Breaking

বাৰ্ষিক প্ৰাক ৰঙালী বিহু মেলাত উদ্ভাসিত হ’ল প্ৰাত:স্মৰণীয় মহিলাৰ স্মৃতি বিজড়িত তেজপুৰ জিলা মহিলা সমিতি…

0 17

১৯৪৭ চনৰ পৰা পৰম্পৰা বাৰ্ষিক প্ৰাক ৰঙালী বিহু মেলাত উদ্ভাসিত হ’ল প্ৰাত:স্মৰণীয় মহিলাৰ স্মৃতি বিজড়িত তেজপুৰ জিলা মহিলা সমিতি

দক্ষ শিপিনী কুসুম বৰাক কিৰণময়ী আগৰৱালা সোঁৱৰণী জীৱনজোৰা সেৱা বঁটা প্ৰদান

অগ্নি কন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন – দৰ্শন সংপৃক্ত “চন্দ্রপ্ৰভা শইকীয়ানী এণ্ড দ্য মহিলা সমিতিজ ইন কলনিয়েল আছাম” শীৰ্ষক গ্ৰন্থ উন্মোচন

গ্ৰন্থখনে মহিষী নাৰী চন্দ্রপ্ৰভা শইকীয়ানী আৰু মহিলা সমিতিক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিব – – উপাচাৰ্য্য অধ্যাপক শম্ভূনাথ সিং


তাঁত শালত সপোন ৰচনা কৰা ৯ গৰাকী শিপিনীক বিশেষ বঁটা, এগৰাকী দক্ষ শিপিনীক জীৱনজোৰা সেৱা বঁটা প্ৰদানৰ লগতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগম আৰু জয়মতী কৃষি উৎপাদক গোটেৰে ৪৫০ গৰাকী মহিলাক লৈ এহেজাৰ হেক্টৰ ভূমিত কৃষি কৰ্মেৰে দৃষ্টান্ত দেখুওৱা জিলাখনৰ আদৰ্শ মহিলা কৃষক কমল কুমাৰী বড়োক বিশেষ সম্বৰ্ধনাৰ উপৰি নাৰী সৱলীকৰণ ৰাজ্যখনৰ অন্যতম নেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ ওপৰত বিশেষ গ্ৰন্থ উন্মোচন আৰু শিপিনীৰ তাঁত শালৰ বস্ত্ৰ সামগ্ৰীৰ উপৰি বিহুৰ পিঠা পনা বিশেষ বিক্ৰী প্ৰদৰ্শনীৰ উদ্ঘাটনেৰে তেজপুৰ জিলা মহিলা সমিতিৰ বাৰ্ষিকী বিহু মেলাত আজি অনন্য পৰিৱেশৰ সূচনা হ’ল তেজপুৰত। উল্লেখ্য যে চন্দ্রপ্ৰভা শইকীয়ানী, চন্দ্ৰবালা বৰুৱা, মিনা আগৰৱালা, হেমলতা বৰুৱা আদি নাৰী সৱলীকৰণৰ প্ৰাত:স্মৰণীয় প্ৰয়াত মহিলাৰ স্মৃতিৰে গৰিমামণ্ডিত ৰাজ্যখনৰ নাৰী সৱলীকৰণৰ অন্যতম অনুষ্ঠান তেজপুৰ জিলা মহিলা সমিতিয়ে পূৰ্বৰ দৰে ৰঙালী বিহুৰ পূৰ্বে আজিও আয়োজন কৰা ৰঙালী বিহু মেলাৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ হয় সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই মহিলা সমিতিৰ বাবে ১৯৫২ চনতে ৰচনা কৰা “ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক” শীৰ্ষক কালজয়ী গীতেৰে ।বিশিষ্ট সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্য্যৰ পৰিচালনাত বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাৰ নেতৃত্বত মহিলা সকলৰ এই সমবেত গীতেৰে আৰম্ভণিতেই অনুষ্ঠানটি জীপাল হৈ পৰে।


১৯৪৭ চনতেই গঢ় লৈ উঠা তেজপুৰ জিলা মহিলা সমিতিৰ বৰ্তমানৰ সম্পাদিকা ইৰু দেৱী আগৰৱালাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সভানেত্ৰী মানসী দত্তই আদৰণী ভাষণ আগবঢ়োৱা অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী লিপিকা চহৰীয়াই ।উদ্বোধনী ভাষণত লিপিকা চহৰীয়াই অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু এক আনন্দৰ উৎসৱ, সম্প্ৰীতিৰ উৎসৱ বুলি মন্তব্য কৰি আজি আমি আগৰদৰে অকৃত্ৰিম ভাৱে এই উৎসৱ উপভোগ কৰিব পাৰিছোঁ নে বুলি প্ৰশ্ন উত্থাপন কৰি আজিৰ আধুনিক জীৱন শৈলীয়ে আমাৰ দৈনন্দিন জীৱনৰ ব্যৱহাৰিক গুণগত মানৰ উন্নতি কৰিছে সঁচা কিন্তু আমাৰ মনত প্ৰশান্তি দিব পৰা নাই বুলি মন্তব্য কৰে। সকলোৱে আজি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মূখীন হৈ মানসিক চাপ, উদ্বেগ, হতাশা আদি এশ এবুৰি সমস্যাত জৰ্জৰিত হৈ পৰিছোঁ বুলি কৈ কোনোবাই সেই সমস্যাৰ লগত যুঁজি জয়ী হৈ নিজক আগুৱাই নিব পাৰিছে আৰু কোনোবাই হাৰমানি জীৱনৰ ৰং হেৰুৱাই পেলাইছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
উদ্বোধনী ভাষণৰ পিছতেই অগ্নি কন্যা চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন – দৰ্শনৰ ওপৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ড০ হেম জ্যোতি মেধিয়ে ৰচনা কৰা আৰু বিশ্ববিখ্যাত প্ৰকাশন প্ৰতিষ্ঠান অক্সফৰ্ড জেন্দাৰাৰ্চ পাব্লিচাৰ্ছে প্ৰকাশ কৰা “চন্দ্ৰপ্ৰভা শইকীয়ানী এণ্ড দ্য মহিলা সমিতিজ ইন কলনিয়েল আছাম” শীৰ্ষক অতি গুৰুত্বপূৰ্ণ গ্ৰন্থখন তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙে আনুষ্ঠানিক ভাৱে উন্মোচন কৰি তেজপুৰ জিলা মহিলা সমিতিৰ উপদেষ্টা, বিশিষ্ট সমাজকৰ্মী মিনাক্ষী ভূঞাৰ লগতে সভানেত্ৰী আৰু সম্পাদিকাৰ হাতত অৰ্পণ কৰাৰ উপৰি লেখিকা ড০ হেম জ্যোতি মেধিয়ে উপাচাৰ্য্য শম্ভূনাথ সিঙৰ হাততো বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ বাবে অৰ্পণ কৰে। উন্মোচনী ভাষণত উপাচাৰ্য্য অধ্যাপক শম্ভূনাথ সিঙে তেজপুৰ জিলা মহিলা সমিতিৰ ঐতিহ্য আৰু মহত্ব আলোকপাত কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন কেন্দ্ৰত ড০ হেম জ্যোতি মেধিৰ জৰিয়তে স্হাপন হোৱা তেজপুৰ জিলা মহিলা সমিতিৰ ডিজিটেল আৰ্কাইভৰ প্ৰসংগ উত্থাপন কৰি এই গ্ৰন্থখনৰ জৰিয়তে মহিয়সী নাৰী চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু দেশৰ স্বাধীনতা আন্দোলনৰ স্মৃতিও জড়িত হৈ থকা তেজপুৰ মহিলা সমিতি বিশ্বদৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব বুলি আশা ব্যক্ত কৰে।

আনহাতে এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে বিভূষিত হোৱা বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগম আৰু জিলাখনৰ আদৰ্শ কৃষক কমল কুমাৰী বড়োক গামোচা, ফুলাম জাপী আৰু সম্বৰ্ধনা পত্ৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছত দুয়োগৰাকীয়ে নিজৰ মনৰ অনুভৱ সদৰী কৰে। ডা০ জাহানাৰা বেগমে নিজে ৰাষ্ট্ৰপতিৰ হাতৰ পৰাও বঁটা গ্ৰহণ কৰিছে যদিও নিজৰ আপোন কৰ্মভূমিৰ অনুষ্ঠানে এনেদৰে মৰম কৰিলে অধিক উদ্বুদ্ধ হৈ ভৱিষ্যতে কাম কৰাৰ প্ৰেৰণা লাভ কৰোঁ বুলি মন্তব্য কৰি তেওঁৰ চিকিৎসক জীৱনৰ ব্যস্ত জীৱন শৈলীৰ মাজতো শিল্পকলা ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ অধিক মানসিক প্ৰশান্তি লাভ কৰে বুলি কয়। আনহাতে আদৰ্শ কৃষক কমল কুমাৰী বড়োৱে নিজে এগৰাকী মহিলা কৃষক হিচাপে প্ৰকৃত জীৱনৰ মাদকতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি স্বামী – স্ত্ৰীৰ সম অধিকাৰৰ কথা সকলোৱে কয় যদিও তেওঁ কৃষি কৰ্মেৰে সেই সম অধিকাৰ প্ৰতিপন্ন কৰি জীৱন সাৰ্থক কৰি তুলিছে বুলি কৈ আন মহিলা সকলকো কৃষি কৰ্মৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।


উল্লেখ্য যে পূৰ্বৰ দৰে এইবাৰো এই অনুষ্ঠানতে তেজপুৰ জিলা মহিলা সমিতিৰ বোৱা কটা বিভাগৰ এগৰাকী দক্ষ শিপিনী কুসুম বৰাক নগদ ধনেৰে কিৰণময়ী আগৰৱালা সোঁৱৰণী জীৱনজোৰা সেৱা বঁটা প্ৰদান কৰাৰ লগতে শিপিনী দুলু দাসক মুগা কাপোৰ উৎপাদনৰ বাবে গোলাপ লতা দেৱী সোঁৱৰণী বঁটা, কপাহী কাপোৰ বোৱাৰ বাবে ইলা ডেকাক ৰাধিকা বালা দাস সোঁৱৰণী বঁটা, বিমলা দাসক ঈশ্বৰী দেৱী সোঁৱৰণী বঁটা, মৌচুমী থাপাক কমতা দেৱী সোঁৱৰণী বঁটা, মাধৱী বৰাক জয়ৰাম সোঁৱৰণী বঁটাৰ লগতে হৰেশ্বৰী শইকীয়া, তৰা কলিতা, হীৰা মণি ৰাভা আৰু দময়ন্তী ৰাভাক নগদ ধনৰ বিশেষ সহযোগিতামূলক বঁটা প্ৰদান কৰে। আনহাতে তেজপুৰৰ বিশিষ্ট নাট্যকাৰ – পৰিচালক তথা প্ৰাবন্ধিক ঐশ্বৰ্য্য কাকতিয়ে বিশিষ্ট অতিথিৰ ভাষণ আগবঢ়াই লাও পাতৰ তলত দৰে নাৰীও কাৰোবাৰ তলত সেই ধাৰণা আজি আশাব্যঞ্জক ভাৱে সলনি হোৱাই নহয় মহাকাশ বিজ্ঞানীৰ পৰা কৃষকলৈকে নাৰীয়ে তাহানিৰ সেই ধাৰণাক নস্যাৎ কৰিছে বুলি মন্তব্য কৰি সকলো নাৰীকে নিজৰ জাতি আৰু কৃষ্টিৰ প্ৰতি দায়বদ্ধতা প্ৰকাশ কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছতেই শিপিনী সকলে তাঁতশালত বৈ উলিওৱা বস্ত্ৰ সামগ্ৰী আৰু বিহুৰ পিঠা – পনা, জলপানৰ বিক্ৰীমূলক প্ৰদৰ্শনীখনৰ দ্বাৰ আনুষ্ঠানিক ভাৱে গামোচা খুলি উদ্ঘাটন কৰে ৰাজ্য চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত শিপিনী বিমলা দাসে।
আকৰ্ষণীয় এই প্ৰদৰ্শনীত মহিলা সকলে এনেদৰে ভীৰ কৰা পৰিলক্ষিত হয়। বিয়লি জেং বিহু প্ৰতিযোগিতাৰে ৰঙালী বিহু মেলাৰ সামৰণি পৰে।

Leave A Reply