Breaking

কাইলৈৰ পৰা ৰঙিয়াত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশন

0 1,266

উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ ৯৩ সংখ্যক অধিৱেশনক কেন্দ্ৰ কৰি হাতীখলা পথাৰত বিৰাজমান হৈছে এক উদুলি-মুদুলি পৰিৱেশ। শুকুৰবাৰৰ পৰা ৰঙিয়াৰ মৰণজানাৰ হাতীখলা পথাৰৰ শঙ্কৰদেৱৰ সমন্বয় ক্ষেত্ৰত আৰম্ভ হ’ব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিৱেশন৷ বৃহস্পতিবাৰৰ পুৱাৰে পৰা এই অধিৱেশনস্থলীৰ শিৱিৰ ভৰি পৰিছে দূৰ দূৰণিৰ আই-মাতৃ-বাপ, ভকত বৈষ্ণৱেৰে।

ইতিমধ্যেই অধিৱেশনস্থলীত অস্থায়ী নাম ঘৰ প্ৰতিষ্ঠা কৰি গুৰু জনাৰ আসন স্থাপন কৰা হৈছে। অধিৱেশনত লক্ষ লক্ষ ভক্তৰ সমাগমৰ লক্ষ্যৰে সকলো যাৱতীয় ব্যৱস্থা সাজু হৈ উঠিছে। লগতে অধিৱেশনত দূৰ-দূৰণিৰ পৰা আহিব লগা ভকত বৈষ্ণৱক আদৰিবলৈ আদৰণি সমিতি সাজু হৈছে ৷

অধিৱেশন সাফল্য কৰি তুলিবলৈ গঠন কৰা ৩৫ খন শক্তিশালী উপ সমিতিয়ে দিনে নিশাই কাম কাজৰ বুজ লৈছে অধিৱেশনস্থলীৰ।

ইফালে অধিবেশনস্থলীৰ ভোজনালয়ত ৩০০টা চৌকা ৩০০ গৰাকী ৰান্ধনীৰ বিপৰিতে ২০০০ গৰাকী বিতৰণ কৰ্মী সাজু হৈ আছে৷ একেলগে বহি ১০ হেজাৰ ভক্তক অন্ন প্ৰদান কৰিব পৰাকৈ ভোজনালয় নিৰ্মাণ সম্পূৰ্ণ সাজু কৰা হৈছে ৷

বৃহস্পতিবাৰে হাতীখলা পথাৰত বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃ বাপ ভকত বৈষ্ণৱসকল উপস্থিত হয়। নিৰ্মাণ হৈ উঠিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তি, মুল মণ্ডপৰ সন্মুখত মহাবীৰ চিলাৰায়ৰ তোৰণৰ লগতে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুখন তৈলচিত্ৰৰ উপৰিও বিশাল আকাৰৰ শৰাই।

অভিমন্যুৰ চক্ৰবেহুৰ ভেদ চাবলৈ ইতিমধ্যে প্ৰদৰ্শনী মেলাত দিনে সন্ধিয়া সময়ত দৰ্শকৰ বিৰ দি বাট নোপোৱা  অৱস্থা পৰিলক্ষিত হয়‌। মুঠৰ ওপৰত জনসমুদ্ৰত পৰিগণিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ হাতীখলা পথাৰৰ সমন্বয় ক্ষেত্ৰ।


-নয়নজ্যোতি তালুকদাৰ, ৰঙিয়া

Leave A Reply