Breaking

দ্বাদশ পূৱ হিমালয়ান বাণিজ্য মেলা উদ্বোধন কৰিলে উদ্যোগ মন্ত্রী বিমল বড়াই

0 66


“এনে ধৰণৰ বাণিজ্য মেলাৰ জৰিয়তে আমাৰ ক্ষুদ্ৰ উদ্যোগী সকলে সাহস পায়, বাণিজ্য প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত লাভবান্বিত হয়” গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্ৰতিষ্ঠান খেলপথাৰত ভাৰতীয় বাণিজ্য উন্নয়ন সংস্থা চমুকৈ আই টিপি অই আজিৰে পৰা সাত দিনীয়াকৈ আয়োজন কৰা দাদ্বশ পূৱ হিমালয়ান বাণিজ্য মেলা উদ্বোধন কৰি প্ৰদান কৰা ভাষনত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই এইদৰে কয়।

এই বাণিজ্য মেলাৰ জৰিয়তে আমাৰ উদ্যোগী সকলে বাহিৰৰ উদ্যোগী সকলৰ সৈতে মিলিত হৈ মত বিনিময়ৰ সুবিধা পাব, যাৰ জৰিয়তে তেওলোকে নিজস্ব ব্যৱসায়ৰ সৈতে জৰিত বিভিন্ন খুটি নাতিৰ কথা অৱগত হ’ব পাৰিব বুলি মন্তব্য কৰি মন্ত্রী বড়াই এই মঞ্চ খনৰ পৰা আমাৰ উদ্যোগী সকলে আমাৰ অৰ্থ নৈতিক বিকাশত প্ৰভূত বৰঙণি যোগাবলৈ সক্ষম হ’ব বুলিও আশা প্ৰকাশ কৰে।


বাণিজ্য মেলা খনৰ উদ্বোধনী অনুষ্ঠানত ভাষন প্ৰদান কৰি ৰাজ্যৰ উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰন কুমাৰ সিঙে এই বাণিজ্য মেলাখন উত্তৰ পূৱৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীত নিয়মীয়াকৈ অনুষ্ঠিত হ’লে ইয়াৰ ৰাজ্য কেই খনৰ উদ্যোগী সকল লাভৱান্বিত হ’ব বুলি উল্লেখ কৰি ভূটান আৰু নেপালকো ইয়াৰ অন্তর্ভুক্ত কৰিলে ভাল হ’ব বুলি কয়।


অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ চমুকৈ এম এছ এম ইৰ সঞ্চালক আৰ কে গিৰীয়ে দক্ষিণ পূৱ এছিয়াৰ দেশ সমূহলৈ এই অঞ্চলৰ বাণিজ্যৰ প্ৰসাৰ ঘটোৱাই এম এছ এম ইৰ এক প্ৰধান লক্ষ্য বুলি উল্লেখ কৰি
উদ্যোগিক ক্ষেত্রখনত পিছ পৰি থকা এই অঞ্চলটোক আগবঢ়াই নিয়াৰ বাবে সংস্হাটোৱে প্ৰচেষ্টা চলাই যাব বুলি কয়।

এই উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ বিভাগৰ সচিব ড০লক্ষ্মণন এছ, অসম উদ্যোগীক আন্ত:গাথনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক চিন্ময় ফুকন, অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকা, আই পিটিঅ’ৰ প্ৰবন্ধক হেমা মাই টিকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

Leave A Reply