Breaking

বিশিষ্ট সাহিত্যিক ‘ ৰঞ্জু হাজৰিকা’লৈ নন্দন কাননৰ ষষ্ঠ সংখ্যক কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা ঘোষণা

0 18

ৰাজ্যখনৰ জনপ্ৰিয় ৰহস্য আৰু শিশু সাহিত্যিক ৰঞ্জু হাজৰিকালৈ আগবঢ়োৱা হৈছে শোণিতপুৰ জিলাৰ নন্দন কাননৰ ষষ্ঠ সংখ্যক কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটা। অহা ১১ মে তাৰিখে সন্ধিয়া ৭ বজাত নন্দন কানন সংগীত বিদ্যালয়ৰ বিশেষ অনুষ্ঠানত বিশিষ্ট সাহিত্যিক গৰাকীক ২০২৪ বৰ্ষৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটাটি প্ৰদান কৰা হ’ব।

বিহগুৰি মৌজাৰ টুমুকী গাঁ‌ৱৰ ‘যুৰীয়া আহত প্ৰাথমিক বিদ্যালয়’ৰ ৰংগমঞ্চৰ ৰঙালী বিহু সন্মিলনৰ মঞ্চত এই বঁটা প্ৰদান কৰা হ’ব। উল্লেখ্য যে, কেইবা দশক ধৰি অসমীয়া সাহিত্যত ৰহস্য উপন্যাস সৃষ্টিৰে ৰহস্য সম্ৰাট হিচাপে খ্যাতি লাভ কৰা বিশিষ্ট সাহিত্যিক ৰঞ্জু হাজৰিকাই ধাৰাবাহিক ভাৱে সাহিত্য চৰ্চা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে। পশ্চিম তেজপুৰৰ অন্যতম প্ৰাচীন শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান নন্দন কানন সংগীত বিদ্যালয়ে উল্লিখিত বঁটা দ্বিবাৰ্ষিক হিচাপে ২০১৪বৰ্ষৰ পৰা অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু সমাজকৰ্মীলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক আগবঢ়াই আহিছে। এই বঁটাত মান পত্ৰ, ফুলাম গামোচা, জাপি, চেলেং স্মাৰক আৰু নগদ ২০ হেজাৰ টকা প্ৰদান কৰা হয়।

২০১৪ বৰ্ষত বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী,২০১৬ বৰ্ষত সুলেখক আৰু চিন্তাবিদ ময়ূৰ বৰা,২০১৮ বৰ্ষত বিশিষ্ট সাংবাদিক তথা বৰ্তমানৰ ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞা ২০২০ বৰ্ষত গণশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু ২০২২ বৰ্ষত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক প্ৰদান কৰা হৈছিল বুলি সংবাদ বিবৃতিত উল্লেখ কৰিছে নন্দন কানন সংগীত বিদ্যালয়ৰ প্ৰচাৰ সম্পাদক অনুপ অসমীয়াই।

Leave A Reply