Breaking

৩৭ সংখ্যক গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত উজ্বলিল ওদালগুৰি জিলাৰ জেউতি আৰু দেৱীকা

0 69

৩৭ সংখ্যক গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত পেঞ্চাক চিলাট খেলত ৰূপৰ পদক পোৱা জেউতি বড়ো আৰু ব্ৰঞ্জৰ পদক পোৱা দেৱীকা বড়োক লৈ টংলা চহৰত অনুৰাগীসকলে মঙলবাৰে শোভাযাত্ৰা কৰে।

শোভাযাত্ৰাৰ সময়ত বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে উষ্ম আদৰণি জনায়।

খেলুৱৈ দুগৰাকীক গুৱাহাটী বিমান বন্দৰৰ পৰা বিপুল আদৰণি জনাই গৃহ জিলা ওদালগুৰিলৈ আদৰণি অনা হয়।

বোকাত পদুম ফুল হৈ ফুলি সোণ হৈ অসমৰ লগতে জিলা তথা গাঁওখনক উজ্বলোৱা জেউতি আৰু দেৱীকাৰ কৃতিত্বত বিভিন্ন দল সংগঠনে, গাঁওবাসীয়ে অতি উৎফুল্লিত হৈ পৰিছে।

ডিমাকুছি থানাৰ অন্তৰ্গত ১নং চিংৰীবাৰী গাঁৱৰ দৰিদ্ৰ কৃষক হাদৱচা বড়ো আৰু পদুমী বড়োৰ সুকন্যা জেউতি বড়োৱে গাঁৱত প্ৰৱেশ কৰা লগে লগে খেৰাই কৃষ্টি দলৰ মাদলৰ ছন্দত নাচি বাগি, জয় ধ্বনি দি, ফটকা ফুটাই ভৰি হাত ধোৱাই, ফুল ছটিয়াই আদৰণি জনায়।

আনহাতে ওদালগুৰি জিলাৰ টংলা ঘিউনলাৰ দৰিদ্ৰ কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰা সুকন্যা দেৱীকায়ো ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰা বাবে গাওঁবাসীয়ে উৎফুল্লিত হৈ পৰে।

■অৰূপ বড়ো, টংলা

Leave A Reply