Breaking

২০২৩ বৰ্ষৰ স্বৰ্গীয় ভিটালী দাস সোঁৱৰণী বঁটা কন্ঠ শীল্পী জুবলী বৰুৱালৈ; উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠান

0 56

অসমৰ সাংস্কৃতিক জগতৰ সংগীতৰ পথাৰৰ বাবে ২০২১ চনৰ ২২ এপ্ৰিল তাৰিখটো আছিল অতিকৈ মৰ্মান্তিক।এই দিনটোতেই অসম তথা উত্তৰ গুৱাহাটীবাসীয়ে হেৰুৱাইছিল বিহু গীতৰ কোকিল কন্ঠি গায়িকা ভিটালী দাসক।

সাংস্কৃতিক পথাৰ সেউজীয়া কৰাৰ অফুৰন্ত হেপাহেৰে নিজৰ সুন্দৰ কন্ঠ উজাৰি দিছিল এই গৰাকী উদিয়মান শিল্পী ভিটালী দাসে।

মৃত্যু চিৰন্তন সত্য যদিও এই গৰাকী সমাদৃত শিল্পীৰ ২১ এপ্ৰিলৰ মৃত্যু তিথিৰ এই দিনটোত উত্তৰ গুৱাহাটীৰ সংবাদ গোষ্ঠী “উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই তেওঁৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিবলৈ এক বৃহৎ পদক্ষেপ লৈ আহিছে।

এই পদক্ষেপ অনুসৰি উক্ত দিনা ভিটালী দাস লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰিও তেখেতৰ স্মৃতিত এটি সোঁৱৰণী বঁটা প্ৰদান কৰে।

এইবাৰ ২০২৩ বৰ্ষৰ ভিটালী দাস সোঁৱৰণী বঁটাৰ বাবে অসমৰ সাংস্কৃতিক জগত সংগীতেৰে জীপাল কৰা সুকন্ঠি গায়িকা জুবলি বৰুৱাক উত্তৰ গুৱাহাটী সাংবাদিক সন্থাই মনোনীত কৰিছে।

অহা ইং ২১ এপ্ৰিল ২০২৩ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত এক বৰ্ণাঢ্য স্মৃতিচাৰন সভাত জনপ্ৰিয় গায়িকা জুবলি বৰুৱাক এই বঁটা প্ৰদান কৰা হ’ব।

উক্ত দিনা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ভিটালী দাসৰ মৃত্যু অসমৰ সংগীত জগতৰ বাবে এক বৃহৎ ক্ষতি।

জানমণি,বগীতৰা,ৰাংঢালি,আইমনি, মইনাজান, গামোচা,তগৰ,চেংকলি গাগৰি আদিৰ দৰে একাধিক জনপ্ৰিয় শ্ৰাব্য কেছেটৰ উপৰিও প্ৰায় ৪ হাজাৰতকৈয়ো অধিক গীতত কন্ঠদান কৰিছিল ভিটালী দাসে।

প্ৰথম বছৰ ভিটালী দাস সোঁৱৰণী বঁটা আগবঢ়োৱা হৈছিল যশস্বী কন্ঠ শিল্পী তৰালী শৰ্মাক।

২১ এপ্ৰিল ২০২৩ ইং তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ ১১ বজাত আয়োজন কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ সকলো সাংস্কৃতিক প্ৰেমী ৰাইজৰ উপৰিও সকলো ৰাইজৰে উপস্থিতি কামনা কৰিছে উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি দিগন্ত বৰদলৈ আৰু সম্পাদক ৰূপক ডেকাই।

Leave A Reply