Breaking

অসম সাহিত্য সভাৰ একাদশ বিশেষ বার্ষিক বাৰপূজীয়া অধিবেশনৰ বিস্তৃত কাৰ্যসূচী প্ৰকাশ

0 106

অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিবেশনৰ বিস্তৃত কাৰ্যসূচী সোমবাৰে প্ৰকাশ কৰে আদৰণী সমিতিয়ে। প্ৰকাশিত কাৰ্যসূচী অনুসৰি – ১৬ মাঘ, ৩১ জানুৱাৰী, বুধবাৰে পুৱা ৮.৩০ বজাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আঁহতগুৰিত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি জনাই অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব অসম সাহিত্য সভাৰ সভাপতি ড॰ সূৰ্যকান্ত হাজৰিকা , উপ – সভাপতি ডাঃ গিৰিশ সন্দিকৈ, প্ৰধান সম্পাদক ড॰  উপেন্দ্ৰজিৎ শৰ্মাৰ লগতে কাৰ্যনিৰ্বাহকে।


পুৱা ১০ বজাত পাঁচোৰজা সমন্বয় ক্ষেত্ৰৰ মূল তোৰণ আৰু সমন্বয় ক্ষেত্ৰৰ শুভ উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃনালিনী দেৱীয়ে। ইয়াৰ লগতে পাঁচোৰজাৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰিব পাঁচোৰজাৰ পৰিয়ালে। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই। অসম সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰিব নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই।

অসম সাহিত্য সভাৰ প্ৰতিস্থাপক সম্পাদক শৰৎচন্দ্ৰ গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰিব আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিব মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি নৰেন্দ্ৰ নাথ কেওটে। নাট্যমঞ্চ উদ্বোধন কৰিব মৰিগাঁও জিলা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অতুল দাসে। গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী (২ নং তোৰণ) দ্বাৰ উন্মোচন কৰিব মায়ং মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মহানন্দ বৰাই। ৩ নং তোৰণ উদ্বোধন কৰিব বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কুমুদ চন্দ্ৰ বৰদলৈয়ে।

মূল মণ্ডপ উদ্বোধন কৰিব মিকিৰভেটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নিকুঞ্জ কুমাৰ দাসে। গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰিব মৰিগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে । বিশিষ্ট সাহিত্যিক গনেশ সেনাপতি সোঁৱৰণী মণ্ডপ উদ্বোধন কৰিব তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডুকাকতিয়ে।ভাষা শ্বহীদ সূৰ্য বৰা সোঁৱৰণী গ্ৰন্থমেলাৰ মঞ্চ উদ্বোধন কৰিব মৰিগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰনৱ জ্যোতি মছৰঙে । মাল্যাপৰ্ণ আৰু বন্তি প্ৰজ্বলন কৰিব ডাঃ পুনিৰাম পাতৰ আৰু মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে । বানিজ্য মেলা উদ্বোধন কৰিব বিশিষ্ট ব্যৱসায়ী মাতুৰাম শৰ্মাই।

ক্ষেত্ৰৰ অস্থায়ী কাৰ্যালয়ৰ তোৰণ উন্মোচন কৰিব মৰিগাঁও ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিষ্ণুপ্ৰসাদ উপাধ্যায়ে। মূল মঞ্চ উদ্বোধন কৰিব ৰহা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুপ্ৰভা ৰয়ে । গ্ৰন্থমেলা ক্ষেত্ৰৰ মঞ্চ উদ্বোধন কৰিব চৰাইবাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰  কমল চন্দ্ৰ নাথে। দিনৰ ১২.৩০ বজাত মে-ডাম-মে-ফি উদযাপন। বিয়লি ৪ বজাত অসম সাহিত্য সভাৰ চতুৰ্থ পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহক সভা উদ্বোধন কৰিব মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।


সভাত আদৰণী ভাষণ দিব আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে। সন্ধিয়া ৫ বজাত প্ৰতিনিধি শিবিৰ মুকলি আৰু নাম পঞ্জীয়নৰ উদ্বোধন কৰিব বিশিষ্ট জীৱনীকাৰ হৰেণ গগৈয়ে। ১৭ মাঘ , ১ ফেব্ৰুৱাৰী, বৃহস্পতিবাৰে পুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব কেন্দ্ৰীয় সমিতিৰ সভাপতি ড॰  সূৰ্যকান্ত হাজৰিকাই। মূল পতাকা উত্তোলনৰ লগে লগে ১ম চক্ৰত ১১ খন আৰু দ্বিতীয় চক্ৰত ১০৭ খন পতাকা বিভিন্ন জনে উত্তোলন কৰিব। পুৱা ৯ বজাত স্মৃতিতৰ্পণ কৰিব মৰিগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক খগেন মহন্তই।পুৱা ৯.৩০ শ্বহীদ তৰ্পণ কৰিব আছুৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে।

পুৱা ১০.৩০ বজাত বিশিষ্ট সাহিত্যিক বলাইৰাম সেনাপতি সোঁৱৰণী সাহিত্য সন্মিলন, স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী সভা।অসম সাহিত্য সভাৰ সভাপতি ড॰ সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া সভাখন উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাই ,সভাত আদৰণী ভাষণ পাঠ কৰিব আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি ড॰ বিৰিঞ্চি কুমাৰ শৰ্মাই, সভাত বাৰপূজীয়া অধিবেশনৰ স্মৃতিগ্ৰন্থ “বাৰপূজীয়া” উন্মোচন কৰিব বিশিষ্ট গবেষক পণ্ডিত ড॰ নৰেণ কলিতাই , সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ উপ-সভাপতি ডাঃ গিৰিশ সন্দিকৈ, অসম চৰকাৰৰ উচ্চ শিক্ষা সচিব নাৰায়ণ কোঁৱৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ৰবীন্দ্ৰনাথ ঠাকুৰ অধ্যাপক তথা কলাগুৰু ড॰  উমেশ ডেকা , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰  দীপ্তি ফুকন পাটগিৰি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ উপেন ৰাভা হাকাচাম , ড॰  জয়শ্ৰী গোস্বামী মহন্ত, উপেন্দ্ৰ বৰকটকী, গুণীন হাজৰিকা, ধীৰেণ শৰ্মাই সন্মানীয় অতিথি হিচাপে গোবিন্দ টাইড, কমলাকান্ত মুছাহাৰী , ৰমেশ থাওচেনকে ধৰি বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভা সমূহ দেউৰী সাহিত্য সভা,ডিমাচা সাহিত্য সভা,নেপালী সাহিত্য সভা,নিখিল ৰাভা সাহিত্য সভা,কাৰ্বি লাম্মেত আমে, মিছিং সাহিত্য সভা,পূৰ্ৱাঞ্চল টাই সাহিত্য সভা, বড়ো সাহিত্য সভা, তিৱা সাহিত্য সভা, মৰাণ সাহিত্য সভা, চাহ জনগোষ্ঠী সাহিত্য সভা, সোনোৱাল কছাৰী সাহিত্য সভা, চৰ- চাপৰি সাহিত্য সভা, কোঁচ- ৰাজবংশী সাহিত্য সভা, নিখীল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদ, আন্তঃৰাষ্ট্ৰীয় চাওতালি পৰিষদ, শৰণীয়া কছাৰী সাহিত্য সভা,গাৰো সাহিত্য সভা, অসম মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি সম্পাদকে অংশগ্ৰহণ কৰিব। বিয়লি ৩ বজাত শঙ্কৰদেৱ বঁটাপ্ৰাপক ‘ইলাৰাম দাস সোঁৱৰণী জাতীয় বৌদ্ধিক সন্মিলন’ উদ্বোধন কৰিব অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে , মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ মৃদুল হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া সন্মিলনত সন্মানীয় অতিথি হিচাপে প্ৰাক্তন উপাচাৰ্য অধ্যাপক ড॰  দীপক কুমাৰ শৰ্মা, প্ৰাক্তন উপাচাৰ্য অধ্যাপক ড॰  মালিনী গোস্বামী, উপাচাৰ্য ড॰  দীনেশ বৈশ্য, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা , আছুৰ উপদেষ্টা ড॰  সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, আনন্দৰাম বৰুৱা ভাষা-কলা – সংস্কৃতি সংস্থাৰ সঞ্চালক ড॰  দিলীপ কলিতা, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই অংশগ্ৰহণ কৰিব। বিয়লি ৫ বজাত সাহিত্যিক কিনাৰাম নাথ সোঁৱৰণী প্ৰতিনিধি সভা উদ্বোধন কৰিব অসম সাহিত্য সভাৰ উপ- সভাপতি ভূপেন শইকীয়াই। আদৰণী ভাষণ দিব আদৰণী সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে।

সন্ধিয়া ৬ বজাত মুক্তিযোদ্ধা নন্দীৰাম ডেকা ,মোহনসিং ডেকা ,লালসিং ডেকা সোঁৱৰণী মঞ্চত ‘ লোকসংস্কৃতিবিদ ,গৱেষক- সাহিত্যিক ড॰ নবিনচন্দ্ৰ শৰ্মা সোঁৱৰণী সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান ‘ উদ্বোধন কৰিব বিশিষ্ট শাস্ত্ৰীয় সংগীত শিল্পী ড॰  ৰানু বৈশ্যই। আলোচক বিশিষ্ট সংগীত শিল্পী কমল কটকী , অনুষ্ঠানত অসমৰ জনপ্ৰিয় শিল্পী সকলে সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰিব ।


১৮ মাঘ, ২ ফেব্ৰুৱাৰী, শুকুৰবাৰে পুৱা ৯ বজাত শিক্ষাবিদ ভোগনাথ দেউৰী সোঁৱৰণী বুৰঞ্জী সন্মিলন উদ্বোধন কৰিব গৱেষক, সাহিত্যিক ড॰ শৰৎ ফুকনে, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰  মৃণাল কুমাৰ বৰাই সঞ্চালনা কৰিব লগীয়া আলোচনা চক্ৰত বিশিষ্ট বুৰঞ্জীবিদ মনেশ্বৰ দেউৰী , বিশিষ্ট বুৰঞ্জীবিদ ড॰  হাতেম আলি , ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰  বিমান হাজৰিকা, বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাতৰে অংশগ্ৰহণ কৰিব। দিনৰ ১১ বজাত অসম সাহিত্য সভাৰ সভাপতিক লৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই। বিয়লি ১ বজাত বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি সোঁৱৰণী প্ৰথম মুকলি সভা উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই, ড॰  সূৰ্যকান্ত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া সভাত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মা, পৰম সন্মানীয় অতিথি হিচাপে উৰিষ্যাৰ বিশিষ্ট সংস্কৃত পণ্ডিত ড॰  সম্পদানন্দ মিশ্ৰ, সন্মানীয় অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সকল ক্ৰমে ড॰  নগেন শইকীয়া, ৰংবং তেৰাং , ইমৰান শ্বাহ, প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাছাই অংশগ্ৰহণ কৰিব।

বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ বৰ্তমানৰ উপ-সভাপতি আৰু প্ৰাক্তন উপ-সভাপতি সকল ডাঃ গিৰিশ সন্দিকৈ, ইদ্ৰিছ আলী , সতীশ চন্দ্ৰ চৌধুৰী,কনক চন্দ্ৰ শৰ্মা, ভূপেন শইকীয়া, ড॰  পৰাগ কুমাৰ ঠাকুৰ, ড॰ হেমন্ত কুমাৰ বৰুৱা, মৃনালিনী দেৱী , পাচুগোপাল চক্ৰৱৰ্তী, প্ৰাক্তন উপাচাৰ্য তথা ‘দৈনিক অসম’ৰ সম্পাদক ড॰  হিতেশ ডেকা , নাহেন্দ্ৰ পাদুন, ড॰  বসন্ত কুমাৰ গোস্বামী, ড॰ জগদীশ পাটগিৰি, প্ৰতাপ চন্দ্ৰ বৰুৱা, পদুম ৰাজখোৱা , যাদৱ চন্দ্ৰ শৰ্মাই অংশগ্ৰহণ কৰিব।

আমন্ত্ৰিত অতিথি হিচাপে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস, বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগ, ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ তথা বিধায়ক ৰমাকান্ত দেউৰী, কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোৱঁৰে অংশগ্ৰহণ কৰিব।

বিয়লি ৪.৩০ বজাত বিশিষ্ট সাংবাদিক কনক চন্দ্ৰ ডেকা সোঁৱৰণী সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰিব ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সম্পাদক জয়ন্ত বৰুৱাই , গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা ‘দৈনিক অসম’ৰ প্ৰাক্তন সম্পাদক অধ্যাপক ড॰ অমৰজ্যোতি চৌধুৰীয়ে সঞ্চালনা কৰিব লগীয়া অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ‘নিয়মীয়া বাৰ্তা ‘ কাকতৰ মুখ্য সম্পাদক নৰেশ কলিতা , ‘দৈনিক অসম ‘ কাকতৰ সহযোগী সম্পাদক বেদব্ৰত মিশ্ৰ , ‘অসমীয়া প্ৰতিদিন ‘ কাকতৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই অংশগ্ৰহণ কৰিব।

সন্ধিয়া ৬ .৩০ বজাত বিশিষ্ট সাহিত্যিক, শিল্পী ড॰  বীৰেন্দ্ৰনাথ দত্ত সোঁৱৰণী সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বিশিষ্ট নাট পৰিচালক নয়ন প্ৰসাদৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ,নাটকৰ অভিনেতা উপকুল বৰদলৈ , বিশিষ্ট নাট্যকাৰ নৰেন পাটগিৰিয়ে অংশগ্ৰহণ কৰিব। সাংস্কৃতিক অনুষ্ঠানত অসমৰ প্ৰতিষ্ঠিত প্ৰবীণ শিল্পী সকলে গীত পৰিৱেশন কৰিব।


১৯ মাঘ, ৩ ফেব্ৰুৱাৰী, শনিবাৰে পুৱা ১০ বজাত ” স্বাধীনতা সংগ্ৰামী প্ৰাক্তন মন্ত্ৰী শৰৎ চন্দ্ৰ গোস্বামী সোঁৱৰণী অসমৰ জনগোষ্ঠীয় ছাত্ৰ – যুৱ সন্মিলন উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। ডাঃ গিৰিশ সন্দিকৈয়ে সঞ্চালনা কৰিব লগীয়া সন্মিলনত আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি চেনিৰাম মালাং, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো, সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰধান সম্পাদক আদিত্য খাকলাৰী , শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, একশৰণ ভাগৱতী সমাজৰ প্ৰধান সচিব জ্যোতিপ্ৰসাদ দাস, ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দা, মিচিং ছাত্ৰ সন্থাৰ সভাপতি তিলক দলেকে ধৰি টাই- আহোম ছাত্ৰ সন্থা, সদৌ অসম গৰিয়া- মৰিয়া দেশী জাতীয় পৰিষদ, সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, মটক ছাত্ৰ সন্মিলন, মৰাণ ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, সোনোৱাল কছাৰী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা,ডিমাছা ছাত্ৰ সন্থা ,হাজং ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা,সদৌ অসম দেউৰী ছাত্ৰ সন্থা, ট্ৰাইবেল লীগ অসমৰ সভাপতি আৰু সম্পাদক সকলে অংশগ্ৰহণ কৰিব।

বিয়লি ১ বজাত বিশিষ্ট সাহিত্যিক ড॰  লক্ষীনন্দন বৰা সোঁৱৰণী দ্বিতীয় মুকলি সভা উদ্বোধন কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড॰ কুলধৰ শইকীয়াই। আদৰণি সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে আদৰণি পাঠ কৰিবলগীয়া মুকলি সভাখনত সভাপতিত্ব কৰিব কেন্দ্ৰীয় সমিতিৰ সভাপতি ড॰ সূৰ্যকান্ত হাজৰিকাই। মুকলি সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সভাত বিশিষ্ট অতিথি হিচাপে বৰ্তমানৰ উপ-সভাপতি ডাঃ গিৰিশ সন্দিকৈ, প্ৰাক্তন সভাপতি ড॰  পৰমানন্দ ৰাজবংশী, প্ৰাক্তন উপ-সভাপতি মৃনালিনী দেৱী, পৰম সন্মানীয় অতিথি হিচাপে মণিপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী আৰু সংস্কৃতি অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপক ড॰  আইৰম গম্ভীৰ সিং , সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা , প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই , নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ , কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ,অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, বি টি আৰৰ চি ই এম প্ৰমোদ বড়ো, চামগুৰি, নগাঁও, বটদ্ৰৱা, ৰহা ,লাহৰিঘাট, ধিং , বঢ়মপৰ,যমুনামুখ , হোজাই, লামডিং বিধানসভা সমষ্টিৰ বিধায়ক সকলৰ লগতে প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা , বুবুল দাস , উমেশ দাসে অংশগ্ৰহণ কৰিব।

বিয়লি ৪ বজাত জ্ঞানপীঠ বঁটাপ্ৰাপক জাতীয় কবি নীলমণি ফুকন সোঁৱৰণী কবি সন্মিলন উদ্বোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট কবি ড॰ এম কামালুদ্দিন আহমেদে। বিশিষ্ট কবি ড॰ পূৰ্ণ ভট্ৰাচাৰ্যই সঞ্চালনা কৰিব লগীয়া কবি সন্মিলন খনত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট কবি সকল ক্ৰমে অনুভৱ তুলসী, জীৱন নৰহ, হৰেন্দ্ৰ বৰাই অংশগ্ৰহণ কৰিব।

সন্ধিয়া ৬.৩০ বজাত স্বাধীনতা সংগ্ৰামী বিশিষ্ট সমাজকৰ্মী শশীকান্ত হাজৰিকা সোঁৱৰণী সাংস্কৃতিক সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট অভিনেত্ৰী আইমী বৰুৱাই। বিশিষ্ট লোকসংগীতৰ গৱেষক- সাহিত্যিক ড॰  অনিল শইকীয়াৰ সঞ্চালনাত ‘অসমীয়া লোকসংগীত পৰম্পৰা’ শীৰ্ষক অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে লোক- সংগীত শিল্পী ধনদা পাঠক, বিশিষ্ট অতিথি হিচাপে গোৱালপৰীয়া লোক সংগীতৰ বিশিষ্ট শিল্পী মিনি ভট্টাচাৰ্য্য, প্ৰবীন শিল্পী অশোক ডেকা, বাণী দাস, সপোনটি বৰদলৈয়ে অংশগ্ৰহণ কৰিব। সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ গীতৰ অনুষ্ঠানেৰে অধিৱেশনৰ সামৰণি পৰিব।

-বাৰপূজীয়া পাঁচোৰজা সমন্বয় ক্ষেত্ৰৰ পৰা বুলন চন্দ্ৰ নাথ, ৰহা

Leave A Reply