Breaking

জোনাইত তিনি মিচিং জাতীয় সংগঠনৰ যৌথ সভা উদ্যোগত বৃহৎ নাগৰিক সভা…

0 67

জোনাইত তিনি মিচিং জাতীয় সংগঠনৰ যৌথ সভা উদ্যোগত বৃহৎ নাগৰিক সভা৷
ষষ্ঠ অনুসূচি আৰু জাতিটোৰ জাতীয় উৎসৱ আ:লি আ:য়ে লৃগাঙক ৰাজ্যিক বন্ধ হিচাপে ঘোষণাৰ দাবী৷


অসমৰ দ্বিতীয় বৃহৎ ভুমিপুত্ৰ মিচিং জনগোষ্ঠীৰ জাতীয় ছাত্ৰ সংগঠন টি এম পি কে ,এম এম কে, টি এম এম কে জ’নাই জিলা কমিটিৰ যৌথ উদ্যোগত জ’নাই বালিকা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ষষ্ঠ অনুসুচীত আৰু আলি আ:য়ে লৃগাং সন্দৰ্ভত শনিবাৰে অনুষ্ঠিত কৰা হয় এক গুৰুত্বপূৰ্ণ নাগৰিক সভা৷ সভাত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অধীনত মিচিং স্বায়ত্ব শাসিত পৰিষদৰক অন্তৰ্ভুক্ত কৰা আৰু আলি আ:য়ে লৃগাং সম্পর্কে বিশদ ভাবে আলোচনা কৰা হয়৷ টি এম পি কেৰ জ’নাই জিলা কমিটিৰ সভাপতি সঞ্জয় কুম্বাং আৰু জ’নাই জিলা টি এম এম কেৰ সভানেত্ৰী দীপিকা দলেৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্ধোধনী ভাষন আগবঢ়াই টি এম পিকেৰ উপদেষ্টা ৰাজকুমাৰ মৰাঙে ৷


সভাত জোনাই বিধায়ক ভূৱন পেগুৱে অংশগ্ৰহণ কৰি কয় মিচিং স্বায়ত্ব শাসিত পৰিষদক সাংবিধানিক স্বীকৃতি প্ৰদান কৰি মিচিং অঞ্চলৰ উন্নয়নৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে লৈ জাতিটোক শক্তিশালী কৰিব লাগে বুলি যি দাবী ৰাইজে কৰি আহিছে আৰু অসম চৰকাৰৰ লগত যিখিনি দাবী আছে তাক লৈ আজি বিশদবাবে আলোচনা কৰা হৈছে বুলি কৈ মিচিং স্বায়ত্ব শাসিত পৰিষদৰক ভাৰতীয় সংবিধানৰ অধীনত ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত চৰকাৰৰ পদক্ষেপ আৰু ইতিমধ্যে অসম চৰকাৰে আলি আ:য়ে লৃগাঙক দহখন জিলাত চৰকাৰী বন্ধৰ ঘোষনা আৰু বাকী জিলাত ৰেষ্ট্ৰিকটেট বন্ধ হিচাপে ঘোষণাক আদৰনি পদক্ষেপ বুলি কয় আৰু আগন্তুক দিনত সম্পূৰ্ণ চৰকাৰী বন্ধৰ ঘোষনাৰ দাবী অব্যাহত থাকিব বুলি মন্তব্য কৰে৷
ইফালে টি এম পিকেৰ উপদেষ্টা ৰাজকুমাৰ মৰাঙে কয় মিচিং জাতীয় সংগঠনে আগন্তুক দিনত মিচিং ভাষাক মিচিং মাধ্যম হিচাবে আৰু জাতিটোৰ জাতীয় উৎসৱ আ:লি আ:য়ে লৃগাঙক ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰোৱাৰ দাবীত সংগঠন কেইটাই ধাৰাবাহিক ভাবে কৰি আহিছো আৰু আন্দোলনৰ প্ৰচেষ্টা অব্যাহত থকিব বুলি মন্তব্য কৰাৰ লগতে বৰ্তমান এচামে জাতিটোৰ জাতীয় উৎসৱ আ:লি আ:য়ে লৃগাঙত চৰকাৰে ঘোষণা কৰা বন্ধৰ জাতীয় সংগঠনৰ বিপক্ষে যি পন্থা হাতত লৈছে , তাক লৈ তীব্ৰ ভাষাৰে সমালোচনা কৰি টি এম পি কে উপদেষ্টা গৰাকীয়ে পুনৰ কয় তেনে পন্থা নোনোৱাকৈ জাতিটোক একগোট হৈ থাকিব লাগে মিচিঙৰ প্ৰত্যেকটো জাতীয় সংগঠনে মিচিং জাতিটো উত্তৰণৰ দিশত যি কোনো কাৰ্য হাতত লবলৈ প্ৰস্তুত আছে বুলি কয়”৷

সভাত প্ৰাক্তন টি এম পিকে সভাপতি তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মিগাং নৰেশ কুম্বাং , টি এম পিকেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, টি এম পিকেৰ সম্পাদক মিগাং চান দঞি পাংগিং, এম এম কেৰ মিমৌ সভানেত্ৰী গীতাঞ্জলী বৰি পাতিৰ , সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং পেগু, সহকাৰী সম্পিদিকা কৰবী পেগু, জোনাই জিলাৰ সভানেত্ৰী দিপিকা পেগু, সম্পাদিকা ভিৰতী চুংক্ৰাং, সাংস্কৃতিক সম্পাদিকা বিনিতা চাৰহ ,টিএমপিকেৰ প্ৰাক্তন সভাপতি কাৰ্মুক পেগু, জোনাই বিজ্ঞান মহাবিদ্যালয় অধ্যক্ষ ডা৹ ৰাজেশ্বৰ পেগু, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক কুমাৰ দলে, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত জন্মেজয় আগৰৱালা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মনেশ্বৰ কাৰ্দং নবীন পাতিৰ, পূৱ জোনাই জিলা পৰিষদ অতুল পেগু, পুৰণা জেলম মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসপ্ৰাপ্ত মাধৱ চন্দ্ৰ পাৱ, অৱসৰ প্ৰপ্ত শিক্ষয়িত্ৰী গুনৱতী বৰি টিএমপিকেৰ জোনাই জিলাৰ সমিতি, শতাধিক জেষ্ঠ নাগৰিক , বুদ্ধিজীৱী, লেখক উপস্থিত থাকে

গৌতম পেগু, জোনাই
২/১২/২৩

Leave A Reply