Breaking

অসম চৰকাৰৰ ২০২৪-২৫ বাজেটক আদৰণি ৰাজ্যিক বিজেপিৰ

0 64

অসমৰ সৰ্বস্তৰ জনগণৰ আশা-আকাংক্ষাৰ লগতে এখন আত্মনিৰ্ভৰশীল তথা সমৃদ্ধিশালী অসম গঢ়ি তোলাৰ প্ৰতি লক্ষ্য আগত ৰাখি বিধানসভাৰ পবিত্ৰ সদনৰ মজিয়াত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওঁগে দাখিল কৰা পূৰ্ণাংগ বিত্তীয় বাজেট ২০২৪-২৫ ক ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই আদৰণি জনাইছে।

এক প্ৰেছ বিবৃতিত কলিতাই কয়, এই বাজেট খন এখন সর্বাংগ উন্নয়ন তথা জনমুখী আৰু আন্তঃগাঁথনিমুখী বাজেট। ৰাইজৰ সৰ্বাঙ্গীন বিকাশ তথা দ্ৰুত উন্নয়নৰ স্বাৰ্থত আজিৰ বিত্তীয় বাজেটত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আচঁনি,অসম মালা ২.০ আঁচনিৰ জৰিয়তে পথসমূহ দ্ৰুত গতিত নিৰ্মাণ কৰাৰ বাবে কেইবা হাজাৰ কোটি টকা ধার্য কৰা হৈছে। তদুপৰি গ্ৰাম্য মহিলা উদ্যোগী সৱলীকৰণৰ পদক্ষেপৰে মুখ্যমন্ত্ৰী মহিলা উদ্যোমিতা অভিযান আঁচনি,অসম মাইক্ৰ ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে অসমৰ নাৰী শক্তিক ধাৰ মুক্ত কৰণ কৰি তুলিবলৈ তৃতীয় পৰ্যায়ত কেইবা হাজাৰ কোটি টকা ধার্য কৰা হৈছে।

আনহাতে মুখ্যমন্ত্ৰী মাইনা আঁচনিৰ জৰিয়তে উচ্চ শিক্ষাৰ নামভৰ্ত্তিৰ বাবে ১০ লাখ ছাত্ৰী সকলক উদগনি মূলক আৰ্থিক বিত্তীয় অনুদান আগবঢ়োৱা হব, পৌৰসভাত নিয়োজিত চাফাই কৰ্মচাৰী সকলৰ বাবে গৃহ নিৰ্মাণ, গ্ৰাম্য অঞ্চলৰ আত্মসহায়ক গোটৰ মহিলা সদস্যক ১০ হাজাৰ টকা প্ৰদান, কেইবাশ কোটি টকা ব্যয়েৰে ষ্টেডিয়াম নিৰ্মাণ, চৰকাৰী তথা ব্যক্তিগত গৃহত সৌৰ শক্তিৰ ব্যৱস্থাপনাৰ বাবে বাজেটত ধন ধাৰ্য কৰা হৈছে।

ৰাজ্যিক সভাপতি গৰাকীয়ে কয়, এই জনমুখী বাজেটখনে অনাগত দিনবোৰত ৰাজ্যখনক আৰু অধিক আগবঢ়াই নিয়াৰ লগতে অসমৰ অৰ্থ ব্যৱস্থাৰ ভেটি অধিক শক্তিশালী তথা সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশাবাদী। কলিতাই লগতে অসমবাসীক এখন সৰ্বগতিশীল বাজেট প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী অজন্তা নেওগক আন্তৰিক ধন্যবাদ জনাই।

Leave A Reply