সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ বাৰ্ষিক অধিৱেশন এইবেলি মৰিগাঁও জিলাত অনুষ্ঠিত হ’ব । অহা নৱেম্বৰ মাহৰ ২১ , ২২ , ২৩ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় স্কুল খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হব । আজি মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় স্কুল খেলপথাৰ প্ৰাংগণত লাইখুঁটা স্থাপন কৰা হয় ।
লাইখুঁটা স্থাপন কৰে মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি উপেন্দ্ৰ নাথ শৰ্মাই । উক্ত কাৰ্যসূচীত উপস্থিত থাকে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা , মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ নৰেন্দ্ৰ নাথ কেউত , মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ লীলাকান্ত বৰঠাকুৰ , ঘণকান্ত মহাবিদ্যালয়ৰ অধ্যক্ষ বিষ্ণু প্ৰসাদ উপাধ্যায় লগতে জিলা খনৰ বহু জ্যেষ্ঠ গণ্য মান্য ব্যক্তি , সদৌ অসম ছাত্ৰ সন্থাৰ বিভিন্ন জিলাৰ বিষয়ববীয়া , কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে । জিলা খনৰ প্ৰায় ৫ শতাধিক লোক উপস্থিত থাকি এক মংগলিক পৰিবেশৰ মাজেৰে কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তোলে।