Breaking

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ A to Z; সকলোৰে বাবে গুৰুত্বপূৰ্ণ …

0 107

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে ২০২৩–২৪ বৰ্ষৰ সাধাৰণ বাজেট। ১১ বজাত বিত্তমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰে বাজেট ভাষণ। বাজেটত বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। কি আছে নিৰ্মলা সীতাৰমনৰ বাজেটত?

সঠিক পথত দেশৰ অৰ্থনীতি
বিত্তমন্ত্ৰী সীতাৰমনে কয়, বিশ্বই ভাৰতৰ অৰ্থনীতিক স্বীকৃতি দিছে। উজ্জ্বল জ্যোতিষ্ক হিচাপে স্বীকৃতি দিছে ভাৰতক। মহিলা, যুৱশক্তি, কৃষক, OBC, SCক অগ্ৰাধিকাৰ দিয়া হৈছে। সঠিক পথত আগবাঢ়িছে দেশৰ অৰ্থনীতি।

কোভিডৰ সময়ত ৮০ কোটি লোকক বিনামূলীয়া অন্ন যোগান ধৰা হৈছিল। G-20ৰ সভাপতিত্ব দেশৰ বাবে অনন্য সুযোগ বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে বাজেট ভাষণত। দেশত ১১.৭৪ কোটিটা শৌচালয় নিৰ্মাণ কৰা হৈছে। ৯ বছৰত ভাৰত বিশ্বৰ ৫ম বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে।


জনমূৰি আয় ১.৯৭ লাখ টকালৈ বৃদ্ধি
বিত্তমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে যে জনমূৰি আয় ১.৯৭ লাখ টকালৈ বৃদ্ধি হৈছে। দেশত বিনিয়োগৰ বাবে ভাল পৰিৱেশ আহিছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল বিকাশ আঁচনি ঘোষণা বাজেটত। শিল্পী আৰু যুৱ সমাজৰ দক্ষতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে এই বাজেটত।

সপ্তনীতিৰ বাজেট
নিৰ্মলা সীতাৰমনে কয়, ‘‘৭টা নীতিৰ ওপৰত যুগুতোৱা হৈছে এই বাজেট। সপ্তনীতিয়ে ‘গাইড’ কৰিছে বাজেটক। সেই সাতটা নীতি হ’ল সামগ্ৰিক উন্নয়ন, শেষ বিন্দুত উপনীত হোৱা, আন্তঃগাঁথনি আৰু বিনিয়োগ, সম্ভাৱনাৰ বিকাশ কৰা, সেউজ উন্নয়ন, যুৱ শক্তিৰ বিকাশ আৰু বিত্তীয় খণ্ডৰ উন্নয়ন।

চাকৰি সৃষ্টিত চৰকাৰৰ বিশেষ গুৰুত্ব
বিত্তমন্ত্ৰীয়ে কয়, ডিজিটেল লেনদেনত অভিলেখ গঢ়িছে ভাৰতে। চাকৰি সৃষ্টিত চৰকাৰ প্ৰদান কৰিছে বিশেষ গুৰুত্ব। জম্মু–কাশ্মীৰ আৰু উত্তৰ–পূবত বহনক্ষম উন্নয়নত গুৰুত্ব প্ৰদান। ভাৰতৰ মিলেটৰ গ্লোবেল হাব গঢ়াৰ চেষ্টা। আত্মনিৰ্ভৰ ক্লীন কাৰ্যসূচী আৰম্ভ হ’ব বুলিও নিৰ্মলা সীতাৰমনে উল্লেখ কৰে বাজেট ভাষণত।

সীতাৰমনে কয়, ২০১৪ চনৰ পিছত প্ৰতিজন ব্যক্তিৰ আয় দুগুণ হৈছে। ১৫৭খন নতুন নাৰ্ছিং কলেজ হ’ব দেশত। কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ সংখ্যা দুগুণলৈ বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে। শিশু–কিশোৰৰ বাবে নেচনেল ডিজিটেল লাইব্ৰেৰীৰ প্ৰস্তাৱ ৰখা হৈছে বাজেটত।

ৰে’লখণ্ডলৈ ২.৪ লাখ কোটি
কেন্দ্ৰীয় বাজেটত ৰে’ল খণ্ডলৈ ২.৪ লাখ কোটি টকা ঘোষণা কৰা হৈছে। নগৰ উন্নয়নৰ বাবে ৰাজ্যক উৎসাহিত কৰা হ’ব বুলিও উল্লেখ কৰে সীতাৰমনে। ৫০টা বিমান বন্দৰ, হেলিপেড পুনৰ উজ্জীৱিত কৰা হ’ব। ৫০টা অতিৰিক্ত আঞ্চলিক বিমানবন্দৰৰ প্ৰস্তাৱ বাজেটত। এয়া ৰে’লৰ সৰ্বকালৰ সৰ্ববৃহৎ বাজেট।

কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ৩টা কেন্দ্ৰ
বাজেটত কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে চেণ্টাৰ ফৰ এক্সিলেঞ্চৰ প্ৰস্তাৱ। কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ৩টা কেন্দ্ৰৰ প্ৰস্তাৱ। ডিজিটেল ইণ্ডিয়া অনুসৰি KYCৰ উন্নীতকৰণৰ প্ৰস্তাৱ। সকলো ডিজিটেল কামত PAN হ’ব পৰিচয় পত্ৰ। KYC ব্যৱস্থা সৰলীকৰণ কৰা হ’ব। MSMEৰ সকলো বিবাদ মীমাংসা কৰা হ’ব বুলিও বাজেটত প্ৰস্তাৱ।

যোগাযোগ ব্যৱস্থাত অধিক গুৰুত্ব
যোগাযোগ ব্যৱস্থাত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে এইবাৰৰ বাজেটত। 5G এপৰ বাবে ১০০টা লেবৰ প্ৰস্তাৱ দিছে বাজেটত। ডিজি লকাৰৰ তথ্যও হ’ব পৰিচয় পত্ৰ। ই-ক’ৰ্টৰ বাবে ৭,০০০ কোটি টকা ধাৰ্য বাজেটত। ২০৭০ৰ ভিতৰত ০ কাৰ্বন নীতিৰ লক্ষ্য। গ্ৰীণ গ্ৰোথৰ বাবে ১৯,৭০০ কোটি টকা ঘোষণা। ০ কাৰ্বন নীতিৰ বাবে ৩৫ হাজাৰ কোটি টকা বাজেটত।

প্ৰধানমন্ত্ৰীৰ প্ৰণাম কাৰ্যসূচী
ধৰিত্ৰী আইৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰণাম কাৰ্যসূচীৰ কথা বাজেটত ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ। বায়’ গেছ উৎপাদন আৰু ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰা হৈছে। লাডাখত নবীকৰণযোগ্য শক্তিৰ ব্যৱস্থাৰ কথা ঘোষণা বিত্তমন্ত্ৰীৰ। ইয়াৰ বাবে ২০,৭০০ কোটি টকাৰ প্ৰস্তাৱ। আনহাতে, বিকল্প সাৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে। জৈৱ বৈচিত্ৰৰ বাবে হ’যব অমৃত আঁচনি।

ইয়াৰ উপৰি প্ৰদূষণ সৃষ্টিকাৰী পুৰণি বাহন ত্যাগৰ নীতি লোৱা হৈছে বাজেটত। ৩ বছৰত লক্ষাধিক যুৱকক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্য। ৩০টা স্কীল ইণ্ডিয়া কেন্দ্ৰ গঠন হ’ব দেশত।

পৰ্যটনৰ বিকাশত সৰ্বাধিক গুৰুত্ব
পৰ্যটনৰ বিকাশত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছে বাজেটত। প্ৰতিখন ৰাজ্যত ইউনিটী মল গঠনৰ প্ৰস্তাৱ। MSMEৰ বাবে ৯,০০০ কোটি টকাৰ কৰপাছ ফাণ্ড। মিছন মোডত গঠন হ’ব ৫০টা পৰ্যটন ক্ষেত্ৰ। সীমান্ত গাঁৱত পৰ্যটন কেন্দ্ৰ গঠনৰ লক্ষ্য চৰকাৰৰ।

লগতে বেংকিং প্ৰশাসন উন্নীতকৰণ কৰাৰ লক্ষ্য চৰকাৰৰ। বেংকিং ৰেগুলেচন এক্ট সংশোধন কৰা হ’ব। মহিলা সন্মান ছেভিং চাৰ্টিফিকেটৰ ব্যৱস্থা কৰা হ’ব। দুবছৰীয়া হ’ব মহিলা সন্মান ছেভিং চাৰ্টিফিকেট। অমৃত মহোত্‍সৱৰ সৈতে সংগতি ৰাখি এই চাৰ্টিফিকেটৰ ব্যৱস্থা কৰা হ’ব। ২০২৫লৈ মহিলা সন্মান ছেভিংছ চাৰ্টিফিকেট।

জ্যেষ্ঠ নাগৰিকৰ সৰ্বোচ্চ জমাধন বৃদ্ধিৰ প্ৰস্তাৱ
জ্যেষ্ঠ নাগৰিকৰ সৰ্বোচ্চ জমাধন বৃদ্ধি জ্যেষ্ঠ নাগৰিকৰ সৰ্বোচ্চ জমাধন বৃদ্ধিৰ প্ৰস্তাৱ ৰখা হৈছে বাজেটত। ১৫ লাখৰ পৰা ৩০ লাখলৈ বৃদ্ধি জমাধনৰ সীমা। ২০২২–২৩ত ৬.৪ শতাংশ বিত্তীয় ঘাটিৰ অনুমান কৰা হৈছে আৰু ২০২৩–২৪ত বিত্তীয় ঘাটি GDPৰ ৫.৯%ৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে।

কি সামগ্ৰীৰ দাম কমিব, কিহৰ বাঢ়িব?
এই বস্তুবোৰৰ মূল্য বৃদ্ধি হ’ব-
১. আমদানি কৰা ৰূপৰ সামগ্ৰী
২. বিদেশী পাকঘৰৰ চিমনি
৩. এক্স-ৰে মেচিন
৪. প্লেটিনাম
৫. চিগাৰেট
৬. সুৰা
৭. ছাতি
৮. সোণ
৯. হীৰা

দাম কমিব
১. মোবাইল ফোনৰ পাৰ্টছ
২. টিভিৰ পাৰ্টছ
৩. কেমেৰা লেন্স
৪. ক্ৰুড গ্লিছাৰিন
৫. চাইকেল, খেলা সামগ্ৰী

আয়কৰ ৰেহাইৰ সীমা বৃদ্ধি
বাজেটত আয়কৰক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়কৰ ৰেহাইৰ সীমা ৫ৰ পৰা ৭ লাখলৈ বৃদ্ধি কৰা হৈছে। ৬টা ইনকাম শ্লেবৰ ব্যৱস্থা বাজেটত। ৩ লাখ টকালৈ আয়কৰ ৰেহাই। ৩ৰ পৰা ৬ লাখ টকালৈ আয়কৰ ৫%, ৬ৰ পৰা ৯ লাখলৈ আয়কৰ ১০ শতাংশ, ৯ৰ পৰা ১২ লাখ টকাৰ আয়কৰ ১৫ শতাংশ, ১২ৰ পৰা ১৫লাখ টকালৈ আয়কৰ ২০% আৰু ১৫ লাখৰ ওপৰত ৩০ শতাংশ আয়কৰ।

Leave A Reply