Breaking

মৰিগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন

0 39

জাগীৰোড শাখা কবি সন্মিলন আৰু কলং-কপিলী শাখা কবি সন্মিলনৰ যৌথ ব্যৱস্থাপনাত মৰিগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি- বাৰ্ষিক অধিৱেশনখন এদিনীয়া কাৰ্যসূচীৰে জাগীৰোড মহাবিদ্যালয়ত দেওবাৰে অনুষ্ঠিত হয়। মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি আবুল হাছেম আল আমানে পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। মৰিগাঁও জিলা কবি সন্মিলনৰ উপ: সভাপতি অনিৰুদ্ধ ডেকাই বন্তি প্ৰজ্বলন কৰাৰ লগতে জাগীৰোড শাখা কবি সন্মিলনৰ সভাপতি উত্তম চন্দ্ৰ ডেকাই স্মৃতি তৰ্পণ কৰে।

আনহাতে লোক সংস্কৃতিৰ গৱেষক তথা সাহিত্যিক লোকেন্দ্ৰ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত কবিতা পাঠৰ অনুষ্ঠানত জিলাৰ শতাধিক ন-পুৰণি কবিয়ে কবিতা পাঠ কৰে। মৰিগাঁও জিলা কবি সন্মিলনৰ সভাপতি আবুল হাছেম আল আমানৰ সঞ্চালনাত অনুষ্ঠিত প্ৰতিনিধি সভাত অনিৰুদ্ধ ডেকাক সভাপতি, ড° উৎপল নাথ, জগদীশ নাথ আৰু ভৱেন চন্দ্ৰ নাথক উপ: সভাপতি ৰাজীৱ চহৰীয়াক সম্পাদক, জয়ন্ত সাগৰ শইকীয়াক পত্ৰিকা সম্পাদক হিচাপে লৈ মৰিগাঁও জিলা কবি সন্মিলনৰ ২০২৩-২৫ বৰ্ষৰ নতুন সমিতিখন গঠন কৰা হয়।

সভাত পৰ্যৱেক্ষক ৰূপে সদৌ অসম কবি সন্মিলনৰ সম্পাদক পৱন শৰ্মা আৰু সাংগঠনিক সম্পাদক ভৱেন চন্দ্ৰ নাথ উপস্থিত থাকে। উল্লেখযোগ্য যে, মৰিগাঁও জিলা কবি সন্মিলনৰ নৱনিৰ্বাচিত সভাপতি অনিৰুদ্ধ ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে। সভাত উপস্থিত থাকি সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইনে কয় কবিতা বিপ্লৱৰ ভাষা। কবিতা আমাৰ জীৱন।

কবিতা বুজিবলৈ আমি ভাল কবিৰ উচ্চ মানৰ কবিতা পঢ়িবই লাগিব। আনহাতে জাগীৰোড শাখা কবি সন্মিলনৰ সদস্যাসকলে মৰিগাঁও জিলা কবি সন্মিলনৰ শীৰ্ষ গীত পৰিৱেশন কৰি শুভাৰম্ভণি কৰা সভাখনত সদৌ অসম কবি সন্মিলনৰ উপ: সভানেত্ৰী ড° লখিমী গগৈ, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰদীপ শইকীয়া, প্ৰাক্তন সম্পাদক সঞ্জীৱ সাগৰ চৌধুৰী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত বিশিষ্ট শিল্পী, সাহিত্যিক অশোক ডেকা, বিশিষ্ট নিবন্ধকাৰ – সাহিত্যিক মিলেশ্বৰ পাতৰ, গীতিকবি সুৰেন্দ্ৰ নাথ ডেকা, মৰিগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন পত্ৰিকা সম্পাদক হেমন্ত ভাৰতী, শিশু সাহিত্যিক বুবুল চন্দ্ৰ ডেকাক গামোচা, চেলেং , জাপি আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত জয়ন্ত সাগৰ শইকীয়া সম্পাদিত মৰিগাঁও জিলা কবি সন্মিলনৰ পত্ৰিকা ‘ কাব্য অনুৰণন ‘ উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি প্ৰদীপ শইকীয়াই।

একেদৰে মাধৱ চন্দ্ৰ ডেকা আৰু ভবেন চন্দ্ৰ নাথ সম্পাদিত সদৌ অসম কবি সন্মিলনৰ আজীৱন সভ্যৰ জীৱনী গ্ৰন্থ ‘ সতীৰ্থ ‘ উন্মোচন কৰে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে। প্ৰতিভা দেওৰজা সম্পাদিত জাগীৰোড শাখা কবি সন্মিলনৰ কাব্য পত্ৰিকা ‘ কাব্য বীথিকা ‘ উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই।

সভাত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইনে কবি ভূৱন চন্দ্ৰ ডেকাৰ কাব্য গ্ৰন্থ ‘ মুখাৰ আঁৰৰ মুখা ‘, বিশিষ্ট কবি প্ৰদীপ শইকীয়াই কবি ভৱেন চন্দ্ৰ নাথৰ কাব্যগ্ৰন্থ ‘ পাতসিয়াৰ ঠোঁটত ৰ’দৰ সূতা ‘ আৰু মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই মঞ্জু দেৱীৰ গ্ৰন্থ ‘ নাম মাধুৰ্য ‘ উন্মোচন কৰে। মৰিগাঁও জিলা কবি সন্মিলনৰ সম্পাদক মাধৱ চন্দ্ৰ ডেকা আৰু নৱ নিৰ্বাচিত সম্পাদক ৰাজীৱ চহৰীয়াই আঁত ধৰা অনুষ্ঠানটি সদৌ অসম কবি সন্মিলনৰ কাব্য মন্ত্ৰৰে সামৰণি পৰে।

Leave A Reply