জাংগল থিয়েটাৰৰ জনক প্রবীণ শইকীয়াৰ সোঁৱৰণত সপ্তম অৰণ্য দ্য জাংগল থিয়েটাৰ ফেষ্টিভেল-২৪
- দেশৰ আগশাৰী নাট্যদলৰ যোগদান
বিশিষ্ট নাট্য সাধক গহপুৰ বৰঙাবাৰীৰ প্ৰবীণ শইকীয়াৰ সোঁৱৰণত বাট থিয়েটাৰৰ উদ্যোগত সপ্তম অৰণ্য দ্য জাংগল থিয়েটাৰ ফেষ্টিভেল-২৪ অনুষ্ঠিত হয়। যোৱা ৯ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গহপুৰ মহকুমাৰ বৰঙাবাৰী ভকতচুক গাঁৱত আয়োজিত সপ্তম অৰণ্য দ্য জাংগল থিয়েটাৰ ফেষ্টিভেল-২৪ এইবেলি এই ব্যতিক্ৰমী নাট্য ধাৰাৰ প্ৰৱৰ্তক, নাট্যকাৰ, অভিনেতা প্ৰবীণ শইকীয়াৰ সোঁৱৰণত ৰূপায়িত হয়। যোৱা বৰ্ষত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ অকালতে মৃত্যুক আঁকোৱালি লোৱা শিল্পীগৰাকীৰ পত্নী তথা নাট্যসাধক কিৰণ লিম্বু শইকীয়াৰ তত্ত্বাৱধানত সপ্তমবাৰৰ বাবে ব্যতিক্ৰমী মঞ্চত দ্য জাংগল থিয়েটাৰ অনুষ্ঠিত হয়। ৯ আৰু ১০ মার্চত বৰঙাবাৰীৰ নৱপুৰ, ভকতচুকত অনুষ্ঠিত এই ফেষ্টিভেলৰ সন্ধিয়া বৰেণ্য শিল্পী প্ৰবীণ শইকীয়াৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰ পাছতে সন্ধ্যা ৭-৩০ বজাত নাট্য মহোৎসৱ উদ্বোধনী অনুষ্ঠান ৰূপায়ণ কৰা হয়। উদযাপন সমিতিৰ সম্পাদক পল্লৱ বৰাই আঁতধৰা অনুষ্ঠানত প্ৰথম দিনাৰ মঞ্চ উদ্বোধন

কৰে অসম সাহিত্য সভাৰ নাট্য সন্মিলন উপ-সমিতিৰ আহ্বায়ক তথা বিশিষ্ট নাট্যকাৰ দিলীপ কুমাৰ শৰ্মাই। তাৰ পাছতে প্ৰবীণ শইকীয়াৰ স্মৃতিচাৰণ কৰে যাদৱ চলিহাই। জাংগল থিয়েটাৰ ফেষ্টিভেলৰ প্ৰথম দিনা সন্ধ্যা ৭.৪৫ বজাত প্রথম নিশাৰ নাট্য মঞ্চ মুকলি অনুষ্ঠানৰ পাছতে ৮ বজাৰ পৰা নাটক মঞ্চায়ন হয়। প্রথম নিশাৰ প্ৰথমখন নাটক ‘অনুজ্ঞা পত্র’ মঞ্চায়ন হয়। ছাদাত্ হাচান মণ্টৰ কাহিনী আৰু বিকাশ দাসৰ নাট্যৰূপ-পৰিচালনাৰে গুৱাহাটীৰ ছিগালৰ শিল্পীসকলে মঞ্চস্থ কৰে। বিশ্বনাথ চাৰিআলিৰ বর্ণমৰ শিল্পীসকলে হিল্লোল কুমাৰ পাঠকৰ ৰচনা আৰু কুশল ডেকাৰ পৰিচালনাত ‘অম্বিকা গাথা’ নাটকখনি মঞ্চস্থ হয়। তাৰ পাছতে সতীশ কুমাৰৰ ৰচনা আৰু পৰিচালনাৰে স্বতন্ত্র থিয়েটাৰ, পুনে, মহাৰাষ্ট্ৰৰ শিল্পীসকলে ‘অশ্বত্থামা’ নামৰ এখনি ব্যতিক্ৰমী নাটক মঞ্চস্থ কৰি দৰ্শকক আমোদ দিয়ে। প্ৰথম নিশাৰ শেষৰখনি নাটক ‘অত-ভূত’ বাট থিয়েটাৰৰ দ্বাৰা শিল্পীসকলে মঞ্চায়ন কৰে। এই নাটকখনিৰ ৰচনা আৰু পৰিচালনা পংকজ ময়ুৰ বৰাৰ।

ঠিক সেইদৰে দ্বিতীয় দিনা সন্ধ্যা ৬.৩০ বজাত নাট্য মঞ্চ উদ্বোধন কৰে বিশিষ্ট অভিনেত্ৰী চিমী গোস্বামীয়ে। বিশিষ্ট নাট্যকাৰ তথা পৰিচালক প্ৰবীণ শইকীয়াৰ স্মৃতিচাৰণ কৰে ছয়দুৱাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট লেখক ড০ অঞ্জন কুমাৰ ওজা আৰু বিশিষ্ট নাট্যকাৰ বিপ্লৱজ্যোতি ভূঞাই। বিপ্লৱ বৰাৰ ৰচনা আৰু দেৱব্ৰত কাকতিৰ পৰিচালনাত ‘ঈশ্বৰৰ সন্ধানত’ নামৰ নাটকখনি বিহপুৰীয়াৰ ৰুদ্ৰাক্ষ নাট্যগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰাৰ পাছতে মধ্য ছয়দুৱাৰ আঞ্চলিক মইনা পাৰিজাতৰ কণ কণ শিল্পীসকলে পংকজ ময়ুৰ বৰাৰ ৰচনা আৰু পৰিচালনাৰে ‘ছাৰ, ধুনীয়া ৰামধেনু’ নাটখনি মঞ্চস্থ কৰা হয়। তাৰ পাছতে নগাঁৱৰ নিবেদন নাট্যগোষ্ঠীৰ শিল্পীসকলে জ্যোতি প্রসাদ ভূঞাৰ ৰচনা আৰু পৰিচালনাৰে ‘মই এটি দিনৰ জোনাকী’ মঞ্চস্থ কৰা হয়। উল্লেখ্য যে বাট থিয়েটাৰ, বৰঙাবাৰীয়ে ১৯৯৪ চনৰ পৰা নিৰবিচিছন্নভাবে নাট্য অনুশীলনৰ পৰিবেশন আৰু আধুনিক নাট্যধাৰাৰ প্ৰসাৰৰ প্ৰয়াস অব্যাহত ৰাখিছে। বাট থিয়েটাৰ তথা জাংগল থিয়েটাৰৰ জনক প্রয়াত নাট্যকর্মী প্রবীণ শইকীয়াৰ নেতৃত্বত ২০১৭ চনৰ পৰা অৰণ্য-দ্য জাংগল থিয়েটাৰ ফেষ্টিভেলৰ যোগেদি প্ৰছেনিয়াম থিয়েটাৰ শৈলীৰ পৰা আঁতৰি আহি এক অৰণ্যৰ পৰিবেশত নাট নিবেদন কৰিবলৈ প্ৰয়াস কৰি আহিছে। এই বৰ্ষত সপ্তম বাৰৰ বাবে ৰূপায়ণ হোৱা এই নাট্য কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে সিদ্ধেশ্বৰ হাজৰিকাক সভাপতি, কিৰণ লিম্বু শইকীয়াক সম্পাদিকা হিচাপে লৈ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

