মৰিগাঁও নগৰৰ মাজ মজিয়াত অনুষ্ঠিত হ’ব তিৱা সাংস্কৃতিক মহোৎসৱ ২০২৪

অহা মাৰ্চ মাহৰ শেষৰ ফালে মৰিগাঁও নগৰৰ মাজ মজিয়াত অনুষ্ঠিত হ’ব পোনপ্ৰথম বাৰৰ বাবে তিৱা সাংস্কৃতিক মহোৎসৱ ২০২৪। উক্ত অনুষ্ঠানৰ বাবে শুকুৰবাৰে শতাধিক লোকৰ উপস্থিতিত মৰিগাঁও পবিতৰা হাটত অনুষ্ঠিত হয় এখন সাধাৰণ সভা।

তিৱা স্বায়ত্ত পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য নাৰায়ন কুমাৰ ৰাদুকাকতিৰ পৌৰহীত্যত অনুষ্ঠিত সভাখনত উপস্থিত থাকে মৰিগাঁও বিধানসভাৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা ৰাজ দৰবাৰৰ সভাপতি জুৰচিং বৰদলৈ, বিশিষ্ট সাহিত্যিক ড॰ পুনীৰাম পাতৰ, মিলেশ্বৰ পাতৰ, তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰিমল আমছি, সমাজকৰ্মী চিমল দেউৰীকে প্ৰমুখ্য কৰি তিৱা জাতীয় সংগঠনৰ বিষয়ববীয়া আৰু মৰিগাঁও নগৰৰ স্থানীয় ৰাইজ।

সভাৰ সিদ্ধান্ত মৰ্মে অহা মাৰ্চ মাহৰ শেষৰ ফালে তিৱা সকলৰ চহকী সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰ তথা যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দি এই মহোৎসৱটি আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উক্ত মহোৎসৱৰ জৰিয়তে মধ্য অসমৰ তিৱা সকলৰ লগতে সমগ্ৰ অসমৰ তিৱা সকলৰ কৃষ্টি সংস্কৃতিৰ প্ৰতিফলন ঘটিব।

সভাই মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰীক সভাপতি, তিৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰক কাৰ্যকৰী সভাপতি আৰু পৰিষদৰ কাৰ্য্যবাহী সদস্য প্ৰণৱ জ্যোতি মচৰঙক সম্পাদক হিচাপে লৈ মুঠ ৫১ জনীয়া এখন উদযাপন সমিতি গঠন কৰি মহোৎসৱৰ কাম কাজ আগবঢ়াই নিবলৈ দায়িত্ব অৰ্পন কৰে। ইয়াৰ লগতে ১৩ জনীয়া এখন কৰ্ণধাৰ সমিতিও গঠন কৰা হয়।

Related Articles