Breaking

৯ মাৰ্চত অনুষ্ঠিত হ’ব আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস…

0 26

৯ মাৰ্চত অনুষ্ঠিত হ’ব আমিনগাঁও আঞ্চলিক স্বৰ্ণ শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে প্ৰাইজমানী আধুনিক নৃত্য প্ৰতিযোগিতা। প্ৰতিযোগী সকলে সাহিত্য সভাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব প্ৰ-প্ৰত্ৰ। ৯ মাৰ্চৰ ৰাতিপুৱা পৰ্যন্ত জমা কৰিব পাৰিব প্ৰ-প্ৰত্ৰ সমুহ। নিৰ্ধাৰণ কৰি দিয়া নাই বয়সৰ সীমা। বৰেণ্য গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পীৰ সংগীতৰ মাজত নিৰ্বাচিত সংগীত গাব লাগিব প্ৰতিযোগী সকলে। চিৰ নমস্য কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকা,খগেন মহন্ত, দীপালী বৰঠাকুৰ আদিৰ লগতে কেইবাগৰাকীও বিশিষ্ট কণ্ঠশিল্পীৰ গীতৰ মাজতে অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

চেমনীয় নামেৰে এখন আলোচনীও প্ৰকাশ কৰিব শাখা সাহিত্য সভাই। আমিনগাঁওৰ শৰাইঘাট নাট্য গোষ্ঠীৰ সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। এই সন্দৰ্ভত আমিনগাঁও শাখা সাহিত্য সভাই এক সংবাদমেলৰো আয়োজন কৰে।

Leave A Reply