Tezpur University: তেজপুৰ বিশ্ববিদ্যালয়ৰ ২ জনৰ পদত্যাগঃ পদত্যাগৰ পিছতে উপাচাৰ্যৰ বিৰুদ্ধে সৰৱ

তেজপুৰ বিশ্ববিদ্যালয়ৰ ২ জনৰ পদত্যাগ। (Tezpur University) ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্রীতম দেৱৰ পদত্যাগ আৰু SCHOOL OF ENGINEERINGৰ ডীন শংকৰ চন্দ্ৰ ডেকাৰ পদত্যাগ। বুধবাৰে নিশা ছাত্ৰ-ছাত্ৰী, শিক্ষক-কর্মচাৰী উত্তাল প্ৰতিবাদৰ পাছতে পদত্যাগ। শোণিতপুৰ জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উপস্থিতিত পদত্যাগ। পদত্যাগৰ পিছতে উপাচাৰ্য শম্ভু নাথ সিঙৰ বিৰুদ্ধে সৰৱ দুয়োজন।

তেজপুৰ বিশ্ববিদ্যালয়ত উপাচাৰ্য্য শম্ভূনাথ সিঙৰ ছত্ৰছায়াত সংঘটিত পৰ্বতসম দুৰ্নীতিৰ তদন্ত কৰিবলৈ কালি আহি কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ তিনিজনীয়া উচ্চস্তৰীয় দল আহি দিনটো তদন্ত অব্যাহত ৰখাৰ মাজতে নিশা তদন্তকাৰী দল আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ তদন্তকাৰী দলৰ উপস্থিতিতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিশ্ববিদ্যালয়খনত।উল্লেখ্য যে বিভিন্নজনৰ অভিযোগ ,বিভিন্ন সংগঠনৰ স্মাৰক পত্ৰ আৰু সংবাদ মাধ্যমত ধাৰাবাহিক ভাৱে বিশ্ববিদ্যালয়খনত উপাচাৰ্য্য শম্ভূনাথ সিঙৰ প্ৰতক্ষ পৃষ্ঠপোষকতাত উপাচাৰ্য্যৰ আশীৰ্বাদপুষ্ট একাংশ বিষয়া -শিক্ষকে চলাই অহা চূড়ান্ত অনিয়ম আৰু লুন্ঠন কাৰ্যৰ বিৰুদ্ধে ৰাজ্যপালে নিয়োজিত সত্যানুসন্ধান সমিতিয়ে তদন্ত চলাই বিভিন্ন পক্ষৰ সাক্ষ্য গ্ৰহণ কৰাৰ পিছত কালি বিশ্ববিদ্যালয়খনত তদন্তৰ বাবে আহি উপস্থিত হয়হি কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ যুটীয়া সচিব আৰ্মষ্ট্ৰং পামে ,শিক্ষা বিভাগৰ যুটীয়া সচিব সৌম্য গুপ্তা আৰু কেন্দ্ৰীয় শিক্ষা বিভাগৰ সঞ্চালক বিশ্বজিৎ কুমাৰ ।তিনিওগৰাকী তদন্তকাৰী বিষয়াই উপাচাৰ্য্য শম্ভূনাথ সিঙৰ দুৰ্নীতি -অনিয়মৰ তদন্ত পৰ্যবেক্ষণ কৰি থকাৰ মাজতে উপাচাৰ্য্য শম্ভূনাথ সিঙৰ সময়তে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ জৰিয়তে পদাৰ্থ বিজ্ঞান বিভাগৰ purse অৰ্থাৎ প্ৰমোচন অব ইউনিভাৰ্ছিটি ৰিছাৰ্চ এণ্ড চায়েন্টিফিক এক্সিলেন্সৰ ১০ কোটি টকীয়া এক প্ৰকল্পৰ ফাইলটো বিচৰাত ভাৰপ্ৰাপ্ত উপাচাৰ্য্য ৰাজা ৰফিকুল হক আৰু পঞ্জীয়ক প্ৰীতম দেৱে উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি এই ফাইলটো দেখুওৱাবলৈ অমান্তি হৈ পৰাত ক্ষুব্ধ হৈ পৰে বিশ্ববিদ্যালয়খনৰ শিক্ষক -কৰ্মচাৰী সকল ।উল্লেখ্য যে এই ১০ কোটি টকীয়া প্ৰকল্প কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উপাচাৰ্য্য শম্ভূনাথ সিঙে ব্যাপক অনিয়ম কৰাৰ অভিযোগ উত্থাপন হোৱাৰ বাবেই তদন্তকাৰী দলটোৱে প্ৰকল্পটোৰ ফাইল প্ৰতক্ষ কৰিব বিচাৰে ।ভাৰপ্ৰাপ্ত উপাচাৰ্য্য আৰু ভাৰপ্ৰাপ্ত পঞ্জীয়ক গৰাকীয়ে শম্ভুনাথ সিঙৰ নিৰ্দেশতেই সেই ফাইলটো দেখুওৱাব নিবিচৰা পিছতেই বিশ্ববিদ্যালয়খনত নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।শিক্ষক -কৰ্মচাৰী সকলে ভাৰপ্ৰাপ্ত উপাচাৰ্য্য ৰাজা ৰফিকুল হকক জবাবদিহি কৰি কঠোৰ বাক্য বাণেৰে এনেদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।


উল্লেখ্য যে শিক্ষক -কৰ্মচাৰী সকলৰ ৰুদ্ৰমূৰ্তি দেখি ভাৰপ্ৰাপ্ত উপাচাৰ্য্য আৰু ভাৰপ্ৰাপ্ত পঞ্জীয়ক গৰাকীয়ে উপাচাৰ্য্য শম্ভূনাথ সিঙৰ নিৰ্দেশনাৰ বাবেই সেই ফাইলটোৰ লগতে কম্পিউটাৰ চায়েঞ্চ বিভাগৰ সঞ্চালক নিযুক্তিৰ কেলেংকাৰীৰ ফাইলটোও দিবলৈ অপাৰগ হৈছিল বুলি পাকে প্ৰকাৰে স্বীকাৰ কৰিবলৈ বাধ্য হোৱাত উপাচাৰ্য্য শম্ভূনাথ সিঙৰ স্বেচ্ছাচাৰীতাৰ দিশটো কালি তদন্তকাৰী দলৰ সন্মুখতেই উন্মোচিত হৈ পৰাৰ পিছত ভাৰপ্ৰাপ্ত পঞ্জীয়ক গৰাকীয়ে সেই মুহূৰ্ততে উপাচাৰ্য্যলৈ পদত্যাগ পত্ৰ দাখিল কৰাত তাৎক্ষণিক ভাৱে সেই পদত্যাগ পত্ৰও গ্ৰহণ কৰা বিষয়টোৱে বিশ্ববিদ্যালয়খনত সংঘটিত হৈ অহা চূড়ান্ত দুৰ্নীতি আৰু অনিয়ম স্পষ্ট কৰি তোলাত স্বাভাৱিকতে সচেতন মহল উদ্বিগ্ন হৈ পৰিছে ।উল্লেখ্য যে কালি নিশা এই উত্তপ্ত পৰিস্থিতি অব্যাহত থকাৰ সময়ত শোণিতপুৰ জিলা প্ৰশাসনে তদন্তৰ বাবে নিয়োগ কৰা জ্যেষ্ঠ দণ্ডাধীশ তথা অতিৰিক্ত জিলা আয়ুক্ত কমল বৰুৱা আৰু সদৰ ৰাজহ চক্ৰ বিষয়া মাধুৰ্য্য বুঢ়াগোঁহাইও উপস্থিত থাকি সমগ্ৰ দৃশ্য প্ৰতক্ষ কৰে।আনহাতে বিশ্ববিদ্যালয়খনত উদ্ভৱ হোৱা এই পৰিস্থিতিৰ সম্ভেদ লাভ কৰি নিশাই শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্হ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

আনহাতে আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ ২ জনৰ পদত্যাগ। ভাৰপ্ৰাপ্ত পঞ্জীয়ক প্রীতম দেৱৰ পদত্যাগ আৰু SCHOOL OF ENGINEERINGৰ ডীন শংকৰ চন্দ্ৰ ডেকাৰ পদত্যাগ। বুধবাৰে নিশা ছাত্ৰ-ছাত্ৰী, শিক্ষক-কর্মচাৰী উত্তাল প্ৰতিবাদৰ পাছতে পদত্যাগ। শোণিতপুৰ জিলাৰ আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ উপস্থিতিত পদত্যাগ। পদত্যাগৰ পিছতে উপাচাৰ্য শম্ভু নাথ সিঙৰ বিৰুদ্ধে সৰৱ দুয়োজন।

Related Articles