ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

ঢেকিয়াজুলি ৰাজহ চক্ৰ এলেকাৰ নামবগৰীবাৰী নেহৰু জনজাতি সংঘৰ সমূহীয়া ভৱনত আজি ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। পুৱা ১১ বজাত ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি সুৰেন্দ্ৰ খনালে পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । ইয়াৰ পিছত মহকুমা নাগৰিক মঞ্চৰ উপদেষ্টা বেণুধৰ নাথে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। দিনৰ ১ বজাত ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চৰ সভাপতি সুৰেন্দ্ৰ খনালৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা অনুষ্ঠিত হয় ৷ সদৌ অসম নাগৰিক মঞ্চৰ সভাপতি গোপাল মিশ্ৰই মুকলি সভা উদ্বোধন কৰে৷


তেওঁ উদ্বোধনী কৰি কয়- সম অধিকাৰ, সম উন্নয়ন আৰু সম মৰ্যাদাৰ দৃষ্টিভংগীৰে নাগৰিক মঞ্চই কাম কৰিছে ৷ প্ৰতিটো জাতি-সম্প্ৰদায়ৰ লোকক আস্থা আৰু বিশ্বাসত লৈ নাগৰিক মঞ্চই কাম কৰিছে বুলি মিশ্ৰই উদ্বোধনী ভাষণত উল্লেখ কৰে ৷ সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগোৱা আৰু পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক ঢেকিয়াজুলি মহকুমা নাগৰিক মঞ্চই ঢেকিয়াজুলি গৌৰৱ সন্মান প্ৰদান কৰিবলৈ লোৱা পদক্ষেপক মিশ্ৰই আদৰণি জনায় ৷ মহকুমা নাগৰিক মঞ্চৰ সম্পাদক ৰিপেন ৰাভাই আতঁধৰা সভাখনত ঢেকিয়াজুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, লেখক-সাংবাদিক, ক্ৰীড়া সংগঠক ৰমেশ চন্দ্ৰ বৰা, বিশিষ্ট সাহিত্যিক ছবিলাল উপাধ্যায়, কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী প্ৰবোধ কুমাৰ দাস আৰু শিশু ৰোগ বিশেষজ্ঞ ডা: ৰৌচন আলি আহমেদক ২০২৪ বৰ্ষৰ ঢেকিয়াজুলি গৌৰৱ সন্মান প্ৰদান কৰা হয়। আনহাতে ২০২৩ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান দখল কৰি ঢেকিয়াজুলিলৈ সুনাম কঢ়িয়াই অনা ঢেকিয়াজুলি শংকৰদেৱ শিশু নিকেতনৰ মেধাৱী ছাত্ৰ হৃদম ঠাকুৰীয়াক ছাত্ৰ গৌৰৱ সন্মান প্ৰদান কৰা হয় । সভাত নামবগৰীবাৰী অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতি ছাত্ৰ নিশান্ত ৰাভা আৰু নিগাবী ৰাভাক সম্বৰ্ধনা জনোৱা হয় ।

সভাত অৱসৰপ্ৰাপ্ত শিক্ষক-শিল্পী নৰেন্দ্ৰ নাথ হালৈ, মহকুমা নাগৰিক মঞ্চৰ উপদেষ্টা বেণুধৰ নাথ, খগেন ভূঞা, কৰুণা দত্ত বৰা, নাগৰিক মঞ্চৰ সাংগঠনিক সম্পাদক নাৰায়ণ ফয়েল, আফজালুৰ ৰহমান, শিক্ষক সৰ্বানন্দ ঠাকুৰীয়া, দেৱৰাজ উপাধ্যায়ে ভাষণ প্ৰদান কৰে । সভাত ঢেকিয়াজুলি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ গিয়াজউদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত বেংক বিষয়া দেৱী প্ৰসাদ অধিকাৰী, নাগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল দাস, সমাজকৰ্মী বগীৰাম বড়ো, ভূৱন দাস, গৰ্গৰাম ৰাভা, পশুপালন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া ডা: উমেশ দাস, যাদৱ বড়ো, উদ্ধৱ মহন্ত, পুলিন বৰা,
শোণিতপুৰ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম ৰাভা, শিক্ষক বোধন ৰাভা, পিৰাকটা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কমলেশ্বৰী ৰাভাৰ লগতে শতাধিক লোক উপস্থিত থাকে । অনুষ্ঠান পৰিচালনাৰ ক্ষেত্ৰত মহকুমা নাগৰিক মঞ্চৰ উপ-সভাপতি গোকুল বছনেট, সাংগঠনিক সম্পাদক আফজালুৰ ৰহমান, সঞ্জীৱ উপাধ্যায়, অমিয় ৰাভা আদিয়ে সহযোগ কৰে। অসম সংগীত পৰিৱেশনৰ পিছত সভাৰ সামৰণি পৰে ৷

Related Articles