Breaking

ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস সম্পন্ন

0 25

ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস দেওবাৰে দিনয়োৰা কাৰ্যসূচীৰে দিচপুৰস্থিত ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পত অনুস্থিত হয়৷ এই উপলক্ষে পুৱা দহ বজাৰ পৰা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত ক্ৰীড়া বিষয়ক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

ক্ৰীড়া সংগঠক, ক্ৰীড়া সাংবাদিক পুলিন দাস আৰু নৃপেন্দ্ৰ নাৰায়ন সিংহ সোঁৱৰনি এই চিত্ৰাংকন প্ৰতিযোগিতাত অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে । প্ৰতিযোগিতা উদ্বোধন কৰে আন্তঃ ৰাষ্ট্ৰীয় খেলুৱৈ তথা গুৱাহাটী টেনিচ ক্লাৱৰ সভাপতি কল্যাণ কুমাৰ দাস আৰু ১২৮ নং চি আৰ পি এফ, নুনমাটিৰ চেকেণ্ড লেফটেনেন্ট আৰিয়ান কুমাৰে।

ইয়াৰ পিচতে অনুষ্ঠিত খেল মহাৰণ ২০২৩ -২০২৪ শীৰ্ষক আলোচনা চক্ৰত সমল ব্যক্তিৰূপে ভাষণ দিয়া অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক প্ৰদীপ টিমুঙে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ প্ৰতিভাসমূহক এখন মঞ্চ দিয়াৰ বাবে আৰু প্ৰতিভাসমূহক বিচাৰি উলিয়াবলৈ অসম চৰকাৰ আৰু ক্ৰীড়া বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে আলোচনা কৰে।

এই আলোচনা চক্ৰত অংশ গ্ৰহণ কৰি প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তৈবুন নেছা, ক্ৰীড়া সংগঠক আৰু গুৱাহাটী টেনিছ সন্থাৰ সভাপতি কল্যাণ কুমাৰ দাস, ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিব প্ৰধান হেমন্ত কুমাৰ কলিতা,চাউথ পইন্ট স্কুলৰ অধ্যক্ষ কৃষ্ণাঞ্জন চন্দ, ১২৮ নং চি আৰ পি এফ, নুনমাটিৰ এছিষ্টান্ত কমাণ্ডদেন্ত আৰিয়ান কুমাৰ, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৰাজকুমাৰ দাস আদিয়ে খেল মহাৰণ সম্পৰ্কে বিভিন্ন পৰামৰ্শ আগবঢ়াই ।

জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক উদয় বৰগোহাঁয়ে আঁত ধৰা অনুষ্ঠানত প্ৰতি বছৰৰ দৰে এইবাৰো চাৰি গৰাকী প্ৰতিভাবান খেলুৱৈ ক্ৰমে ভাৰোত্তোলক ৰিকি গগৈ, ফুটবলাৰ মাইডাংশ্ৰী নাৰ্জাৰী, টাইকোৱাণ্ডো খেলুৱৈ এনশিখা সিং, আৰু ডবা খেলুৱৈ মায়াংক চক্ৰৱৰ্তীক এন আৰ এল কেচ এৱাৰ্ড সহ নগদ ২৫ হাজাৰ টকা, মানপত্ৰ, জাপি আৰু স্মাৰকেৰে প্ৰয়াত ক্ৰীড়া সাংবাদিক গৌতম বৰা আৰু কুলেন কলিতা সোঁৱৰণি মোষ্ট প্ৰমিজিং আৰু মোষ্ট আপকামিং বঁটা প্ৰদান কৰা হয় ।

এই অনুষ্ঠানতে বঁটা প্ৰাপ্ত চিত্ৰাংকন প্ৰতিযোগীসকলক পুলিন দাসৰ পুত্ৰ কল্যাণ কুমাৰ দাসৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰাইজমানি আৰু বঁটা প্ৰদান কৰা হয়৷ আজিৰ অনুষ্ঠানত ক্ৰীড়া সাংবাদিক তথা ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা, অসমৰ সভাপতি পুলিন সাহা, কাৰ্যকৰী সভাপতি কুমুদ তালুকদাৰ, সাধাৰণ সম্পাদক পবিত্ৰ কুমাৰ গগৈ, সাংবাদিক হিলদুল গগৈ, অনিৰুদ্ধ যাদৱ, ৰাজেশ সিং গোল্ডী , আজাদ গগৈ আদিকে ধৰি বহু গন্য মান্য ব্যক্তি উপস্থিত আছিল।

Leave A Reply