Breaking

অসম বাৰ্তাজীৱী সংঘৰ ৪৬ সংখ্যক অধিৱেশন সম্পন্ন, নতুন সমিতিৰ দ্বায়িত্ব গ্ৰহণ…

0 51

অসম বাৰ্তাজীৱী সংঘৰ ৪৬সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশনখনি সোমবাৰে গুৱাহাটী মহানগৰীৰ ৰূপনগৰৰ মিডিয়া ট্ৰাষ্টত অনুষ্ঠিত হয়। অধিৱেশন উপলক্ষে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, প্ৰতিনিধি সভা তথা সাধাৰণ সভা আদি অনুষ্ঠিত হয়। সেই অনুসৰি পুৱা ১০ বজাত সংঘৰ পতাকা উত্তোলন কৰে সভাপতি টুটুমণি ফুকনে। ১০-১৫ বজাত স্মৃতি তৰ্পণ মুকলি কৰে সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই। আনহাতে দিনৰ ১১ বজাত অনুষ্ঠিত হয় প্ৰতিনিধি সভা আৰু সাধাৰণ সভা।

ৰাজ্যখনৰ ২৭ খন জিলাৰ প্ৰতিনিধি, মণ্ডলৰ সভাপতি আৰু সম্পাদকৰ লগতে প্ৰতিটো মিডিয়া হাউছৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অধিৱেশনত ৰাজ্যখনৰ সাংবাদিকসকলৰ দা-দৰমহা, আৰ্থিক নিৰাপত্তা, জীৱন বীমা, পেঞ্চন, চৰকাৰী স্বীকৃতিৰ পৰিচয় পত্ৰ প্ৰদান আদি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। বিশেষকৈ ৰাজ্য চৰকাৰে চলিত বছৰৰ সাংবাদিক পেঞ্চন বন্ধ কৰি ৰখা বিষয়টো আলোচনা হয়। সভাই শীঘ্ৰেই সাংবাদিক পেঞ্চন মুকলি কৰি দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীয়ূষ হাজৰিকাক পদক্ষেপ ল’বলৈ আহ্বান জনায়।

আনহাতে ৰাজ্যখনৰ সাংবাদিকৰ জীৱন বীমা আঁচনীখন শীঘ্ৰেই আৰম্ভ কৰিবলৈও চৰকাৰক আহ্বান জনায় প্ৰস্তাৱ গ্ৰহণ কৰে। বৰ্তমান সময়ত ৰাজ্যখনৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠান, মফছলীয় সাংবাদিকসকলৰ আৰ্থিক অৱস্থা শোচনীয় আৰু সাংবাদিক সকলো শোষিত বঞ্চিত শ্ৰেণীৰ ভিতৰত অন্যতম বুলি অভিহিত কৰি সাংবাদিকসকলৰ আৰ্থিক নিৰপত্তাৰ দিশটো গুৰুত্ব দিবলৈও চৰকাৰক আহ্বান জনায়।

প্ৰতিনিধি সভাত আলোচনাত অংশগ্ৰহণ কৰি গোৱালপাৰা জিলা সমিতিৰ সভাপতি ৰবিউল হক, ওদালগুৰি জিলাৰ সভাপতি অখিল কলিতা, সম্পাদক মোছাদ্দিক হুছেইন, কামৰূপ মহানগৰ জিলাৰ সভাপতি বিকাশ দাস, নগাঁও জিলাৰ সভাপতি কনক হাজৰিকা, সম্পাদক ভাস্কৰ জোতি মেধি, ডিব্ৰুগড় জিলাৰ সভাপতি আৰন্ধৰা, লখিমপুৰ জিলাৰ সভাপতি কুমুদ বৰুৱা, ধেমাজি জিলাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ, সম্পাদক জীৱন কোৱৰ , ধুবুৰী জিলাৰ সভাপতিৰ আশিকুৰ ৰহমান, বৰপেটা জিলাৰ সভাপতি চাহেদ আলি আহমেদ , সম্পাদক জহিদুল ইচলাম, বজালীৰ সভাপতি চৌধুৰী, শালমাৰা মানকাচাৰ জিলাৰ উপদেষ্টা মনোৱাৰ হুচেইন, দৰং জিলা সমিতিৰ সভাপতি প্ৰদিপ ঘোষ, সম্পাদক লক্ষীনন্দন কলিতাই সাংবাদিকসকলৰ বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানৰ বিষয়ে কয়।

বাৰ্তাজীৱী সংঘৰ সম্পাদক মুকুট ৰাজ শৰ্মাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা সভাত নৱ নিৰ্বাচিত সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা ৩০ ডিচেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংঘৰ সাধাৰণ নিৰ্বাচনত মধুসুদন মেধিক সভাপতি, অঞ্জন কুমাৰ শৰ্মাক উপ সভাপতি আৰু মুকুট ৰাজ শৰ্মাক সাধাৰণ সম্পাদক, নৱনীতা কলিতাক কোষাধ্যক্ষ, বশিষ্ঠ দেৱ ফুকনক সাংগঠনিক সম্পাদক, হেমন্ত বৰ্মনক কায্যালয় সম্পাদক, অখিল কলিতাক প্ৰচাৰ সম্পাদক আৰু ভূবন চেতিয়া, ভাস্কৰ শৰ্মা, প্ৰদীপ বৰ্মন, তৰণী কলিতা, সোনাধৰ ডেকা, অশ্বিনী দুৱৰা, যতীন ভাগৱতী, প্ৰশান্ত মোদকক লৈ ১৫ জনীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতি নিৰ্বাচন কৰা হৈছে। সভাত নৱ নিৰ্বাচিত সভাপতি মধুসূদন মেধিয়ে বক্তব্য আগবঢ়াই অসম বাৰ্তাজীৱী সংঘই অসমৰ সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্তি আৰু অধিকাৰৰ হৈ কাম কৰি যাব বুলি কয়।

Leave A Reply