Breaking

সপ্তম যোৰহাট অপেন আছাম ষ্টেট ছুইমিং চেম্পিয়নশ্বিপৰ সফল সামৰণি

0 97

২৬ আৰু ২৭ আগষ্ট তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় সপ্তম আছাম ষ্টেট ছুইমিং চেম্পিয়নশ্বিপ। যোৰহাট ছুইমিং চচাইটিৰ উদ্যোগত অসম সাঁতোৰ সংস্হাৰ পৃষ্ঠপোষকতাত আয়োজিত প্ৰতিযোগিতাখনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৩৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

অসমৰ সাঁতোৰ প্ৰতিযোগীসকলৰ মাজত প্ৰতিযোগিতা মূলক পৰিবেশ সৃষ্টি কৰি ন ন প্ৰতিভা ৰাষ্ট্ৰীয় পৰ্যায়ত পঠিওৱা। দেওবাৰে বিয়লি অসম সাঁতোৰ সংস্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসৰ বলিষ্ঠ নেতৃত্বত প্ৰতিযোগিতাখনিৰ ১২৪ ইভেণ্ট সফলতাৰে সম্পন্ন হয়।

আয়োজক যোৰহাট দলে ৫৪ টা সোণ, ২৪ টা ৰূপ, ৫০ টা ব্ৰঞ্জ পদক সহ সৰ্বমুঠ ১২৮ টা পদক জয়ৰে দলীয় খিতাপ দখল কৰে। ১১ টা সোণ, ২০ টা ৰূপ, আৰু ১৪ টা ব্ৰঞ্জ মুঠ ৪৫ টা পদকৰে দ্বিতীয় স্হান দখল কৰে শিৱসাগৰ দলে ।


সপ্তম যোৰহাট অপেন আছাম ষ্টেট ছুইমিং চেম্পিয়নশ্বিপত
গ্ৰুপ চেম্পিয়ন :
পুৰুষ অপেন শাখা: চেণ্টিউইন গগৈ(যোৰহাট) আৰু বৰ্ণিল চৌধুৰী (গোলাঘাট)
মহিলাৰ অপেন শাখা : সম্প্ৰীতি বৰা (শিৱসাগৰ)
ল’ৰা – গ্ৰুপ ১ : অংশুমান কাশ্যপ (যোৰহাট)
ছোৱালী- গ্ৰুপ ১ : দৰ্শিতা বৰা (যোৰহাট)
ল’ৰা-গ্ৰুপ ২ : নিবিৰ হাজাৰিকা (যোৰহাট)
ছোৱালী-গ্ৰুপ ২ : মধুপ্ৰিয়া গগৈ আৰু ভূমিকা কাশ্যপ (যোৰহাট)
ল’ৰা- গ্ৰুপ ৩ : সুবাশিষ বৰদলৈ (শিৱসাগৰ)

ছোৱালী- গ্ৰুপ ৩ : সমৰিদ্ধি কৌশিক (যোৰহাট )

ল’ৰা- গ্ৰুপ ৪ : আয়ান মোহন (চৰাইদেউ)

ছোৱালী- গ্ৰুপ ৪ : প্ৰতিক্ষ্যা বৰা (তেজপুৰ )

ল’ৰা- গ্ৰুপ ৫ : প্ৰাণ জ্যোতি হাজাৰিকা (তেজপুৰ )

ছোৱালী- গ্ৰুপ ৫ : ভাৰ্গৱী শৰ্মা (তেজপুৰ )। এই প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাৰ বাবে সাম্ভাব্য খেলুৱৈসকলক চিনাক্ত কৰা হৈছে বুলি অসম সাঁতোৰ সংস্হাৰ তৰফৰপৰা সাংবাদ মাধ্যমক জানিবলৈ দিছে।

Leave A Reply