতিদিনে দুয়োটা দলৰ খেলুৱৈসকলৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হ’ব৷ উল্লেখ্য যে শৃংখলাটোৰ দ্বিতীয়খন টেষ্ট ৩–৭ জানুৱাৰীত আৰু তৃতীয় তথা অন্তিমখন টেষ্ট ১১–১৫ জানুৱাৰীত অনুষ্ঠিত হ’ব৷ ইপিনে দুয়ো দেশৰ মাজৰ এদিনীয়া শৃংখলাটো ১৯–২১ আৰু ২৩ জানুৱাৰীত খেলোৱা হ’ব৷

Leave A Reply