পদ্মশ্ৰী সন্মান লাভ কৰি প্ৰধানমন্ত্ৰীক ধন্যবাদ শ্বাহ ৰছিদ আহমেদৰ…

আপুনি মোক ভুল প্ৰমাণিত কৰিলেঃ পদ্মশ্ৰী বঁটা লাভ কৰি মোদীক ধন্যবাদ শ্বাহ ৰছিদ আহমেদৰ। শ্বাহ ৰছিদ আহমেদ কাদৰীয়ে বুধবাৰে গ্ৰহণ কৰে পদ্মশ্ৰী সন্মান। এই বঁটা লাভ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে তেওঁ। ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে- কংগ্ৰেছৰ শাসন কালত মই পদ্মশ্ৰী নাপালো। ভাবিছিলো যে বিজেপি চৰকাৰে মোক এই সন্মান নিদিব। কিন্তু আপুনি মোক ভুল প্ৰমাণিত কৰিলে।শ্বাহ ৰছিদ আহমেদ কাদৰীয়ে প্ৰধানমন্ত্ৰী মোডীক কয়, “মই ১০ বছৰ অপেক্ষা কৰিছিলো কিন্তু পোৱা নাছিলো। তাৰ পিছত আশা কৰা নাছিলোঁ ভাবিছিলো যে বিজেপি চৰকাৰৰ দিনত পদ্ম বঁটা নাপাম।কিয়নো বিজেপিয়ে মুছলমানক একো নিদিয়ে। কিন্তু আপুনি মোৰ ধাৰণাটো ভুল প্ৰমাণ কৰিলে, তাৰ বাবে আপোনাক বহুত ধন্যবাদ।”

উল্লেখ্য যে, ৰাষ্ট্ৰপতিয়ে চলিত বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ১০৬ জন লোকৰ বাবে পদ্ম বঁটাত অনুমোদন জনাইছিল। বুধবাৰে মুঠ ৫৩ জন বঁটা বিজয়ীক সন্মানিত কৰা হয়।শ্বাহ ৰছিদ আহমেদ কাদৰী বিদ্ৰী কলাৰ বাবে জনাজাত। বিদ্ৰী ৱেৰ হস্তশিল্পৰ ক্ষেত্ৰখনত নিয়োজিত এজন নিপুণ কাৰিকৰ, তেওঁ বহুতো বিদ্ৰী ৱেৰ প্ৰবন্ধ উদ্ভাৱন কৰি শ শ শিল্পীক প্ৰশিক্ষণ দিছে।বিদ্ৰী হৈছে এক লোককলা যাৰ পৰম্পৰাগত সৃষ্টি কৰ্ণাটকৰ বিদাৰ চহৰৰ পৰা আৰম্ভ হৈছিল। পিছলৈ লাহে লাহে এই কলা তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ বিয়পি পৰিছিল।

Related Articles