Breaking

জননেতা ভৃগু কুমাৰ ফুকনৰ ১৬তম মৃত্যু তিথি। অগপ জালুকবাৰী বিধান পৰিষদৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান…

0 95

অসম গন পৰিষদ জালুকবাৰী বিধান পৰিষদৰ উদ্যোগত জাতীয়তাবাদী জননেতা তথা প্ৰাক্তন গৃহমন্ত্ৰী ভৃগু কুমাৰ ফুকনৰ ১৬তম মৃত্যু তিথি আজি জালুকবাৰী বিধান পৰিষদৰ মুখ্য কাৰ্যালয় আমিনগাঁওত দিনযোৰা কাাৰ্যসূচীৰে পালন কৰা হয়। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অগপ জালুকবাৰী বিধান পৰিষদৰ সভাপতি মনোজ শইকীয়াৰ নিৰ্দেশ তথা তত্ত্বাবধানত আৰু আমিনগাঁও আঞ্চলিক সমিতিৰ সহযোগত পালন কৰা হয়। জালুকবাৰী বিধান পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ হাহ‌ কুকুৰা আৰু পশু ধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থকাৰ কথা আছিল যদিও এক চৰকাৰী জৰুৰী কাৰ্য্যসূচীৰ বাবে উপস্থিত হ’ব নোৱাৰিলে। অনুষ্ঠানৰ আৰম্ভণিতে দলৰ পতাকা উত্তোলন কৰে জালুকবাৰী বিধান পৰিষদৰ ভাৰপ্ৰাপ্ত সভাপতি শংকৰ দাসে। ইয়াৰ পিছতেই জননেতা ভৃগু কুমাৰ ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণ কৰা হয়।

বন্তি প্ৰজ্বলন কৰে অসম গন পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য শ্ৰী গনেশ দাসে। মাল্যৰ্পন তথা পুস্পাঞ্জলি নিবেদন কৰে অসম গন পৰিষদ দলৰ জেষ্ঠ্য কৰ্মী তথা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত মইদুল ইছলাম বড়াৰ ভাতৃ ইমদাদুল ইছলাম বড়াই।এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বক্তব্য ৰাখি ইমদাদুল ইছলাম বড়াই জালুকবাৰী সমষ্টিত জাতীয়বাদী নেতা ভৃগু কুমাৰ ফুকনৰ অভাৱ আঞ্চলিকতাবাদৰ ক্ষেত্ৰত বাৰুকৈয়ে অনুভৱ কৰে বুলি উল্লেখ কৰে।ইয়াৰ উপৰিও অনুষ্ঠানত গনেশ দাস ,শংকৰ দাস আৰু অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিশ্বজিৎ বৰুৱায়ো বক্তব্য ৰাখে ।

জালুকবাৰী বিধান পৰিষদৰ অন্তৰ্গত প্ৰতিখন আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক সকলৰ ওপৰিও বৃহৎ সংখ্যক সদস্যৰ উপৰিও আঞ্চলিকতাবাদী বিশ্বাসী ৰাইজ উপস্থিত থাকি প্ৰয়াত জননেতা গৰাকীক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ এই মৃত্যু তিথি মহিলাসকলৰ নাম প্ৰসংগৰে উদযাপন কৰা হয়। আজিৰ এই অনুষ্ঠানত জালুকবাৰী বিধান পৰিষদৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰীতা বড়া, অসম যুৱ পৰিষদৰ সাংগঠনিক সম্পাদক মাধুৰ্য্য বড়া, জালুকবাৰী বিধান পৰিষদৰ সম্পাদক দিনেশ দাস,অসম গন পৰিষদ জালুকবাৰী বিধান পৰিষদৰ জেষ্ঠ্য নেতা চন্দন বৰুৱা, উৎপল বড়া,চন্দন জ্যোতি দাস,উৎপল তামুলী, নিৰ্মল মৰল, আদিৰ ওপৰিও বৃহত সংখ্যক সদস্য উপস্থিত থাকে।

Leave A Reply