Breaking

শিশুসকলক লৈ সমাজৰ জ্যেষ্ঠ সকলে সপোন দেখেঃ চতুৰ্থ শিশু গ্ৰন্থ উৎসৱৰ উদ্বোধনী অনুষ্ঠানত ড৹ অসীম চুতীয়া

0 31

“শিশুসকলক লৈ সমাজৰ জ্যেষ্ঠসকলে সপোন দেখে। সেয়েহে জেষ্ঠ সকলে শিশুসকলৰ শক্তিশালী বিকাশৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ সদায় প্ৰয়াস কৰে । গ্ৰন্থ উৎসৱৰ আয়োজনো তেনে এক দায়বদ্ধতাৰ পৰিচায়ক। ” শিৱসাগৰ জিলাৰ বকতা খামুনত অধ্যয়ন চক্ৰ, বকতা , বকতা-বাখৰ বেঙেনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত, বিদ্যাকুঞ্জ জাতীয় বিদ্যালয়ৰ আতিথ্যত আয়োজিত চতুৰ্থ শিশু গ্ৰন্থ উৎসৱ উদ্বোধন কৰি এই মন্তব্য কৰে বিশিষ্ট লেখক-সমালোচক ড৹ অসীম চুতীয়াই।

উদিত বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা উদ্বোধনী অনুষ্ঠানত তেখেতে আৰু কয় যে মানুহৰ জীৱনটো ইমান দীঘলীয়া নহয় যে সকলো কিতাপ পঢ়ি শেষ কৰিব পাৰিম। সেয়েহে ছাত্ৰ-ছাত্ৰী সকলে শিক্ষক বা অভিভাৱকৰ তত্ত্বাৱধানত কিতাপ নিৰ্বাচন কৰি পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে।

অনুষ্ঠানটি ইয়াৰ পূৰ্বে পুৱা গ্ৰন্থ উৎসৱৰ দ্বাৰ উদ্ঘাটন কৰে বিশিষ্ট সমাজকৰ্মী অৰুণ দিহিঙ্গীয়াই। উদযাপন সমিতি , অধ্যয়ন চক্ৰ, বকতা আৰু বকতা-বাখৰ বেঙেনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ পতাকা উত্তোলন কৰে ক্ৰমে গিৰিন্দ্ৰ নাথ শইকীয়া, উদিত বৰুৱা আৰু ভূৱন দিহিঙ্গীয়াই।

স্মৃতি তৰ্পন কৰে বকতা-বাখৰ বেঙেনা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক পূৰ্ণানন্দ ঘৰফলীয়া আৰু অধ্যয়ন চক্ৰ, বকতাৰ মুখ্য সম্পাদক উমেশ মহনে। উল্লেখ্য যে গ্ৰন্থ উৎসৱৰ উদ্বোধনী অনুষ্ঠানতেই লেখিকা পৰিমিতা গগৈ দিহিঙ্গীয়াৰ শিশু উপন্যাস ‘এদিম ছেদিম বাই’ উন্মোচন কৰে ড৹ অসীম চুতীয়াই।অনুষ্ঠানটি আঁত ধৰে নবনীত হাজৰিকাই।

আনহাতে গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে জনপ্ৰিয় কুইজ পৰিচালক ব্ৰজেন বড়াই। প্ৰতিযোগিতাৰ প্ৰথম আৰু তৃতীয় স্থানত সোণাৰী জাতীয় বিদ্যালয় আৰু দ্বিতীয় স্থান লাভ কৰে বিদ্যাভৱন, ডিমুৱালে।

ইফালে বিয়লি অনুষ্ঠিত ‘অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ ‘ শীৰ্ষক বিষয়ত বক্তৃতা আগবঢ়াই লেখক-সাহিত্যিক ভৰত সন্দিকৈয়ে । আনহাতে ‘ৰং ৰং নানা ৰং’ শীৰ্ষক এটি বিচিত্ৰানুষ্ঠানত গীত,নৃত্য পৰিৱেশন কৰে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে।

Leave A Reply