ঘোষণা হ’ল ৯৫ সংখ্যক অস্কাৰ! ভাৰতৰ দুখন ছবি অৰ্থাৎ RRR চলচ্চিত্ৰৰ ‘নাটু নাটু’ আৰু ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’য়ে লাভ কৰে অস্কাৰৰ সন্মান…

পুৱাই ভাৰতবাসীৰ বাবে এক ভাল খবৰ। দুটাকৈ অস্কাৰৰ বঁটা আহিল ভাৰতলৈ। ভাৰতীয় সময় অনুসৰি আজি অৰ্থাৎ ১৩ মাৰ্চৰ পুৱা ৫:৩০ বজাৰ পৰা অস্কাৰ বঁটা আৰম্ভ হয় আৰু এই সন্মানীয় বঁটা অনুষ্ঠানত বহু শিল্পী আৰু ছবিৰ প্ৰশংসা কৰা হয়। ইয়াৰ ভিতৰত আছিল দুখন ভাৰতীয় ছবি যিয়ে এই বছৰ অস্কাৰ বঁটা লাভ কৰাই নহয়, দুয়োখন ছবিয়ে ভাৰতৰ বাবে ইতিহাসৰ সৃষ্টি কৰিছে। আহকচোন, এইবাৰ অস্কাৰত ধুমুহাৰ সৃষ্টি কৰা ভাৰতীয় ছবিৰ বিষয়ে জানো…

এইবাৰ অস্কাৰৰ বঁটা অনুষ্ঠান ভাৰতৰ বাবে অতি স্মৰণীয় হৈ পৰিছে। এইবাৰ দুখন ভাৰতীয় ছবিয়ে দ্য একাডেমী বঁটাত জয়ী হৈ ইতিহাস ৰচনা কৰিলে।এইবাৰৰ অস্কাৰত ভাৰতে লাভ কৰা প্ৰথমটো বঁটা ‘শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি’ শিতানত। এই বঁটা কাৰ্তিকী গনছালভেছৰ পৰিচালনা আৰু গুণিত মংগা স্বৰাৰ প্ৰযোজনা ‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’ নামৰ তথ্যচিত্ৰখনক প্ৰদান কৰা হৈছে।

এই খবৰটো নিশ্চয় আপোনালোকে জানিব পাৰিছেই যে এছ এছ ৰজামৌলিৰ ছবি আৰ আৰ আৰৰ ‘নাতু নাতু’ গীতটোৱে এইবাৰ শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত অস্কাৰ লাভ কৰিছে।‘নাতু নাতু’ গীতটোৱে বহু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে আৰু আৰ আৰ আৰ চিনেমাৰ এই গীতটোৱে অস্কাৰও লাভ কৰিছে। এই ছবিখন আপুনি নেটফ্লিক্সত ষ্ট্ৰীম কৰিব পাৰে।

‘দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ’য়ে লাভ কৰিছে ‘শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি’ শিতানত অস্কাৰ। যদি আপুনি এই ছবিখন এতিয়াও চোৱা নাই আৰু চাব বিচাৰে তেন্তে আপোনাৰ নেটফ্লিক্সৰ চাবস্ক্ৰিপচন থাকিব লাগিব কাৰণ এই ছবিখন তাত উপলব্ধ।

Related Articles