Breaking

১৩-১৪ মে’ত গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ ৩৯ সংখ্যক কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱঃ প্ৰখ্যাত শিল্পী লোকনাথ গোস্বামীলৈ অই আপ্পুন গণেশ পেগু বঁটা…

0 61

গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত ৩৯ সংখ্যক কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱটি ১৩ আৰু ১৪ মে’ত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ ধেমাজি জিলাৰ গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হ’ব লগা উক্ত ব’হাগী বিদায় উৎসৱ সফলভাৱে উদ্‌যাপন কৰিবলৈ  প্ৰবীণ চেতিয়াক সভাপতি, জয়ন্ত বৰগোঁহাইক কাৰ্যকৰী সভাপতি, ঋতুপৰ্ণ কোঁচক সম্পাদক, মৃদুল হাজৰিকা আৰু অনিৰ্বাণ শইকীয়াক যুটীয়া সম্পাদক হিচাপে এক শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰা হৈছে ৷ উদ্‌যাপন সমিতি আৰু গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি দিগন্ত বৰুৱা আৰু সম্পাদক ৰাহুল দেউৰীয়ে জনোৱা মতে এইবাৰ কেন্দ্ৰীয় ব’হাগী বিদায় উৎৱসত বিশিষ্ট শিল্পী-সাহিত্যিক, অসম চৰকাৰৰ শিল্পী বঁটা আৰু যোৰহাট বকুল বন বঁটা প্ৰাপক অই আপ্পুন গণেশ পেগু বঁটা প্ৰদান কৰিব বিশিষ্ট শিল্পী, গীতিকাৰ-সুৰকাৰ, সাহিত্যিকবহু কালজয়ী গীতৰ স্ৰষ্টা  লোকনাথ গোস্বামীক প্ৰদান কৰিব ৷

উল্লেখ্য যে লোকনাথ গোস্বামীৰ জন্ম হৈছে ১৯৫০ চনৰ ২৮ অক্টোবৰত সত্ৰাধিকাৰ চন্দ্ৰকান্ত গোস্বামী আৰু পদ্মা দেবীৰ ঔৰষত ৷ মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিন্‌ ধাও, আমোমোল শেৱালীৰ গোন্ধ আদি চিৰসেউজ গীতৰ লগতে বহু সুখপাঠ্য গ্ৰন্থৰো স্ৰষ্টা লোকনাথ গোস্বামীক অই আপ্পুন গণেশ পেগু বঁটা প্ৰদান কৰাত গোগামুখবাসী উৎফুলিত হৈ পৰিছে ৷ প্ৰসিদ্ধ শিল্পী-সাহিত্যিক লোকনাথ গোস্বামীয়ে  দ বেছেৰীয়াত প্ৰাথমিক আৰু বেছেৰীয়া হাইস্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈছিল ৷ দৰং মহাবিদ্যালয়ত ৰসায়ন বিজ্ঞান বিভাগত অনাৰ্চসহ  স্নাতক ডিগ্ৰী লাভ কৰে ৷ কলেজীয়া শিক্ষা সাং কৰি প্ৰথমে তেজপুৰ একাডেমীত শিক্ষকতা জীৱন আৰম্ভ কৰে ৷

ইযাৰ  পাছত তেজপুৰৰ পৰা নামৰূপলৈ গৈ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত এচিষ্টেণ্ট কেমিষ্ট হিচাপে ১৯৭৬ চনত চাকৰিত যোগদান কৰে ৷ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ পৰা চন্দ্ৰপুৰ তাপ বিদ্যুৎকেন্দ্ৰ, বিজুলী ভৱনৰ  মুখ্য কাৰ্যালয়  পদোন্নতিসহ বদলি অৱশেষত পুনৰ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ পৰা সহকাৰী  মহাপ্ৰবন্ধক হিচাপে ২০১২ চনৰ জানুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰে ৷ তেওঁ শৈশৱৰ পৰা গীত-নত্য,  ভাওনা, নাটক আদিত জৰিত আছিল ৷ তেজপুৰৰ বাণ থিয়েটাৰটো তেওঁ অভিনয় কৰিছিল ৷ এই মহান শিল্পী-সাহিত্যিকগৰাকীক ব’হাগী বিদায় উৎসৱৰ দ্বিতীয় দিনা অই আপ্পুন বঁটা প্ৰদান কৰিব ৷ এই বঁটাত আছে নগদ ধন, ফুলাম গামোচা, সফুঁৰা. সম্বৰ্ধনা পত্ৰ, ফুলাম জাপি, ৰিঃবি গাছেং, মিবু গালুগ আদি ৷ গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই প্ৰতি বছৰে অই আপ্পুন গণেশ পেগুৰ সন্মানাৰ্থে এই বঁটা অসমৰ বিশিষ্ট শিল্পী সকলক প্ৰদান কৰি আহিছে ৷ 

ইপিনে গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱৰ কাৰ্যসূচী অনুযায়ী প্ৰথম দিনা পুৱা বিহু পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বিহুৱান, পিঠা-পনা বনোৱা, ৰচনা, চিত্ৰাংকন. ৰছী টনা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ বিপৰীতে বিয়লি বিয়লি বিহু মঞ্চ উদ্বোধন, টকা বিহু, সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷ দ্বিতীয় দিনা পুৱা আৰু দুপৰীয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব ধেমাজি জিলা উপায়ুক্ত অংকুৰ ভৰালীয়ে ৷ অংশগ্ৰহণ কৰিব জনপ্ৰিয় অভানেত্ৰী ৰিম্পি  দাস আৰু অভিনেতা সুব্ৰত দেউৰীয়ে ৷ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব সোৱণশিৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰূপেশ্বৰ চেতিয়াই ৷ ইয়াৰ পাছত মুকলি বিহু প্ৰতিযোগিতা, আছুৰ প্ৰতিভা সন্ধানী পৰীক্ষাৰ বঁটা বিতৰণ কৰা হ’ব ৷ বিয়লি ব’হাগী বিদায় উৎসৱ উপলক্ষে প্ৰকাশিত ‘জেতুকা’ উন্মোচন কৰিব বিশিষ্ট লেখিকা নিবেদিতা বড়া সন্দিকৈয়ে ৷ সন্ধিয়া মুকলি সভা আৰু বঁটা বিতৰণি সভা অনুষ্ঠিত হ’ব ৷

Leave A Reply