Breaking

২১ নৱেম্বৰ পৰা কাটাৰত অনুষ্ঠিত হ’ব ২০২২ ফিফা বিশ্বকাপ ফুটবল…

0 588

ফুটবল প্ৰেমী সকলৰ বাবে ভাল খবৰ।২১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ ফুটবল।ফুটবল প্ৰেমীসকলৰ বাবে আছে এক ভাল খবৰ।২১ নৱেম্বৰ পৰা কাটাৰত অনুষ্ঠিত হ’ব ২০২২ ফিফা বিশ্বকাপ ফুটবল। বিশ্বকাপক আদৰিবলৈ সাজু হৈছে কাটাৰ চৰকাৰ।কাটাৰৰ ৮খনকৈ ফুটবল ষ্টেডিয়াম সজাই পৰাই তুলিছে।এতিয়া অপেক্ষা মাথোঁ ২১ নৱেম্বৰলৈ।চলিত বৰ্ষৰ বিশ্বকাপ ফুটবলত অংশগ্ৰহণ কৰিব ৩২ খন দেশে। চলিত বৰ্ষত অনুষ্ঠিত হ’ব লগীয়া খেলত ব্যৱহাৰ কৰা এটা ফুটবল আৰু ট্ৰফী মুকলি কৰিছে। শনিবাৰে খেলৰ সময়সূচীও প্ৰকাশ কৰে ফিফাই।অংশগ্ৰহণ কৰা দলসমূহক ৮টাকৈ ভাগত ভাগ কৰা হৈছে-গ্ৰুপ A,গ্ৰুপ B, গ্ৰুপ C, গ্ৰুপ D, গ্ৰুপ E, গ্ৰুপ F, গ্ৰুপ G আৰু গ্ৰুপ H এইবাৰ

গ্ৰুপ A : কাটাৰ, ইকুৱেডৰ, ছেনেগাল, নেডাৰলেণ্ড
গ্ৰুপ B : ইংলেণ্ড, ইৰাণ, আমেৰিকা, ইউৰো প্লে অফ
গ্ৰুপ C : আৰ্জেণ্টিনা, চৌদি আৰৱ, মেক্সিকো, পোলেণ্ড
গ্ৰুপ D : ফ্ৰান্স, আন্ত মহাদেশীয় প্লে’ অফ , ডেনমাৰ্ক, টিউনিচিয়া
গ্ৰুপ E : স্পেইন,আন্ত মহাদেশীয় প্লে’ অফ , জাৰ্মানী, জাপান
গ্ৰুপ F : বেলজিয়াম, কানাডা, মৰক্কো, ক্ৰোৱেছিয়া
গ্ৰুপ G : ব্ৰাজিল, চাইবেৰিয়া, চুইজাৰলেণ্ড, কেমেৰুন
গ্ৰুপ H : পৰ্তুগাল , ঘানা, উৰুগুৱে, দক্ষিণ কোৰিয়া
গ্ৰুপ E অভিহিত হৈছে গ্ৰুপ অৱ ডেথ হিচাপে। কিয়নো এই গ্ৰুপতে আছে জাৰ্মানী আৰু স্পেইন।


এটাকৈ গ্ৰুপত অন্তৰ্ভূক্ত কৰা হৈছে চাৰিটাকৈ দল। খেলৰ সময়সূচী মৰ্মে ৮খন ষ্টেডিয়ামত পৃথকে পৃথকে অনুষ্ঠিত কৰা হ’ব খেলসমূহ

Leave A Reply