Breaking

শোণিতপুৰ জিলা সাহিত্য সভাৰ দশম বাৰ্ষিক (মধ্যকালীন) অধিৱেশন সম্পন্ন

0 33

শোণিতপুৰ জিলা সাহিত্য সভা দশম বাৰ্ষিক (মধ্যকালীন) অধিৱেশন খনি হাটিঙা ৰঙাচকুৱা শাখা সাহিত্য সভাৰ আতিথ্যত এদিনীয়াকৈ অনুষ্ঠিত হোৱা হাটিঙা (ৰামপুৰ)ৰ কলাগুৰু ৰঙ্গমঞ্চত অতি সফলতাৰে ২১ জানুৱাৰী তাৰিখে সামৰণি পৰে৷

কাৰ্যসূচী অনুসৰি উক্ত দিনা পুৱা ৯ বজাত বৃক্ষৰোপন কৰে ৰঙাচকুৱা অঞ্চলৰ নব্বৈ বছৰ ঊৰ্ধৰ বয়োজ্যেষ্ঠ ব্যক্তি ধনেশ্বৰ হাজৰিকাই৷ ইয়াৰ পিছতেই শোণিতপুৰ সাহিত্য সভাৰ জিলা সভাপতিৰ অনুপস্থিতিত জিলাৰ উপ সভাপতি ষড়ানন দেৱ নাথে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে৷ উত্তোলনী ভাষণত তেখেতে অসম সাহিত্য সভা জন্ম লগ্নৰ পৰা আজিৰ তাৰিখলৈকে উত্তৰণ আৰু বিকাশ সম্পৰ্কে সাৰগৰ্ভ ভাষণ দিয়ে৷ ইয়াৰ পিছতেই জিলাৰ সম্পাদক দুলাল নাথে মুখ্য স্মৃতি তৰ্পক হিচাপে কাৰ্যসূচী সমাপণ কৰে৷

দিনৰ ১০ বজাত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয়৷ এই শোভাযাত্ৰাখনি শুভাৰম্ভ কৰে অঞ্চলটোৰ অৱসৰ প্ৰাপ্ত শিক্ষক ভৱেন চন্দ্ৰ নাথে৷ দিনৰ ১০ বজাত ৰামপুৰ প্ৰাথমিক বিদ্যালয়ত জিলা সভাৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়৷ এই সভাত বালিপৰা শাখা সাহিত্য সভা, পাঁচমাইল শাখা সাহিত্য সভা,পশ্চিম বিহগুৰি শাখা সাহিত্য সভা, কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা শাখা সাহিত্য সভা, বাঁহবাৰী শাখা সাহিত্য সভা, দ-পৰ্বতীয়া শাখা সাহিত্য সভা,পদ্মনাথ গোহাঞিবৰুৱা শাখা সাহিত্য সভা, বৰঝাৰ তেলেৰীয়া শাখা সাহিত্য সভা, ৰঙাপৰা শাখা সাহিত্য সভা, ৰঙাচকুৱা শাখা সাহিত্য সভা, উত্তৰ জামুগুৰি শাখা সাহিত্য সভা, খনামুখ শাখা সাহিত্য সভা, নপাম শাখা সাহিত্য সভা, আৰু নৱ গঠিত পূৱ জামুগুৰি শাখা সাহিত্য সভা, চিঙেলী মৰা শাখা সাহিত্য সভাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে৷

জিলাৰ প্ৰাক্তন উপ সভাপতি নৰহৰি চুতীয়া উপস্থিত থকা প্ৰতিনিধি সভাখনি উদ্বোধন কৰে স্থানীয় সমাজকৰ্মী মৃদুল কুমাৰ নাথে৷ ইয়াৰ পিছত দিনৰ ১০-৩০ বজাৰ পৰা স্থানীয় ৰাইজৰ সহযোগত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা খনি অনুষ্ঠিত হয়৷ এই শোভাযাত্ৰাখনি শুভাৰম্ভ কৰে অঞ্চলটোৰ অৱসৰ প্ৰাপ্ত শিক্ষক ভৱেন চন্দ্ৰ নাথে৷ ইয়াৰ পিছত অধিৱেশনৰ মূল কাৰ্যসূচী দিনৰ ১২ বজাৰ পৰা মুকলি সভাখন অনুষ্ঠিত হয়৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনি আঁতধৰে সম্পাদক দুলাল নাথে৷ অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বিশিষ্ট কবি গীতিকাৰ ইন্দ্ৰপ্ৰসাদ শইকীয়া দে্ৱে মুকলি সভাখন উদ্বোধন কৰে৷ উদ্বোধনী ভাষণত তেখেতে অসম সাহিত্য সভাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা প্ৰাতঃস্মৰণীয় ব্যক্তি পদ্মনাথ গোহাঞিৰ বৰুৱাকে আদি কৰি ব্যক্তিসকলৰ নাম শ্ৰদ্ধাৰে স্মৰণ কৰে৷

মধ্যকালীন অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি পুম্প থাপাই আদৰণি ভাষণ দিয়ে৷ আদৰণি ভাষণত তেওঁ বৃহত্তৰ ৰঙাচকুৱা হাটিঙা অঞ্চলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক ,কৃষি এই অঞ্চলৰ অৱদান আদি বিভিন্ন বিষয় সম্পৰ্কে উল্লেখ কৰে৷ মুকলি সভাৰ মুখ্য অতিথি তথা মৰিয়াহোলা উপন্যাসৰ স্ৰষ্টা বিশিষ্ট সাহিত্যিক সাহিত্য অকাডমী বঁটা বিজয়ী জয়ন্ত মাধৱ বৰাই অসমীয়া জাতিৰ উত্তৰণত অসম সাহিত্য সভাৰ ভূমিকা প্ৰয়োজন আছে বুলি উল্লেখ কৰে৷ ৰজাঘৰীয়াই অসমীয়া ভাষাক এলাগি কৰাৰকথা আক্ষেপেৰে দোহাৰে৷

অসম সাহিত্য সভালৈ তৰুণ প্ৰজন্ম অহাটো নিত্যান্তই প্ৰয়োজন বুলি কয়৷ সভাত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য মহেন্দ্ৰ কুমাৰ নাথে কল্পজ্যোতি নাথৰ সম্পাদনা প্ৰকাশ হোৱা শোণিতপুৰ জিলা সাহিত্য সভাৰ পত্ৰিকা উন্মোচন কৰে৷ সভাৰ মাজতে নৰ্থ ইষ্ট ফাউণ্ডেচনৰ পৰা ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ লাভ কৰা জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ সমিতিৰ কাৰ্যকৰী সভাপতি দিলীপ ফুকনক সম্বৰ্ধনা জনোৱা হয় আৰু মধ্যকালীন অধিৱেশন উপলক্ষে অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হয়৷ শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বাসুদেৱ শৰ্মা, চাহজনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতি অনিল কুৰ্মী, চাওতালী সাহিত্য পৰিষদৰ সভাপতি কৃষ্ণ কান্ত মাঝি জিলাৰ উপ সভাপতি ষড়ানন দেৱ নাথ উপস্থিত থকা সভাখনত পিছলৈ জিলাৰ সহকাৰী সম্পাদক কামিনী বৰুৱা আৰু শাখা সম্পাদক অনন্ত বৰদলৈয়ে পৃথকে পৃথকে মধ্যকালীন অধিৱেশনত উপস্থিত তথা সৰ্ব দিশত সহযোগিতা কৰা সকলোলৈ শলাগ জ্ঞাপন কৰে৷

উল্লেখ্য যে হাটিঙা অঞ্চলৰ কৰুণাময় যুৱক সংঘৰ যুৱক যুৱতী সকলে সভাৰ আৰম্ভণি গীতটো পৰিৱেশন কৰাৰ লগতে প্ৰতিনিধি সভাত গৃহীত তিনিটাকৈ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ মুকলি সভাত পাঠ কৰে সম্পাদক দুলাল নাথে৷ উল্লেখ্য যে হাটিঙা ৰামপুৰ অঞ্চলৰ ৰাইজৰ সহযোগিতাত শোণিতপুৰ জিলা সাহিত্য সভাৰ দশম বাৰ্ষিক (মধ্যকালীন) অধিৱেশন খনি মিলনতীৰ্থত পৰিণত হোৱাৰ বাবে সকলোৰে শলাগ লৈছে জিলাৰ সম্পাদক দুলাল নাথ আৰু শাখাৰ সম্পাদক অনন্ত বৰদলৈয়ে৷

Leave A Reply