Breaking

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ নাজিৰা জিলা শাখাৰ ৩১ সংখ্যক বাৰ্ষিক অধিৱেশন

0 29

শ্ৰীমন্ত শংকৰ দেৱৰ ধৰ্মাদৰ্শ, সাহিত্য-সংস্কৃতি, নৈষ্ঠিক সংৰক্ষণ আৰু বহুল প্ৰচাৰৰ যোগেদি জাতি – ধৰ্ম নিৰ্বিশেষে মানৱ সমাজক একতাবদ্ধ কৰা পূৰ্বোত্তৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ ৩১ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি দোপদৰ আঞ্চলিক শাখাৰ আতিথ্যত গায়ন গাঁও বৰনামঘৰ প্ৰাংগণ তথা মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।

দ্বিতীয় দিনা সংঘৰ জিলা সাহিত্য শাখা , জিলা সেৱা বাহিনীৰ সাধাৰণ পৰিষদ , জিলা সাংস্কৃতিক শাখাৰ অধিৱেশন, শিশু আৰু আইমাতৃ কল্যাণ সমিতিৰ সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত হয়। শনিবাৰৰ অনুষ্ঠানত বিধায়ক তথা বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰাৰ লগতে জিলা শাখাৰ ছখন আঞ্চলিকৰ ১০৫ প্ৰাথমিক শাখাৰ সহস্ৰাধিক ভকত – বৈষ্ণৱে অংশগ্ৰহণ কৰি মণিকাঞ্চন সমন্বয় ক্ষেত্ৰ” আধ্যাত্মিক চেতনাৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰিছে।

-দিলীপ হাজৰিকা, নাজিৰা

Leave A Reply