কামৰূপ জিলাৰ বকোত সাংস্কৃতিক শোভাযাত্ৰাৰে বীৰ লাচিতৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উদযাপন…

কামৰূপ জিলাৰ বকোত বুধবাৰে বকো আৰক্ষী থানা,কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, বগাই সাংস্কৃতিক ও ক্ৰীড়া সংগঠনৰ লগতে স্থানীয় যুৱকৰ উদ্যোগত উদযাপন কৰা হয় বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী।এই জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি পুৱাই বকো গান্ধী মৈদানৰ পৰা বকো বজাৰ হৈ এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ফনীন্দ্ৰ নাথে।শোভাযাত্ৰা মুকলি কৰা প্ৰাকমুহৰ্তত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক এখন ফুলাম গমোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে বগাই সংগঠনৰ মূল সমিতিৰ সভাপতি ছংগিত বড়োৱে।

ইয়াৰ পিছতে আৰক্ষী বিষয়া গৰাকীয়ে দুআষাৰ উদ্বোধনী ভাষণ দি শোভাযাত্ৰা মুকলি হোৱা বুলি ঘোষণা কৰে। এই বাৰেৰহনীয় সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহন কৰে ৰাভা,গাৰো,গোৰ্খা,বড়ো আদিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠী তথা দল সংগঠনে। এই শোভাযাত্ৰাৰ সামৰনি পৰে বকো গান্ধী মৈদানত। ইয়াৰ পিছতে বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী সন্দৰ্ভত বকো গান্ধী মৈদানত এখনি আলোচনা সভা অনুষ্ঠিত হয়।

Related Articles