Breaking

তেজপুৰৰ লিচুৱে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰ

0 84

প্ৰখ্যাত তেজপুৰ লিচুৱে লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় বজাৰ। ৰস, ৰং আৰু সোৱাদৰ অনন্যতাৰ বাবে প্ৰখ্যাত তেজপুৰ লিচুৱে ২০১৫ চনতে লাভ কৰিছিল জি আই টেগ। এই প্ৰখ্যাত তেজপুৰ লিচুৰ বাবে আজি এক বিশেষ দিন। কিয়নো আজি পোনপ্ৰথমবাৰৰ বাবে তেজপুৰ লিচুৱে লাভ কৰিবলৈ সক্ষম হ’ল আন্তঃৰাষ্ট্ৰীয় বজাৰ।

প্ৰায় ১০৬ জন কৃষকেৰে গঠিত অগ্নিগড় কৃষক উৎপাদক কোম্পানীৰদ্বাৰা উৎপাদিত ৬৫০ কিলোগ্ৰাম তেজপুৰ লিচু “Kiega Exims” নামৰ কোম্পানীটোৱে আজি লণ্ডনলৈ ৰপ্তানি কৰে। তেজপুৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতেই আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শুভাৰম্ভণি কৰা এই ৰপ্তানি যাত্ৰাৰ কাৰ্যসূচীত উপস্থিত থাকে।

এই উল্লেখনীয় প্ৰক্ৰিয়াটোৰ সৈতে জড়িত APEDA, APART, BNCA, অসম কৃষি বিশ্ববিদ্যালয়, নাবাৰ্ড, শোণিতপুৰ জিলা কৃষি বিভাগ, তেজপুৰ বিশ্ববিদ্যালয়, জিলা প্ৰশাসন, অগ্নিগড় কৃষক উৎপাদক কোম্পানী আৰু Kiega Exims-ৰ প্ৰতিগৰাকী সংশ্লিষ্ট ব্যক্তি প্ৰচেষ্টা । অনাগত সময়ত তেওঁলোকৰ এই প্ৰচেষ্টা সফল ৰূপত আগবাঢ়ি যোৱাৰ লগতে তেজপুৰ লিচুৰ সোৱাদ বিশ্ববাসীৰ বাবেই পৰিচিত হৈ পৰিছে ।

এখন আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে আমাৰ বিভাগে সবল ভূমিকা গ্ৰহণ কৰি যুৱপ্ৰজন্মৰ মাজত স্বনিৰ্ভৰশীলতাৰ ভাৱনা জগাই তুলিছে। থলুৱাভাৱে উৎপাদিত ফল-মূলৰ বিশ্বজুৰি এখন বহল বজাৰ নিশ্চিত কৰাৰ বাবেও আমি প্ৰয়াস কৰি আছোঁ। তেজপুৰৰ লিচুৰ লণ্ডন অভিমুখী যাত্ৰাই আমাৰ কৃষকসকলক ন-উদ্যমেৰে উৎপাদনমুখী কাম-কাজত মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰিব।আজিৰ এই কাৰ্যসূচীত মন্ত্ৰীসকল, কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশীষ কুমাৰ ভূটানী, সঞ্চালক শ্ৰী অনন্ত লাল জ্ঞানী, উদ্যান শস্য বিভাগৰ সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰা প্ৰমুখ্যে বিভাগীয় তথা জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল, অগ্নিগড় কৃষক উৎপাদক কোম্পানী আৰু Kiega Exims-ৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Leave A Reply