কাকপথাৰৰ অগ্ৰগনি স্বেচ্ছাসেৱী সংগঠন অভিৰুচি ক্লাৱৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

শিক্ষা,সংস্কৃতি,ক্ৰীড়া,সাহিত্য,কৃষি আদি দিশত কাকপথাৰ অঞ্চলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অগ্ৰগনি ভূমিকা পালন কৰা কাকপথাৰৰ অভিৰুচি ক্লাৱে আজি অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰে৷

এই উপলক্ষে পুৱা অভিৰুচি ক্লাৱৰ সভাপতি তথা উদীয়মান চলচ্চিত্ৰ নিৰ্মাতা জয়চেং জয় দহোতীয়াই পতাকা উত্তোলন কৰাৰ পিচতে স্মৃতি তৰ্পন কৰে সম্পাদক তপন মাহাতুৱে৷

ইয়াৰ পিচতে কাকপথাৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা চিত্ৰ প্ৰদৰ্শনী উদ্বোধন কৰে কাকপথাৰৰ বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী অজিত বৰুৱাই৷

ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা কুইজ প্ৰতিযোগিতা উদ্বোধন কৰে কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যলয়ৰ শিক্ষয়ত্ৰী প্ৰাৰ্থনা গগৈয়ে আৰু তৰ্ক প্ৰতিযোগিতা উদ্বোধন কৰে কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি বিজয় দত্তই৷

বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়৷ এই অনুষ্ঠানত অৰ্কিড মেন হিচাপে খ্যাত ক্ষীৰণজিৎ গগৈ উপস্থিত থাকে৷

-হৃষীকেশ দত্ত

Related Articles