Breaking

মৰিগাঁও জিলাৰ জালুগুটিত একশৰন ভাগৱতী সমাজৰ ৫১ তম অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন অনুষ্ঠিত হৈছে।

0 2,046

মৰিগাঁও জিলাৰ  জালুগুটিত একশৰন ভাগৱতী সমাজৰ ৫১ তম অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ অহা ১২ ফেব্ৰুৱাৰীৰ পৰা পাঁচ দিনীয়া কৈ অনুষ্ঠিত কৰা হৈছে। একশৰন  ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ একনিষ্ঠ সেৱক,মহাপালনামৰ সাধক শংকৰদেৱ বঁটা প্ৰাপ্ত প্ৰয়াত ইলাৰাম দাসৰ জন্ম স্থান তথা একশৰন ভাগৱতী সমাজ, অসমৰ কেন্দ্ৰীয় কাৰ্যালয় জালুগুটিত বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰম মঙ্গলময় অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ আয়োজন কৰা হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পূৱা ৫ বজাত প্ৰাতঃপ্ৰসংগ, ৮ বজাত ধৰ্মধ্বজা উত্তোলন,৯ বজাত বৃক্ষৰোপণ,৯-৩০ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা। বিয়লি ১ বজাত ভকত আদৰণি, ৩ বজাত আচাৰ্য প্ৰণাম,৩-৩০ বজাত সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰতিনিধিৰ সাধাৰণ সভা। সন্ধিয়া ৬ বজাত জপ-যজ্ঞ অনুষ্ঠিত কৰা হ’ব। ১৩ ফেব্ৰুৱাৰী দ্বিতীয় দিনাৰ কাৰ্যসূচী মতে পূৱা ৪ বজাত শৰাই অৰ্চনা আৰু প্ৰাতঃপ্ৰসংগ, ৫ বজাত খোল প্ৰসংগ,৬ বজৰ  পৰা অষ্টপ্ৰহৰ জুৰি অখণ্ড মহাপালনাম কীৰ্তন মহোৎসৱৰ আৰম্ভণি কৰা হৈছে । সমান্তৰাল কৈ গুণমালা আৰম্ভ কৰা হ’ব। সন্ধিয়া ৭ বজাত সান্ধ্যপ্ৰসংগ। ১৪ ফেব্ৰুৱাৰী দেওবাৰে পূৱা ৬ বজাত মহাপালনাম মহোৎসৱৰ সামৰণি আৰু কৃপা প্ৰাৰ্থনা। পূৱা ৭ বজাত ভাগৱত শোভাযাত্ৰা,১০ বজাত প্ৰসাদ বিতৰণ কৰা হ’ব। বিয়লি ২ বজাত নামকীৰ্ত্তন। নিশা ৮ বজাত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। ১৫ ফেব্ৰুৱাৰীত পূৱা ১০ বজাত শৰণ- ভজন শিবিৰ। ১৬ ফেব্ৰুৱাৰী শেষৰ দিনা পূৱা ১০ বজাত মালাবস্ত প্ৰদান শিবিৰ আৰু সন্ধিয়া ৪ বজাত ধৰ্মধ্বজা অবতৰণ আৰু মহাপালনাম কীৰ্তন মহোৎসৱৰ সামৰণি পৰিব ।

Leave A Reply