Breaking

দ্বিতীয় বৈকুণ্ঠপুৰি খ্যাত বৰপেটা সত্ৰত জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ মহোৎসৱ

0 1,726

সমগ্ৰ ৰাজ্য ব্যাপী শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰাৰ সমান্তৰাল কৈ সত্ৰ নগৰী বৰপেটা সত্ৰত সম্পূৰ্ণ সত্ৰীয়া ৰীতি-নীতি পৰম্পৰা অনুসাৰে ৰাতিপুৱাৰ পৰা অধিক বন্তি জ্বলাই আৰু অধিক ঘোষা গায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হয়।অসমীয়া জাতিৰ জনক  মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ বৰপেটা সত্ৰত দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয়। ৰাতি পুৱাৰে পৰা  সত্ৰত উখল -মাখল পৰিবেশ দেখিবলৈ পোৱা যায়।প্ৰখৰ ৰ’দকো  নেওচি বৰপেটা সত্ৰৰ পৰা আৰম্ভ কৰি বৰপেটা চহৰৰ মাজেৰে এখন ধৰ্মীয় শোভাযাত্ৰা আৰম্ভ কৰে। এই শোভাযাত্ৰাত গায়ন-বায়নে খোল বজাই  লগতে বাপু সকল আৰু আইসকলৰ নাম প্ৰসঙ্গৰে মুখৰিত কৰে সত্ৰ নগৰী বৰপেটা

Leave A Reply