Breaking

চিলাপথাৰ জিলা সমিতিৰ উদ্যোগত আৰু মাজৰবাৰী আঞ্চলিক সমিতিৰ সহযোগত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস…

0 46

পিছপৰা, অনুন্নত, অনগ্ৰসৰ অঞ্চলৰ সৰ্বাঙ্গীণ বিকাশ হ’বলৈ ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই, মাজৰবাৰীত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

চিচি-চিলাপথাৰ জিলা সমিতিৰ উদ্যোগত আৰু মাজৰবাৰী আঞ্চলিক সমিতিৰ সহযোগত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি চিমেনমুখ মাজৰবাৰীৰ বুধবৰীয়া সাৰ্বজনীন ৰাস মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা হয়।প্ৰতিষ্ঠা দিৱসৰ পুৱা ৬-৩০ বজাত ৰবীন্দ্ৰনাথ মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ঘনকান্ত হাজঙৰ নেতৃত্বত স্বচ্ছতা অভিযান।পুৱা ৭-৩০ বজাত গছপুলি ৰোপণ কৰি চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য সুজিত হাজঙে কয় গছপুলি ৰোপণ কৰি ইয়াৰ প্ৰতিপালন কৰিব লাগিব আৰু সমাজখন সেইজীয়াকৰণ কৰাৰ লগতে পৰিৱেশতন্ৰক ৰক্ষা কৰিব লাগিব বুলি উল্লেখ কৰি প্ৰদূষণমুক্ত সমাজ নিৰ্মাণত সকলোৱে আগবাঢ়িব লাগিব বুলি কয় । পুৱা ৯-৩০ বজাত পতাকা উত্তোলন কৰে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি জাৰিমিন নাৰ্জাৰীয়ে। পতাকা উত্তোলন কৰি দিয়া ভাষনত তেওঁ কয় এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে সংবিধান প্ৰদত্ত অধিকাৰ আৰু সুবিধা সমূহ প্ৰতিগৰাকী নাগৰিকে উপভোগ কৰাৰ ব্যৱস্থা আছে বুলি বক্তব্য ৰাখি চৰকাৰে সকলো শ্ৰেণীৰ ৰাইজৰ কল্যাণৰ বাবে দায়িত্ব-কৰ্তব্য পালন কৰা উচিত বুলি উনুকিয়াই দশক দশক ধৰি বিভিন্ন জ্বলন্ত সমস্যাৰে ভাৰাক্ৰান্ত হোৱা জনগণৰ জীৱন-সম্পত্তিৰ উত্তৰণ, বিকাশ, সুৰক্ষা আৰু নিৰাপত্তাৰ পাবৰ বাবে ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই বুলি ভাষনত কয়। পুৱা ১০ বজাত স্মৃতি তৰ্পণ কৰে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উপ সভাপতি গন্ধেশ্বৰ গগৈয়ে। দিনৰ ১১-৩০ বজাৰ পৰা জিএনএছএমৰ উপ সভাপতি গন্ধেশ্বৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন উদ্ধোধন কৰি ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় উমৈহতীয়া,জ্বলন্ত আৰু বৃহৎ বৃহৎ সমস্যাৰ সমাধানৰ বাবে শক্তিশালী আৰু সাৰ্বজনীন সংগঠনৰ অতীব প্ৰয়োজন বুলি বক্তব্য ৰাখি পুনৰ কয় সৰু-বৰ সকলো জাতি-জনগোষ্ঠীৰ মাজত দীৰ্ঘবছৰ ধৰি অব্যাহত থকা বিভিন্ন সমস্যা সমূহৰ আশু সমাধানৰ বাবে জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো ৰাইজক লৈ গঠন কৰা গণতান্ত্ৰিক সংগঠনৰ ভূমিকা যথেষ্ট আছে আৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা বৃদ্ধি পাবলৈ লৈছে বুলি উল্লেখ কৰি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চই জন্ম লগ্নৰে পৰাই নৈপৰীয়া, কৃষিজীৱী তথা গ্ৰাম্যঞ্চলৰ জনগণৰ সৰ্বাঙ্গীণ উন্নয়নৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি বক্তব্য আগবঢ়ায়। 

মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষনত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোনোৱালে কয় বিশ্বায়ন আৰু প্ৰতিযোগিতামূলক যুগত নিজকে উচ্চ শিখৰত অৱতীৰ্ণ হ’বলৈ সকলো ক্ষেত্ৰতে প্ৰতিগৰাকী নাগৰিক স্ব-নিৰ্ভৰশীল হোৱাৰ অতীব প্ৰয়োজন। বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত বিশ্ব সমাজে ন ন চিন্তাৰে আগুৱাই যোৱাৰ সময়ত গুণগত মানদণ্ডৰ শিক্ষাৰে শিক্ষিত কৰি উঠি অহা প্ৰজন্মক উচ্চমানৰ মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ সমান্তৰালভাৱে কৃষিকৰ্ম আৰু অন্যান্য ক্ষেত্ৰত জড়িত সকলোৱে যাতে দক্ষতা বিকাশৰ জৰিয়তে বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ  কৰি কৰ্ম-সংস্কৃতি সৃষ্টি কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ ভাষন আগবঢ়ায়। নিৰ্দিষ্ট বক্তাৰ ভাষনত জিএনএছএমৰ সহকাৰী সাধাৰণ সম্পাদক ফনীধৰ দ্বাৰিকে কয় ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে কেবাটাও দশক ধৰি সৃষ্টি কৰি অহা বান-খহনীয়াই হাজাৰ হাজাৰ জনবসতিপূৰ্ণ কৃষিজীৱী গাওঁ বিধ্বস্ত কৰি পেলালে আৰু হাজাৰ হাজাৰ পৰিয়াল গৃহহাৰা হ’ল বুলি বক্তব্য ৰাখি চৰকাৰে নৈপৰীয়া ৰাইজৰ জীৱন-সম্পত্তি সুৰক্ষাৰ ক্ষেত্ৰত চুড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি উনুকিয়াই অসমৰ জ্বলন্ত আৰু জাতীয় সমস্যা হিচাপে পৰিগণিত হোৱা বান-খহনীয়া সমস্যাৰ বিজ্ঞানসন্মত,দীৰ্ঘম্যাদী আৰু শক্তিশালীভাৱে নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায়।

সভাত বিশিষ্ট অতিথিৰ ভাষনত ধেমাজি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সোমৰাজ পুৰীয়ে কয় যে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ ই লোৱা কেতবোৰ দাবীৰ সমান্তৰালকৈ বাঙালী হিন্দু আৰু গোৰ্খা সকলৰ প্ৰতি চৰকাৰ খনে বাৰে বাৰে ডি ভোটাৰ, বিদেশী নোটিশ, ডিটেনচন কেম্প ৰ লগতে সিহতীয়াকৈ জলন্ত-সমস্যা বসুন্ধৰা আঁচনিত বহু খিলঞ্জীয়া বাঙালী-গোৰ্খা জনগোষ্ঠীৰ লোক সকলক বিভিন্ন কাৰণ দৰ্শোৱাই বিভাগীয় কতৃপক্ষই আবেদন সমূহ বাতিল কৰি আহিছে । যিয়েতো জি এন এছ এম ত বহুতো বাঙালী গোৰ্খা লোক আছে । গতিকে এই দুই জনগোষ্ঠীৰ এই জলন্ত-সমস্যা সমূহৰ ওপৰতো গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চত এটি পদক্ষেপ ল’বলৈ তেওঁ লাভ জনায়। কিয়নো ধেমাজি জিলাত যুগ যুগ ধৰি বসবাস কৰি আহিছে। কিন্তু চৰকাৰী বাবে বাঙালী আৰু গোৰ্খা সকলক কিয় চৰকাৰখনে কিয় মাই আই চকুৰে দেখে বুলি প্ৰশ্ন কৰে। আজিৰ সভাত

অসম হাজং জাতীয় পৰিষদৰ সভাপতি ৰঘুনাথ হাজং, সন্মানীয় অতিথিৰূপে  সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ দাস,আক্ৰাছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি দিগেন ৰায়ে পিছপৰা, অনগ্ৰসৰ আৰু অনুন্নত অঞ্চলৰ সৰ্বাঙ্গীণ উন্নয়নৰ বাবে সকলো জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধ আৰু উমৈহতীয়া প্ৰচেষ্টাত সমাধানৰ পোষকতা কৰি ভাষন আগবঢ়ায়।সভাত  বিশিষ্ট অতিথি হিচাপে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উপদেষ্টা কালু দাস,বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম,ৰবীন্দ্ৰ পাণ্ডে, অধ্যক্ষ লালবাবু যাদৱ,এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী,অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী,সদৌ অসম ভোজপুৰী পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সুৰেন্দ্ৰ যাদৱ,ধেমাজি জিলা অনুসূচীত জাতি উন্নয়নৰ পৰিষদৰ উপ সভাপতি প্ৰদীপ দাস,চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য বীৰেশ নমঃশূদ্ৰ, বিশিষ্ট সমাজকৰ্মী ভূষণ ৰাজবংশী, জিএনএছএমৰ জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, চিচি-চিলাপথাৰ জিলা সমিতিৰ সভাপতি শৈলেশ দলে,সাধাৰণ সম্পাদক অমৰ্ত ৰাজবংশী,অধ্যক্ষ প্ৰতিনাথ দ্বাৰিক প্ৰমুখ্যে কেবাজনো বিশিষ্ট সমাজকৰ্মী উপস্থিত থাকিব।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

Leave A Reply