Breaking

ৰাজীৱ ভৱনত প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন ৰাজীৱ গান্ধীৰ ৩৩তম মৃত্যুবাৰ্ষিকী উদযাপন

0 48

গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত দেউবাৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন ৰাজীৱ গান্ধীৰ ৩৩তম মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয়৷

মহানগৰীৰ ৰাজীৱ ভৱনত গুৱাহাটী মহানগৰ কংগ্ৰেছ কমিটিৰ উদ্যোগত গুৱাহাটী মহানগৰৰ অন্তৰ্গত এহেজাৰ মহিলাৰ মাজত বস্ত্ৰ বিতৰণ কৰে।

অনুষ্ঠানত উপস্থিত থাকে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, গুৱাহাটী মহানগৰ কংগ্ৰেছ কমিটিৰ সভাপতি নৱজ্যোতি তালুকদাৰ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বিধায়িকা শিৱামনি বৰা, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, আব্দুৰ ৰছিদ মণ্ডলকে ধৰি মহানগৰীৰ বহুকেইটা ব্লকৰ কংগ্ৰেছ কৰ্মীৰ লগতে কংগ্ৰেছৰ বহুতো নেতা কৰ্মী।

Leave A Reply